প্ৰ’টিনৰ অভাৱৰ ফলত শৰীৰত কি কি লক্ষণে দেখা দিয়ে?

13 July 2025

TV9 ASSAM

Photos Credit: Getty Images

প্ৰ’টিন শৰীৰৰ বাবে অতি প্ৰয়োজনীয় পুষ্টিকৰ উপাদান। ই পেশী, ছাল, চুলি, নখ, হৰম’ন, এনজাইম আদিৰ বিকাশত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

প্ৰয়োজনীয় উপাদান

শৰীৰত প্ৰ’টিনৰ পৰিমাণ কমি গ’লে ইয়াৰ বহু লক্ষণ ক্ৰমান্বয়ে দেখা দিবলৈ আৰম্ভ কৰে। প্ৰটিনৰ অভাৱৰ লক্ষণসমূহ কি কি?

লক্ষণসমূহ

প্ৰ’টিনৰ অভাৱৰ আটাইতকৈ সাধাৰণ আৰু প্ৰাৰম্ভিক লক্ষণ হ’ল অহৰহ ভাগৰুৱা অনুভৱ কৰা। শৰীৰত শক্তিৰ অভাৱ হয়। 

ক্লান্তি আৰু দুৰ্বলতা

শৰীৰত যেতিয়া প্ৰ’টিন অভাৱ হয়, তেতিয়া  চুলি পাতল, শুকান আৰু দুৰ্বল হৈ দ্ৰুতগতিত সৰিবলৈ আৰম্ভ কৰে। নখ ফাটি যোৱা, সহজে ভাঙি যোৱা ইয়াৰ লক্ষণ।

নখ ভাঙি যোৱা

প্ৰ’টিনৰ অভাৱত ছাল শুকান, খজুৱতি হ’ব পাৰে। কেতিয়াবা ছালত ফোঁহা বা এলাৰ্জী হোৱা দেখা যায়। ছালৰ আৰ্দ্ৰতা বজাই ৰাখিবলৈও প্ৰ’টিনৰ প্ৰয়োজন।

ছালৰ সমস্যা

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবেও প্ৰ’টিনৰ প্ৰয়োজন হয়। কমি গ’লে ব্যক্তিজনৰ সঘনাই চৰ্দি, কাহ, ডিঙিৰ বিষ, সংক্ৰমণ বা জ্বৰ হ’বলৈ আৰম্ভ কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা

দৈনিক খাদ্যত পৰ্যাপ্ত পৰিমাণৰ প্ৰ’টিন অন্তৰ্ভুক্ত কৰাটো অতি প্ৰয়োজনীয়। চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছত প্ৰ’টিনৰ পৰিপূৰক গ্ৰহণ কৰিব পাৰে।

চিকিৎসকৰ পৰামৰ্শ

পঢ়িবলৈ ক্লিক কৰক

কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত কাজি নেমুৰ উপকাৰিতা