পুনৰ শাহুক লৈ পলাল ভাৱী জোঁৱাই! কন্যাৰ সৈতে বিয়া ভঙাৰ পিছত মাতৃকে লৈ উধাও হ’ল যুৱক

উত্তৰ প্ৰদেশৰ আলিগড়ৰ শাহু-জোঁৱাইৰ প্ৰেমক লৈ চৰ্চা চলি থকাৰ মাজতে এইবাৰ পুনৰ নিজৰ হ’বলগীয়া শাহুৱেকৰ সৈতে পলায়ন কৰিছে এজন জোঁৱাই। দুয়োৰে মাজত ইয়াৰ পিছত বিবাহ সম্পন্ন হৈ যোৱা বুলিও পোহৰলৈ আহিছে খবৰ। এই আজৱ খবৰে পুনৰ এবাৰ লগাইছে তোলপাৰ।

পুনৰ শাহুক লৈ পলাল ভাৱী জোঁৱাই! কন্যাৰ সৈতে বিয়া ভঙাৰ পিছত মাতৃকে লৈ উধাও হ’ল যুৱক

প্ৰতিনিধিত্বমূলক ছবি

Published: 

29 Apr 2025 | 12:37 AM

কিছুদিন পূৰ্বে সংবাদ শিৰোনাম দখল কৰিছিল উত্তৰ প্ৰদেশৰ আলিগড়ৰ এক বিশেষ খবৰে। শাহুৱেক-জোঁৱাইৰ প্ৰেম কাহিনী আৰু পিছত দুয়োৰে পলায়নৰ খবৰে লাভ কৰিছিল ব্যাপক চৰ্চা। এইবাৰ ৰাজ্যখনৰ গোণ্ডাৰ পৰাও পোহৰলৈ আহিছে এক অনুৰূপ ঘটনা। অৰ্থাৎ আলিগড়ৰ দৰে এইবাৰ গোণ্ডাৰ পৰাও নিজৰ হ’বলগীয়া শাহুৱেকৰ সৈতে পলায়ন কৰিছে এজন জোঁৱাই। দুয়োৰে মাজত ইয়াৰ পিছত বিবাহো সম্পন্ন হৈ যোৱা বুলিও পোহৰলৈ আহিছে খবৰ। এই আজৱ খবৰে পুনৰ এবাৰ লগাইছে তোলপাৰ।

পৰিয়াল তথা আৰক্ষীৰ হাতৰ ধৰা পৰাৰ পৰা ৰক্ষা পাবলৈ আনকি দুয়োজনেই বাংগালুৰুলৈ পলায়ন কৰা বুলিও জানিব পৰা গৈছে। দুয়োৰে এনে আচৰিত কাণ্ডত এতিয়া স্তম্ভিত হৈ পৰিছে পৰিয়াল দুটা। অৱশ্যে দুয়োৰে মাজৰ সম্পৰ্ক থকা বুলি সন্দিহান হৈ পৰিছিল পৰিয়ালো। ঘণ্টাৰ পিছত ঘণ্টা ধৰি যুৱকজনে নিজৰ হ’বলগীয়া শাহুৱেকৰ সৈতে মোবাইলত কথা পতাত কইনাৰ পৰিয়ালত সন্দেহৰ সৃষ্টি হৈছিল।

ইতিপূৰ্বে হৈ যোৱা আলিগড়ৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত কইনাৰ পৰিয়ালত সন্দেহে শিপাইছিল আৰু সেয়ে যুৱকজনৰ সৈতে যুৱতীগৰাকীৰ বিবাহৰ সম্পৰ্ক ভংগ কৰিছিল আৰু অহা ৯ মে’ত আন এজন যুৱকৰ সৈতে তেওঁৰ বিবাহৰ দিন ধাৰ্য কৰা হৈছিল। পিছে নিজ কন্যাৰ বিবাহৰ পূৰ্বেই প্ৰেমত আতুৰ হৈ কন্যাৰ সৈতে পূৰ্বে বিবাহ ভংগ হোৱা যুৱকজনলৈকে পলাই গ’ল মহিলাগৰাকী। অৰ্থাৎ ভাৱী জোঁৱাইকে নিজৰ স্বামী হিচাপে বাচি ল’লে শাহু হ’বলগীয়া মহিলাগৰাকীয়ে।

