তেওঁলোক ‘স্বীকৃতিপ্ৰাপ্ত ভিক্ষাৰী’…. পাকিস্তানক নতুন নাম দিলে আছাদুদ্দিন ওৱাইছিয়ে

সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আজি হায়দৰাবাদৰ সাংসদগৰাকীয়ে কয় যে বিশ্বৰ শক্তিশালী দেশসমূহে পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰ নিষ্ক্ৰিয় কৰাটো নিশ্চিত কৰিব লাগে।

তেওঁলোক স্বীকৃতিপ্ৰাপ্ত ভিক্ষাৰী.... পাকিস্তানক নতুন নাম দিলে আছাদুদ্দিন ওৱাইছিয়ে

সাংসদ আছাদুদ্দিন ওৱাইছি

Updated On: 

11 May 2025 14:31 PM

অত্যাধিক বেয়াৰ দিশে গতি কৰিছে পাকিস্তানৰ অৰ্থনীতি। দুৰ্বল অৰ্থনৈতিক অৱস্থাৰ বাবে আন দেশৰ ওচৰত হাত পাতিবলৈ বাধ্য হৈছে পাকিস্তান। ইফালে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰা ১ বিলিয়ন ডলাৰৰ আৰ্থিক সাহায্য লাভ কৰিছে পাকিস্তানে। ইয়াৰ পাছতে AIMIM ( All India Majlis-e-Ittehadul Muslimeen)ৰ সাংসদ আছাদুদ্দিন ওৱাইছিয়ে পাকিস্তানক কটাক্ষ কৰি “ স্বীকৃতিপ্ৰাপ্ত ভিক্ষাৰী” বুলি উল্লেখ কৰে।

সংবাদ সংস্থা এ এন আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হায়দৰাবাদৰ সাংসদগৰাকীয়ে কয়, “বিশ্বৰ শক্তিশালী দেশসমূহে পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰ নিষ্ক্ৰিয় কৰাটো নিশ্চিত কৰিব লাগে।” ওৱাইচিয়ে কয়, “ওছামা বিন লাডেনে পাকিস্তানত আশ্ৰয় লৈছিল। পশ্চিমীয়া দেশসমূহে বুজিব লাগে যে পাকিস্তান এখন ব্যৰ্থ ৰাষ্ট্ৰ। প্ৰতিখন দেশেই পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰসমূহ নিষ্ক্ৰিয় কৰাটো নিশ্চিত কৰিব লাগে। কাৰণ সমগ্ৰ মানৱ সভ্যতাৰ প্ৰতি ই এক ভাবুকি।”

 

পাকিস্তানে আইএম এফৰ পৰা ১ বিলিয়ন ডলাৰৰ সাহায্য লাভ কৰাৰ খবৰক লৈ ক্ষুব্ধ হৈ পৰিছে সাংসদসকল। আছাদুদ্দিন ওৱাইছিয়ে কয়, “তেওঁলোক (পাকিস্তান) স্বীকৃতিপ্ৰাপ্ত ভিক্ষাৰী। তেওঁলোকে আইএমএফৰ পৰা ১ বিলিয়ন ডলাৰৰ ঋণ লৈছিল। আইএমএফ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি নহয়; তেওঁলোকে পাকিস্তানক আন্তঃৰাষ্ট্ৰীয় উগ্ৰপন্থী পুঁজি দিছে। আমেৰিকা, জাৰ্মানী আৰু জাপানে এই কথাত কেনেকৈ সন্মত হ’ল?… নেতৃত্ব পাহৰি যাওক, তেওঁলোকে (পাকিস্তান) অৰ্থনীতি কেনেকৈ চলাব লাগে সেইটোও নাজানে।”এই ধন কেতিয়াও পাকিস্তানত দৰিদ্ৰতা দূৰ কৰিবলৈ বা পলিঅ’ নিৰ্মূল কৰিবলৈ ব্যৱহাৰ কৰা নহয়।এই ধন কেৱল ভাৰত বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবেহে ব্যৱহাৰ কৰা হ’ব।”

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ তথ্যৰ ভিত্তিত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে

Shani Dev: কি কথাত আৰু কেতিয়া ক্ৰোধিত হয় শনি দেৱ? এইদৰে গম পাব আপুনি...
তালৰ আছে বহু স্বাস্থ্য উপকাৰী গুণ, জানিলে আচৰিত হ'ব আপুনি...
আপোনাৰ ঘৰত মানি প্লেন্টৰ ওচৰত নিলাজী বন আছে নেকি? তেন্তে জানক এয়া শুভ নে অশুভ?
হাড়ৰ বিষো হ'ব পাৰে কৰ্কট ৰোগৰ লক্ষণ! সবিশেষ জানক