দিল্লী এৰি মস্কোলৈ উভতিল ৰুছ ৰাষ্ট্ৰপতি, পুটিনৰ ভ্ৰমণত কিদৰে লাভান্বিত হ’ল ভাৰত?
পুটিনৰ এই ভ্ৰমণে ভাৰতৰ বাবে ভৱিষ্যতে সংস্কাৰ, প্ৰদৰ্শন আৰু পৰিৱৰ্তনৰ পথ মুকলি কৰিব বুলি আশা কৰা হৈছে। ৰাষ্ট্ৰপতি পুটিন আৰু প্ৰধানমন্ত্ৰী মোদীয়ে অৰ্থনৈতিক সহযোগিতাক নতুন উচ্চতালৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োখন দেশৰ বন্ধুত্বক ধ্ৰুৱ তৰাৰ দৰে অদম্য বুলি অভিহিত কৰে।

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি পুটিন
দুদিনীয়া ভ্ৰমণসূচী সামৰি শুকুৰবাৰে নিশা স্বদেশলৈ উভতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। চাৰি বছৰৰ পিছত ভাৰতলৈ অহা ৰুছ ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণ ভাৰতৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছিল। তেওঁৰ এই ভ্ৰমণৰ সময়ত দুই দেশৰ মাজত কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়। দুয়োখন দেশে ঔদ্যোগিক অংশীদাৰিত্ব সম্প্ৰসাৰণৰ বাবে সন্মতি প্ৰকাশ কৰে। ভাৰতীয় কোম্পানীসমূহে ৰাছিয়াত ইউৰিয়া প্লাণ্ট স্থাপনৰ বাবে ৰাছিয়াৰ এটা কোম্পানীৰ সৈতে চুক্তি স্বাক্ষৰ কৰে। তদুপৰি খাদ্য সুৰক্ষাৰ নিয়ম শক্তিশালী কৰাৰ বাবে ভাৰতৰ FSSAI আৰু ৰাছিয়াৰ গ্ৰাহক সুৰক্ষা সংস্থাৰ মাজত আনুষ্ঠানিক চুক্তি কৰা হয়।
চিকিৎসা গৱেষণা আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। বন্দৰ আৰু জাহাজ চলোৱাৰ ক্ষেত্ৰত ভাৰত-ৰাছিয়াৰ সহযোগিতা বৃদ্ধিৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয়। ইয়াৰ উপৰিও দুয়োখন দেশৰ মাজত জনসাধাৰণৰ ভ্ৰমণৰ সুবিধা আৰু প্ৰব্ৰজনৰ পদ্ধতি সহজ কৰি তোলাৰ বাবেও চুক্তি স্বাক্ষৰিত হয়।
পুটিনৰ এই ভ্ৰমণে ভাৰতৰ বাবে ভৱিষ্যতে সংস্কাৰ, প্ৰদৰ্শন আৰু পৰিৱৰ্তনৰ পথ মুকলি কৰিব বুলি আশা কৰা হৈছে। ৰাষ্ট্ৰপতি পুটিন আৰু প্ৰধানমন্ত্ৰী মোদীয়ে অৰ্থনৈতিক সহযোগিতাক নতুন উচ্চতালৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োখন দেশৰ বন্ধুত্বক ধ্ৰুৱ তৰাৰ দৰে অদম্য বুলি অভিহিত কৰে।
হায়দৰাবাদ হাউছত দ্বিপাক্ষিক আলোচনা
ভ্ৰমণৰ দ্বিতীয় দিনা শুকুৰবাৰে হায়দৰাবাদ হাউছত দ্বিপাক্ষিক আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী আৰু পুটিন। প্ৰধানমন্ত্ৰী মোদীয়ে এই আলচনাৰ সময়ত ভাৰতে বিশ্ব কল্যাণৰ বাবে শান্তিৰ পোষকতা কৰা বুলি উল্লেখ কৰি আৰু শান্তিৰ বাবে কৰা সকলো প্ৰচেষ্টাৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে। এই মন্তব্যৰ প্ৰতি সঁহাৰি জনাই পুটিনেও ৰাছিয়াই শান্তিৰ কামনা কৰে আৰু ইয়াৰ বাবে অহৰহ চেষ্টা কৰি আছে বুলি উল্লেখ কৰে।
ভাৰত আৰু ৰাছিয়াৰ অটুট বন্ধুত্বৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনক কৃতিত্ব দিয়ে। তেওঁ কয় যে ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে ২৫ বছৰ পূৰ্বে দুয়োখন দেশৰ অংশীদাৰিত্বৰ ভেটি স্থাপন কৰিছিল। সমগ্ৰ বিশ্বৰ মানৱ জাতিয়ে বহু সংকটৰ সন্মুখীন হৈছে যদিও ভাৰত-ৰাছিয়াৰ বন্ধুত্ব ধ্ৰুৱ তৰাৰ দৰে ৰৈ গৈছে আৰু দুয়ো দেশে সময়ৰ পৰীক্ষাত সফলভাৱে থিয় দিছে বুলিও তেওঁ লগতে কয়।
সন্ত্ৰাসবাদৰ ওপৰত মুকলি আলোচনা
