আজি দিল্লীৰ যন্তৰ মন্তৰত আপৰ ‘জনতা কি আদালাত’ ! মুখ্যমন্ত্ৰী পদ এৰাৰ পাছত প্ৰথমবাৰৰ বাবে ভাষণ দিব কেজৰিৱালে…

অৰবিন্দ কেজৰিৱালে আজি অৰ্থাৎ ২২ ছেপ্টেম্বৰত যন্তৰ মন্তৰত 'জনতা কি আদালাত' কাৰ্যসূচীৰ আয়োজন কৰিব। আপৰ এই কাৰ্যসূচীত ভাষণ দিব কেজৰিৱালে। আম আদমী পাৰ্টিয়ে কেজৰিৱালৰ 'জনতা কি আদালাত'ৰ বিষয়ে তথ্য প্ৰকাশ কৰি সামাজিক মাধ্যমৰ জৰিয়তে এখন পোষ্টাৰ শ্বেয়াৰ কৰিছিল । পোষ্টাখনত লিখা আছিল যে, দিল্লীৰ জনসাধাৰণে কেজৰিৱালৰ সততা প্ৰমাণ কৰিব।

আজি দিল্লীৰ যন্তৰ মন্তৰত আপৰ জনতা কি আদালাত ! মুখ্যমন্ত্ৰী পদ এৰাৰ পাছত প্ৰথমবাৰৰ বাবে ভাষণ দিব কেজৰিৱালে...

অৰবিন্দ কেজৰিৱাল

Updated On: 

22 Sep 2024 | 11:11 AM

আম আদমি পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে আজি অৰ্থাৎ ২২ ছেপ্টেম্বৰত যন্তৰ মন্তৰত ‘জনতা কি আদালাত’ কাৰ্যসূচীৰ আয়োজন কৰিব। আপৰ এই কাৰ্যসূচীত ভাষণ দিব কেজৰিৱালে। আম আদমী পাৰ্টিয়ে কেজৰিৱালৰ ‘জনতা কি আদালাত’ৰ বিষয়ে তথ্য প্ৰকাশ কৰি সামাজিক মাধ্যমৰ জৰিয়তে এখন পোষ্টাৰ শ্বেয়াৰ কৰিছিল । পোষ্টাখনত লিখা আছিল যে, দিল্লীৰ জনসাধাৰণে কেজৰিৱালৰ সততা প্ৰমাণ কৰিব।

যন্তৰ মন্তৰত আয়োজিত ‘জনতা কি আদালাত’ ডাঙৰ ঘোষণা কৰিব পাৰে অৰবিন্দ কেজৰিৱালে। ১৭ ছেপ্টেম্বৰত অৰবিন্দ কেজৰিৱালে দিল্লী মুখ্যমন্ত্ৰীৰ পদ এৰাৰ পিছত প্ৰথমবাৰৰ বাবে জনসাধাৰণক সম্বোধন কৰিব কেজৰিৱালে। পদত্যাগ ঘোষণা কৰাৰ সময়ত কেজৰিৱালে কৈছিল যে, ‘মই পদত্যাগ কৰিছো কাৰণ মোৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল।’

সুৰা কেলেংকাৰীৰ অভিযোগত তিহাৰ কাৰাগাৰত কাৰাবন্দী হৈ আছিল অৰবিন্দ কেজৰিৱাল । যোৱা ১৩ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে তেওঁক সকাহ দিছিল। তিহাৰ জেলৰ পৰা ওলাই অহাৰ পিছত কেজৰিৱালে ১৩ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল। ১৭ ছেপ্টেম্বৰত কেজৰিৱালে পদত্যাগ কৰে আৰু তেওঁৰ ঠাইত আতিশীয়ে দিল্লীৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লয় । যোৱা ২১ ছেপ্টেম্বৰত আতিশীয়ে দিল্লীৰ মুখ্যমন্ত্ৰীৰ হিচাপে শপত গ্ৰহণ কৰি মন্ত্ৰীসভা গঠন হয়।

আতিশী চৰকাৰৰ শপত গ্ৰহণৰ পিছত পুনৰবাৰ জনসাধাৰণৰ মাজত উপস্থিত হ’ব অৰবিন্দ কেজৰিৱাল। যন্তৰ মন্তৰত এই কাৰ্যসূচীৰ জৰিয়তে আম আদমী পাৰ্টিয়ে ৰাইজৰ মাজত নিজৰ দখল সুদৃঢ় কৰাৰ প্ৰয়াস কৰিব। পদত্যাগৰ ঘোষণাৰ সময়ত কেজৰিৱালে কৈছিল যে,’যেতিয়া মানুহে মোক সততাৰ প্ৰমাণ পত্ৰ দিব তেতিয়াহে মই মুখ্যমন্ত্ৰীৰ চকীত বহিম।’

পদত্যাগৰ কথা ঘোষণা কৰাৰ সময়ত কেজৰিৱালে চলিত বৰ্ষৰ নৱেম্বৰ মাহত মহাৰাষ্ট্ৰৰ লগতে দিল্লী বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনাইছিল। আনহাতে ফেব্ৰুৱাৰী মাহত দিল্লীত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...