৬ মাহ পূৰ্বে বিবাহ , ৩ মাহ ভিছাৰ বাবে অপেক্ষা, স্বামীক লগ কৰিবলৈ যোৱা পথতে বিমান দুৰ্ঘটনাত শেষ হৈ গ’ল জয়শ্ৰী…

গুজৰাটৰ আহমেদাবাদত সংঘটিত হোৱা বিমান দুৰ্ঘটনাত এই পৰ্যন্ত ২৭৪ জনকৈও লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত আছে স্বামীক লগ কৰিবলৈ লণ্ডনলৈ যোৱা ২৬ বছৰীয়া নৱবিবাহিত জয়শ্ৰী পেটেল। বিবাহৰ পিছত প্ৰথমবাৰৰ বাবে লণ্ডনলৈ যোৱা জয়শ্ৰীৰ মৃত্যুৱে পৰিয়ালটোক স্তম্ভিত কৰি তুলিছে।

৬ মাহ পূৰ্বে বিবাহ , ৩ মাহ ভিছাৰ বাবে অপেক্ষা, স্বামীক লগ কৰিবলৈ যোৱা পথতে বিমান দুৰ্ঘটনাত শেষ হৈ গল জয়শ্ৰী...

পৰিয়ালৰ সৈতে জয়শ্ৰী

Updated On: 

14 Jun 2025 | 04:14 PM

এই পৰ্যন্ত গুজৰাটৰ আহমেদাবাদত সংঘটিত হোৱা বিমান দুৰ্ঘটনাত ২৭৪ জন লোকৰ মৃত্যু হৈছে। এই দুৰ্ঘটনাই জোঁকাৰি গৈছে সকলোৰে মন-মগজু । কোনবাই যদি প্ৰথমবাৰৰ বাবে বিমানত উঠিছিল একাংশই আকৌ তেওঁলোকৰ পৰিয়ালক লগ কৰিবলৈ ওলাইছিল। তাৰ মাজৰ এগৰাকী মহিলা গুজৰাটৰ ২৬ বছৰীয়া জয়শ্ৰী শান্তিলাল পেটেল। তেওঁ স্বামীক লগ কৰিবলৈ লণ্ডন অভিমুখে ৰাওনা হৈছিল। চলিত বৰ্ষৰ জানুৱাৰী মাহত বিবাহ পাশত আৱদ্ধ হৈছিল জয়শ্ৰী।

আৰাৱল্লী জিলাৰ মোদাছা তহচিলৰ খাম্ভিছাৰ গাঁৱৰ নিবাসী জয়শ্ৰী পেটেলে জানুৱাৰী মাহত আকাশৰ সৈতে বিবাহপাশত আবদ্ধ হয়। জয়শ্ৰী আৰু আকাশ বিয়াৰ পিছত ১৫ দিন একেলগে থাকি তাৰ পিছত আকাশ চাকৰিৰ বাবে লণ্ডনলৈ যায়। ইয়াৰ পিছত জয়শ্ৰীয়ে ভিছাৰ বাবে অপেক্ষা কৰিব লগা হৈছিল। ভিছা পাবলৈ প্ৰায় ৩ মাহ সময় লাগিল। ইয়াৰ পিছত স্বামীৰ ওচৰলৈ যোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিলে । কিমান যে হেঁপাহ, ক’ত সপোন বুকুত বান্ধি উঠিছিল সেই অভিশপ্ত বিমানখন। কিন্তু ভগৱানে  তেওঁৰ কপালত আন কিবাহে লিখিছিল। বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে লণ্ডনলৈ যোৱা জয়শ্ৰীৰ আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হয়।

বিমানত উঠাৰ আগতে জয়শ্ৰী

জয়শ্ৰীয়ে প্ৰথমবাৰৰ বাবে স্বামীৰ ওচৰলৈ যাবলৈ ওলাইছিল । যাৰ বাবে  চিন্তিত হৈ পৰিছিল পৰিয়ালৰ লোকসকলো। বিমানত উঠাৰ আগতে জয়শ্ৰীৰ পৰিয়ালৰ লোকে ৰক্ষাসূত্ৰ বান্ধিছিল। এই সময়ছোৱাত আৱেগিক হৈ পৰিছিল তেওঁ। ইয়াৰ ফটো শ্বেয়াৰ কৰিছিল সামাজিক মাধ্যমত। অৱশ্যে বিমানত উঠাৰ কিছু সময়ৰ পাছতে এই দুৰ্ঘটনাত জয়শ্ৰীৰ মৃত্যু হয়। জয়শ্ৰীৰ স্বামীয়ে লণ্ডনত স্বাস্থ্যসেৱা খণ্ডত কাম কৰে।

ডি এন এ পৰীক্ষাৰ জৰিয়তে চিনাক্ত কৰা হ’ব মৃতদেহটো

জয়শ্ৰীৰ পৰিয়ালৰ লোকে কয়, “দুৰ্ঘটনাটোৰ বিষয়ে খবৰ পোৱাৰ লগে লগে আমি বিমানবন্দৰ পালোঁ, তাৰ পিছত আমি গ’ম পালোঁ যে সেইখন বিমানতS জয়শ্ৰী আছিল। সমগ্ৰ পৰিয়ালটো স্তম্ভিত হৈ পৰিলো। আমি লণ্ডনত থকা তেওঁৰ স্বামীক জনাইছো আৰু তেওঁ এতিয়া ভাৰতলৈ ৰাওনা হৈছে। বৃহস্পতিবাৰে আমাক আৰক্ষীয়ে জনোৱাৰ পিছত আমি সেই স্থানত উপস্থিত হৈছো৷” বৰ্তমান  ডি এন এ পৰীক্ষাৰ বাবে আহমেদাবাদ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈছে সমগ্ৰ পৰিয়ালটো।

লগতে পঢ়ক: আহমেদাবাদৰ বিমান দুৰ্ঘটনা: এতিয়াও শেষ হোৱা নাই বিভীষিকা! ৩ দিনৰ পিছতো মৃতদেহ উদ্ধাৰ

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...