প্ৰধানমন্ত্ৰী মোদী আৰু পুটিনে সন্ত্ৰাসবাদ সন্দৰ্ভতো আলোচনা কৰে। । পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু ৰাছিয়াৰ ক্ৰকাছ চিটি হলত সংঘটিত আক্ৰমণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই সকলোবোৰ ঘটনাৰ শিপা একে বুলি উল্লেখ কৰে। ভাৰতৰ এই উদ্বেগক লৈ পুটিনে সহমত প্ৰকাশ কৰে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ৰাছিয়া ভাৰতৰ সৈতে থিয় দিছে বুলি উল্লেখ কৰে।
ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত দীঘলীয়া আলোচনা
ইউক্ৰেইন যুদ্ধ সন্দৰ্ভতো প্ৰধানমন্ত্ৰী মোদী আৰু পুটিনৰ মাজত দীৰ্ঘদিনীয়া আলোচনা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে ভাৰতৰ স্থিতি স্পষ্ট কৰি কয় যে ভাৰত নিৰপেক্ষ নহয়; ই শান্তিৰ পক্ষত। ভাৰতৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰে ৰাষ্ট্ৰপতি পুটিনে। যেতিয়াই যুদ্ধত শান্তিৰ পথ বিচাৰি পোৱা যাব, তেতিয়াই দিল্লীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে বাৰ্তা দিয়ে।
ভাৰত-ৰাছিয়া অৰ্থনৈতিক সন্মিলন
ইয়াৰ পিছতে দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ভাৰত-ৰাছিয়া অৰ্থনৈতিক সন্মিলনত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰপতি পুটিন আৰু প্ৰধানমন্ত্ৰী মোদীয়ে। এই সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আমি অতি কম সময়তে মহান লক্ষ্যত উপনীত হ’ব পাৰোঁ। যিকোনো অংশীদাৰিত্বৰ ভেটি হ’ল পাৰস্পৰিক বিশ্বাস, যি ভাৰত-ৰাছিয়াৰ সম্পৰ্কৰ ভেটি।”
ৰুছ ৰাষ্ট্ৰপতিগৰাকীয়ে মোদীৰ মন্তব্যৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই ৰাছিয়া আৰু ভাৰত দীৰ্ঘদিন ধৰি বাণিজ্যিক অংশীদাৰ হৈ আহিছে তথা বাণিজ্যৰ ক্ষেত্ৰ ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে বুলি উল্লেখ কৰে। চলিত বৰ্ষত ৰাছিয়া-ভাৰতৰ বাণিজ্যৰ পৰিমাণ ৬৪ বিলিয়ন ডলাৰ হ’ব বুলিও ৰাষ্ট্ৰপতি পুটিনে মন্তব্য কৰে।
ব্যৱসায়িক মঞ্চত ভাৰত বিশ্বৰ দক্ষতা ৰাজধানী হিচাপে উত্থান ঘটিছে বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে। ইফালে ভাৰত আৰু ৰাছিয়াই যৌথভাৱে ভেকচিন আৰু কেঞ্চাৰ ঔষধ প্ৰস্তুত কৰিব বুলিও তেওঁ উল্লেখ কৰে। “আজি আমি সহ-উদ্ভাৱন, সহ-উৎপাদন আৰু সহ-সৃষ্টিৰ ধাৰণা লৈ আগবাঢ়িছো।”- এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে
বিশ্বজনীন প্ৰত্যাহ্বানৰ বহনক্ষম সমাধানৰ ওপৰত গুৰুত্ব
ৰাষ্ট্ৰপতি পুটিনৰ উপস্থিতিতে প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰত আৰু ৰাছিয়াই একেলগে কাম কৰি বিশ্বজনীন প্ৰত্যাহ্বানৰ বহনক্ষম সমাধান বিকশিত কৰিব লাগিব। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে সংস্কাৰ, প্ৰদৰ্শন আৰু ৰূপান্তৰৰ কাম চলি আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
ভাৰতক গুৰুত্বপূৰ্ণ অংশীদাৰ আখ্যা পুটিনে
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ভাৰতক গুৰুত্বপূৰ্ণ অংশীদাৰ বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰী মোদী আৰু তেওঁৰ সহযোগিতাই নিশ্চিতভাৱে নিৰ্ধাৰিত লক্ষ্য লাভ কৰিব বুলিও দৃঢ় বিশ্বাস প্ৰকাশ কৰে পুটিনে। তদুপৰি বিজনেছ ফ’ৰামৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে ৰুছ ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক মস্কোলৈ আমন্ত্ৰণ জনায়।