বিমানৰ 11A আসনখন সুৰক্ষিত নেকি ? এইখন আসনতে বহিছিল বিশ্বাস কুমাৰ ৰমেশ…

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত এজন যাত্ৰীৰ বাহিৰে সকলোৰে মৃত্যু হৈছে । এই ভয়ংকৰ বিমান দুৰ্ঘটনাত ভাৰতীয় মূলৰ ব্ৰিটিছ নাগৰিক বিশ্বাস কুমাৰ ৰমেশ কথমপি ৰক্ষা পৰে। বিমানখনত তেওঁৰ ছিটৰ নম্বৰ আছিল 11A । এই আসনৰ বাবেই ৰক্ষা পৰিলে নেকি ৰমেশ ?

বিমানৰ 11A আসনখন সুৰক্ষিত নেকি ? এইখন আসনতে বহিছিল বিশ্বাস কুমাৰ ৰমেশ...

বিমান দুৰ্ঘটনাত ৰক্ষা পৰা একমাত্ৰ যাত্ৰী

Published: 

14 Jun 2025 | 04:46 PM

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পাছত বিমান যাত্ৰীৰ মাজত এটা ভয় থাকি গ’ল। এয়াৰ ইণ্ডিয়াৰ ১৭১ নং বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত সকলোৱে বিমানত উঠিবলৈ ভয় খাইছে। আৰু বিমান যাত্ৰাৰ বাবে যিসকলে টিকট বুকিং কৰিছে তেওঁলোকে এখন আসনেই বিচাৰিছে , সেয়া হৈছে 11A । সকলোৰে ধাৰণা একেই, এইখনেই আটাইতকৈ নিৰাপদ আসন !

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত এজন যাত্ৰীৰ বাহিৰে সকলোৰে মৃত্যু হৈছে । এই ভয়ংকৰ বিমান দুৰ্ঘটনাত ভাৰতীয় মূলৰ ব্ৰিটিছ নাগৰিক বিশ্বাস কুমাৰ ৰমেশ কথমপি ৰক্ষা পৰে। বিমানখনত তেওঁৰ ছিটৰ নম্বৰ আছিল 11A । দুৰ্ঘটনাটোৰ পৰা ৰক্ষা পৰাৰ পাছত হাস্পতালৰ বিচনাত পৰি থকা বিশ্বাস কুমাৰ ৰমেশে কয়, “মই কেনেকৈ বাচিলোঁ নাজানো। কিছু সময়ৰ বাবে মই ভাবিছিলো যে মই হয়তো মৰিম। চকু মেলি দেখিলোঁ যে মই জীয়াই আছো। মই ছিটবেল্ট খুলি ওলাই আহিলোঁ। মোৰ চকুৰ সন্মুখতে বাকী সকলোৰে মৃত্যু হ’ল।”

বিশ্বাস কুমাৰ ৰমেশ দুৰ্ঘটনাটোৰ পৰা ৰক্ষা পৰা পিছত জৰুৰীকালীন প্ৰস্থানৰ সন্মুখৰ আসনত বহি থকা বুলি পোহৰলৈ আহে। এই আসনৰ বাবেই ৰক্ষা পৰিল নেকি ৰমেশ ? বিমান বিশেষজ্ঞ অংগদ সিঙে কয়, “বিমানখনত কিছুমান নিৰাপদ আসন আছে। যদি আপুনি বিগত বিমান দুৰ্ঘটনাৰ তথ্য চায়, তেন্তে আপুনি দেখিব যে বিমানখনৰ একেবাৰে আৰম্ভণি বা শেষৰ আসনবোৰ মাজৰ আসনতকৈ সুৰক্ষিত।”

অৱশ্যে আহমেদাবাদৰ বিমান দুৰ্ঘটনাত এনে হোৱা নাছিল। বিমানখনৰ মাজত, উইংখনৰ ঠিক সন্মুখত 11A নম্বৰ আসনখন আছে । ইকনমি ক্লাছৰ প্ৰথম শ্ৰেণীৰ আসন, জৰুৰীকালীন প্ৰস্থান ইয়াৰ বাওঁফালে। যেতিয়া বিমানখন ভাঙি গ’ল, তেতিয়া সন্মুখৰ, বাওঁফালৰ অংশটো ভাঙি গ’ল। এই বিস্ফোৰণত প্ৰথমে বিমানখনৰ ওপৰৰ অংশত জুই লাগিছিল।

অট্টালিকাটোত  বিমানখনে খুন্দা মৰাৰ পাছতে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল । এনে এটা ঘটনাত বিশ্বাস কুমাৰ ৰমেশ কেনেকৈ বাচিল সেয়া ভগৱানৰ কৃপা বুলি বিশ্বাস কৰিব লাগিব । এই মন্তব্য বিমান বিশেষজ্ঞসকলৰ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...