এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ দায়িত্বজ্ঞানহীন কাণ্ডঃ বিমান বন্দৰতে যাত্ৰীক এৰি সময়ৰ পূৰ্বেই কৰিলে যাত্ৰা

বিমানখন সময়তকৈ ১০ মিনিট পূৰ্বেই বিমানবন্দৰৰ পৰা উৰণ আৰম্ভ কৰে। ফলত ২০ গৰাকীকৈ যাত্ৰী বিমানবন্দৰত আৱদ্ধ হৈ পৰে। বিমান সংস্থাটোৱে এইক্ষেত্ৰত কোনোধৰণৰ সহায় আগবঢ়োৱা নাছিল বুলিও যাত্ৰীসকলে অভিযোগ কৰে।

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ দায়িত্বজ্ঞানহীন কাণ্ডঃ বিমান বন্দৰতে যাত্ৰীক এৰি সময়ৰ পূৰ্বেই কৰিলে যাত্ৰা

প্ৰতিনিধিত্বমূলক ছবি

Published: 

07 Aug 2025 22:29 PM

শেহতীয়া সময়ছোৱাত দেশত বিমান সেৱা খণ্ডত নানা ঘটনা দেখিবলৈ পোৱা গৈছে। বিমানৰ ভিতৰত যাত্ৰীক দুৰ্ব্যৱহাৰৰ পৰা আৰম্ভ কৰি বোমাৰ ভাবুকিলৈ নানা খবৰে যোৱা কিছুদিনত ব্যাপক চৰ্চা লাভ কৰিছে। আজি সংঘটিত আন এক আজৱ ঘটনাই সকলোকে আশ্চৰ্যচকিত কৰি তুলিছে। বিমান সংস্থাৰ দায়িত্বজ্ঞানহীন কাণ্ডৰ ফলস্বৰূপে আজি  গুৱাহাটী-বেংগালুৰু অভিমুখী ২০ গৰাকী যাত্ৰী আৱদ্ধ হৈ ৰ’ল চেন্নাই বিমানবন্দৰত। এই যাত্ৰীসকলক সংযোগী বিমানৰ প্রতিশ্রুতি দি সময়তকৈ আগতেই উৰি গ’ল বিমান।

গুৱাহাটী পৰা বেংগালুৰু অভিমুখী এই ২০ গৰাকী যাত্ৰী বলি হয় এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ দায়িত্বজ্ঞানহীন কাণ্ডৰ। বিমান সংস্থাটোৱে সংযোগী বিমানৰ নিশ্চিত প্রতিশ্রুতি দিয়াৰ পাছতো এই যাত্ৰীসকলক চেন্নাই বিমানবন্দৰত এৰি থৈ বিমানখনে সময়ৰ পূৰ্বেই উৰা মাৰে।

জানিব পৰা মতে, গুৱাহাটীৰ পৰা ৰাওনা হোৱা IX2656 নম্বৰৰ বিমানখন আজি পুৱা ১১ঃ২০ বজাত টেকঅফ কৰি বিয়লি ০৩ঃ১০ বজাত চেন্নাই বিমানবন্দৰত অৱতৰণ কৰে। সংস্থাটোৱে কৰা পূর্বৰ ঘোষণা অনুসৰি, এই বিমান যাত্ৰীসকলক চেন্নাইৰ পৰা AI2823 নম্বৰৰ সংযোগী বিমানেৰে বেংগালুৰুলৈ লৈ যোৱাৰ কথা আছিল।

কিন্তু বাস্তৱত দেখা যায় যে AI2823 বিমানখন সময়তকৈ ১০ মিনিট পূৰ্বেই বিমানবন্দৰৰ পৰা উৰণ আৰম্ভ কৰে। ফলত ২০ গৰাকীকৈ যাত্ৰী বিমানবন্দৰত আৱদ্ধ হৈ পৰে। বিমান সংস্থাটোৱে এইক্ষেত্ৰত কোনোধৰণৰ সহায় আগবঢ়োৱা নাছিল বুলিও যাত্ৰীসকলে অভিযোগ কৰে।

বিয়লি ৩ বজাৰ পৰা সন্ধিয়া ৮ বজালৈকে এইদৰে বিমানবন্দৰতে বহি থাকিবলগা হোৱা যাত্ৰীসকলে বিমানবন্দৰ কৰ্তৃপক্ষক লিখিত অভিযোগ দাখিল কৰে। পৰিস্থিতি উত্তপ্ত হোৱাৰ পাছত, নিৰাপত্তাৰক্ষীৰ মধ্যস্থতাত বিমান সংস্থাটোৱে যাত্ৰীসকলৰ বাবে এখন হোটেলত ৰাতি থকাৰ ব্যৱস্থা কৰে।

এই ঘটনাই এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ সংযোগী বিমান ব্যৱস্থাপনাৰ অপৰিকল্পিততা আৰু ভ্ৰমণকাৰীসকলৰ প্ৰতি সহানুভূতিশূন্য মনোভাৱৰ প্রশ্ন পুনৰ এবাৰ উত্থাপন কৰিছে। ভৱিষ্যতে এনে দায়িত্বহীনতাৰ যাতে পুনৰাবৃত্তি নহয়, তাৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবীত যাত্ৰীসকলে সামাজিক মাধ্যমত আৰু সংবাদ মাধ্যমৰ জৰিয়তে দাবী তুলিছে।

মুৰ্গীৰ লিভাৰ খোৱাটো শৰীৰৰ বাবে ভাল বা বেয়া, কি কয় পুষ্টিবিদসকলে?
ৰাখী পিন্ধোৱাৰ সময়ত ভাতৃয়ে কোন দিশত বহিব লাগে? ভুল কৰিলে সৰ্বনাশ!
ওঁঠৰ চাৰিওফালে ক'লা দাগ পৰিছে নেকি? এনেকৈ কৰক আঁতৰ...
আপোনাৰ শোৱা কোঠাত কেলেণ্ডাৰ আছে নেকি? জীৱনত কি প্ৰভাৱ পৰিব পাৰে জানেনে?