মই কেতিয়াও বিমানত উঠিব নোৱাৰিম… ভয়, শংকাত দিন কটাইছে বিমান দুৰ্ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰা আৰিয়ানে

আহমেদাবাদত সংঘটিত হোৱা বিমান দুৰ্ঘটনাৰ ভিডিঅ’ নিৰ্মাণ কৰা ১৭ বছৰীয়া আৰিয়ান স্তম্ভিত হৈ পৰিছে। দুৰ্ঘটনাটোৰ সমগ্ৰ দৃশ্য তেওঁ কেমেৰাত বন্দী কৰিছিল, যিয়ে তেওঁক বেয়াকৈ ভয় খুৱাইছে। দুৰ্ঘটনাটোৰ পিছত গোটেই ৰাতিটো টোপনি নোযোৱা বাবে আৰিয়ানে এই পৰিস্থিতিৰ পৰা আৰোগ্য লাভৰ চেষ্টা চলাই আছে।

মই কেতিয়াও বিমানত উঠিব নোৱাৰিম... ভয়, শংকাত দিন কটাইছে বিমান দুৰ্ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰা আৰিয়ানে

ভয়, শংকাত দিন কটাইছে বিমান দুৰ্ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰা আৰিয়ানে

Updated On: 

15 Jun 2025 | 06:27 PM

১২ জুন, বৃহস্পতিবাৰ ভাৰতৰ বাবে আছিল এটা ক’লা দিন । গুজৰাটৰ আহমেদাবাদত সংঘটিত হোৱা বিমান দুৰ্ঘটনাৰ ভাইৰেল হোৱা ভিডিঅ’টোৱে কঁপাই তুলিছিল সকলোৰে অন্তৰ আত্মা । ভিডিঅ’টোত দেখা গৈছে যে বিমানখন প্ৰথমে ওপৰলৈ উৰি তাৰ পিছত তললৈ নামি গৈ  দুৰ্ঘটনাগ্ৰস্ত হয়। ইয়াৰ পিছত জুইৰ শিখা ওপৰলৈ উঠি যায়। ঘটনাৰ পিছত এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত সৰ্বাধিক ভাইৰেল হৈ পৰে। দুৰ্ঘটনাটোৰ ভিডিঅ’ ৰেকৰ্ডিং কৰা ১৭ বছৰীয়া কিশোৰজনে গোটেই দৃশ্যটো দেখি যথেষ্ট ভয় খাইছিল। কিশোৰজনে কয়, “এই দুৰ্ঘটনাৰ পিছত মই গোটেই জীৱন বিমানত বহিব নোৱাৰিম।”

আহমেদাবাদৰ বাসিন্দা ১৭ বছৰীয়া আৰিয়ানে সদায় চখৰ বাবে বিমানৰ ভিডিঅ’ বনাইছিল। বৃহস্পতিবাৰেও তেওঁ আন দিনাৰ দৰেই এটা স্বাভাৱিক ভিডিঅ’ ৰেকৰ্ডিং কৰি আছিল। আৰিয়ানে ভাবিছিল যে বিমানখন ৰাণৱেত অৱতৰণ কৰিছে, কিন্তু কেইছেকেণ্ডমানৰ পিছত হোৱা বিস্ফোৰণে তেওঁক সম্পূৰ্ণৰূপে জোকাৰি গ’ল।

বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা যথেষ্ট ভয় খাইছিল আৰিয়ানে। শনিবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়, “মই সদায় এবাৰ হ’লেও বিমানত বহিব বিচাৰিছিলো, কিন্তু এই দুৰ্ঘটনাৰ পিছত এতিয়া মই সাহস গোটাব পৰা নাই। মই ভাবো যে এই কাৰণতে মই গোটেই জীৱন বিমানত উঠিব নোৱাৰিম।”

বিমান দুৰ্ঘটনাৰ পিছৰে পৰা আৰিয়ান খুব বিচলিত হোৱা বুলি জনাইছে ভগ্নীয়ে। তেওঁ কয়, “আৰিয়ানে মোক ভিডিঅ’টো দেখুৱাই ক’লে যে তেওঁ ইয়াত থাকিব নিবিচাৰে কাৰণ এয়া বিপদজনক। তেওঁ বৰ ভয় খাইছে । সেইদিনা পৰা তেওঁ ভালদৰে কথা ক’ব পৰা নাই।”

বিমানবন্দৰৰ সমীপত আৰিয়ানৰ ভাড়াঘৰৰ ঘৰৰ মালিকেও আৰিয়ানৰ সমস্যাৰ কথা প্ৰকাশ কৰিছে। তেওঁ কয়, ‘ঘটনাটোৰ পিছত যেতিয়া মই আহিছিলো তেতিয়া দেখিছিলো যে তেওঁ কথা ক’ব পৰা নাই। মই তেওঁক বহুত বুজালো। গোটেই নিশা তেওঁ সাৰ পাই থাকিল। নিমাত হৈ পৰিছে তেওঁ, একো খোৱা নাই।”

উল্লেখ্য যে,  বৃহস্পতিবাৰে দিনৰ প্ৰায় ২ বজাত গুজৰাটৰ আহমেদাবাদত সংঘটিত হয় এই বিমান দুৰ্ঘটনা। এই দুৰ্ঘটনাত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰীকে ধৰি বিমানখনত থকা ২৪২ জন লোকৰ ভিতৰত ২৪১ জন লোকৰ মৃত্যু হয়। ইয়াৰ উপৰিও বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা স্থানত থকা বহু লোকৰ মৃত্যু হৈছে। চৰকাৰী পৰিসংখ্যাৰ কথা ক’বলৈ গ’লে, এই দুৰ্ঘটনাত এতিয়ালৈকে ২৭৫ জন লোকে প্ৰাণ হেৰুৱাইছে।

লগতে পঢ়ক: আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আঁৰত আছিল নেকি সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ? বাবা ৰামদেৱৰ বিস্ফোৰক অভিযোগ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...