প্ৰকাশিত খবৰ অনুসৰি, দুবৌলীয়া থানা এলেকাৰ এজন যুৱকৰ বিয়া ঠিক হৈছিল খোড়াৰে থানা এলেকাৰ এগৰাকী যুৱতীৰ সৈতে। চাৰিমাহ পূৰ্বে এই সম্পৰ্ক ঠিক হোৱাৰ পিছত দুয়োৰে মাজত ফোনত প্ৰায়ে কথা-বতৰা হৈছিল। হ’বলগীয়া সম্পৰ্কৰ অচিলাৰেই যুৱকজনে হ’বলগীয়া শাহুৱেকৰ সৈতেও প্ৰথমে ফোনত কথা পাতে। কিন্তু লাহে লাহে তেওঁলোকৰ এই ফোনকলে ঘণ্টাধৰি সময় ল’বলৈ ল’লে। এই কথাত অসন্তুষ্ট হয় ভাৱী কইনা।

মাত্ৰ কিছুদিন পূৰ্বে আলিগড়ৰ পৰা শাহুৱেক আৰু জোঁৱাইৰ পলায়নৰ বাতৰিক লৈ চৰ্চা চলি থকাৰ ফলশ্ৰুতিত হ’বলগীয়া জোঁৱাইৰ সৈতে মাতৃৰ কথা-বতাৰত কন্যাৰ লগতে পৰিয়ালটোৱেও অস্বস্তি অনুভৱ কৰিবলৈ ধৰিলে। সেয়ে কন্যাগৰাকীয়ে বিবাহৰ আলোচনা প্ৰায় নিশ্চিত হোৱাৰ পিছতো এই সম্পৰ্ক ভংগ কৰাৰ সিদ্ধান্ত লয়। কিন্তু এই যুৱকজনৰ সৈতেই যুৱতীগৰাকীৰ মাতৃ, অৰ্থাৎ হ’বলগীয়া শাহুৱেকে আচম্বিতে পলায়ন কৰে।

হতভম্ব পৰিয়ালটোৱে লগে লগে দুয়োৰে সন্ধানত বিচাৰ-খোচাৰ আৰম্ভ কৰে। কিন্তু তিনিদিন পিছতো যেতিয়া দুয়োৰে কোনো সন্ধান নোলাল, তেতিয়া পৰিয়ালটো খোড়াৰে থানাৰ কাষ চাপে। তেওঁলোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে নিৰুদ্দেশৰ গোচৰ ৰুজু কৰি ইতিমধ্যে ‘ভাৱী’ শাহু আৰু জোঁৱাইৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। ইফালে, খোড়াৰে থানাৰ পৰা আৰক্ষীৰ সৈতে যুৱকজনৰ ঘৰতো উপস্থিত হয় মহিলাগৰাকীৰ পৰিয়াল।

ইয়াৰ পিছত খোড়াৰে থানাৰ লগতে দুবৌলিয়া আৰক্ষীয়েও যুৱকজনৰ সৈতে যোগাযোগৰ চেষ্টা চলাইছে। তথ্য অনুসৰি ঘৰৰ পৰা পলাই গৈ দুয়ো প্ৰথমে অযোধ্যাৰ এটা মন্দিৰত উপস্থিত হয় আৰু তাতে বিয়া পাতি দুয়ো বাংগালুৰুলৈ ৰাওনা হয়। এনে পৰিস্থিতিত বৰ্তমান শাহু আৰু জোঁৱাইৰ সন্ধানত ব্যস্ত আৰক্ষী।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...