শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য, প্ৰতিবেদনৰ পিছত উত্থাপন এইকেইটা প্ৰশ্ন!

আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা সন্দৰ্ভত AAIB ৰ প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। প্ৰতিবেদন মতে, উৰণৰ পিছত ইন্ধন নিয়ন্ত্ৰণৰ চুইচ বন্ধ হৈ থকাৰ বাবে ইন্ধন যোগানত ব্যাঘাত জন্মিছিল। প্ৰথম অৱস্থাত প্ৰতিবেদনত দিয়া উত্তৰৰ পিছত এতিয়াও বহু প্ৰশ্ন আছে যাৰ উত্তৰ এতিয়াও পোৱা নাই।

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য, প্ৰতিবেদনৰ পিছত উত্থাপন এইকেইটা প্ৰশ্ন!
প্ৰতিবেদনৰ পিছত উত্থাপন এইকেইটা প্ৰশ্ন!
barasha-misra
Barasha Misra | Updated On: 13 Jul 2025 10:53 AM

আহমেদাবাদ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা সন্দৰ্ভত বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰোৰ প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদন ওলাইছে। ১৫ পৃষ্ঠাৰ প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদনত কি হৈছিল সেই বিষয়ে ব্যাখ্যা কৰা হৈছে যদিও কিয় হ’ল সেই প্ৰশ্নটো এতিয়াও আছে। প্ৰতিবেদনত দাবী কৰা হৈছে যে উৰণৰ মাত্ৰ কেই ছেকেণ্ডমানৰ পিছতে বয়িং ৭৮৭ ড্ৰিমলাইনাৰৰ ইন্ধন নিয়ন্ত্ৰণৰ চুইচটো হঠাতে ‘কাট অফ পজিচন’লৈ গ’ল, অৰ্থাৎ বন্ধ হৈ গ’ল। ইন্ধনৰ চুইচটো বন্ধ হোৱাৰ বাবে ইঞ্জিনলৈ ইন্ধনৰ যোগান বন্ধ হৈ পৰে। ইঞ্জিনত ইন্ধনৰ যোগান বন্ধ হোৱাৰ বাবে ইঞ্জিনটোৱে কাম কৰা বন্ধ কৰি দিলে। ইয়াৰ পিছতে সংঘটিত হয় এই দুৰ্ঘটনা।

তদন্তৰ প্ৰতিবেদনত দুয়োজন পাইলটৰ মাজত ইন্ধন চুইচ সন্দৰ্ভত হোৱা কথা-বতৰাৰ এটা অংশও উল্লেখ কৰা হৈছে। য’ত ১ বাজি ৩৮ মিনিট ৪২ ছেকেণ্ডত এজন পাইলটে তেওঁৰ সহ-পাইলটক সুধিলে যে আপুনি ইন্ধনৰ যোগান কিয় বন্ধ কৰিলে? এই কথাত আনজন পাইলটে উত্তৰ দিয়ে যে মই ইয়াক বন্ধ কৰা নাছিলো। ইয়াৰ পিছত ২৬ ছেকেণ্ডত বিমানখনৰ পাইলটে মেডে…মেডে…মেডে বুলি মাতে আৰু তাৰ পিছত বিমানখন আহমেদাবাদৰ এখন চিকিৎসালয়ত পৰি যায়। ১২ জুনত সংঘটিত এই দুৰ্ঘটনাত মুঠ ২৬০ জন লোকৰ মৃত্যু হৈছিল।

প্ৰাথমিক প্ৰতিবেদন সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰীয়ে?

এই প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদনত বিমান দুৰ্ঘটনাৰ ঠিক আগতে কি হৈছিল সেয়া স্পষ্ট যদিও কিয় হৈছিল তাৰ উত্তৰ এতিয়াও পোৱা হোৱা নাই। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱেও কয় যে, প্ৰাৰম্ভিক প্ৰতিবেদনৰ তদন্ত চলি আছে যদিও দুৰ্ঘটনাৰ কাৰণ চূড়ান্ত প্ৰতিবেদনতহে স্পষ্ট হ’ব।

তেওঁ কয় যে AAIB ৰ সকলো প্ৰচেষ্টাৰ মই শলাগ লৈছো। তেওঁলোকে অতি স্বচ্ছভাৱে তদন্ত চলাইছিল। তদন্ত সম্পূৰ্ণ হৈছে আৰু সকলো আন্তঃৰাষ্ট্ৰীয় প্ৰট’কলও মানি চলিছে। এইটো কেৱল মন্ত্ৰালয়ৰ প্ৰাৰম্ভিক প্ৰতিবেদন, আমি প্ৰতিবেদন বিশ্লেষণ কৰি আছো, চূড়ান্ত প্ৰতিবেদন অহাৰ পিছত আমি মন্তব্য দি বেছি ভাল হব বুলি ভাবো।

দুৰ্ঘটনাটোৰ সৈতে জড়িত এই প্ৰশ্নসমূহৰ উত্তৰ এতিয়াও পোৱা নাই

  • এয়াৰ ইণ্ডিয়া বিমানৰ দুয়োটা ইঞ্জিনৰ ইন্ধনৰ যোগান কেনেকৈ বন্ধ হ’ল?
  • ইন্ধনৰ যোগান বন্ধ হোৱাৰ বাবে কোন দায়ী?
  • বিমানখন সঠিকভাৱে চোৱা হোৱা নাছিল নেকি?
  • যদি তদন্ত কৰা হৈছিল, তেন্তে সমস্যাটো কিয় উদ্ভৱ হ’ল?

২০১৮ চনত FAA ৰ সতৰ্কবাণীকলৈ চৰ্চা

বিমান দুৰ্ঘটনাৰ তদন্তৰ প্ৰতিবেদনৰ পূৰ্বে আৰু পিছত ড্ৰিমলাইনাৰ বয়িং ৭৮৭ বিমানখনক লৈ যথেষ্ট চৰ্চা চলিছিল। বিমানখনৰ বৈশিষ্ট্যৰ পৰা আৰম্ভ কৰি ইয়াৰ অভাৱ-অভিযোগলৈকে সকলো কথা আলোচনা কৰা হৈছিল। এই আলোচনাৰ মাজতে পোহৰলৈ আহে ২০১৮ চনত বয়িং ৭৮৭ বিমানত ইন্ধন নিয়ন্ত্ৰণ চুইচ লক হোৱাৰ সমস্যাৰ বিষয়ে আমেৰিকাৰ ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচনে সকীয়াই দিছিল। অৱশ্যে আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ সম্পূৰ্ণ সত্যতা সম্পূৰ্ণ তদন্তৰ পিছতহে জানিব পৰা যাব।

(টিভি৯ ব্যুৰোৰ প্ৰতিবেদন)