বিধায়ক আৱাসত এজন লোকৰ মৃত্যু, আৰক্ষীৰ দাবী – ফোন কৰাৰ পিছতো অহা নাছিল এম্বুলেন্স!

আৰক্ষীৰ মতে, কেম্পাছত উপস্থিত থকা নিৰাপত্তাৰক্ষী আৰু কৰ্মচাৰীয়ে এম্বুলেন্স সেৱালৈ বাৰে বাৰে ফোন কৰে যদিও ৰোগীক কঢ়িয়াবলৈ গাড়ীখন সময়মতে আহি নাপায়।

বিধায়ক আৱাসত এজন লোকৰ মৃত্যু, আৰক্ষীৰ দাবী - ফোন কৰাৰ পিছতো অহা নাছিল এম্বুলেন্স!

বিধায়ক আৱাসত এজন লোকৰ মৃত্যু

Published: 

08 Apr 2025 | 09:15 PM

দক্ষিণ মুম্বাইৰ বিধায়ক হোষ্টেলত বাস কৰা ৬৫ বছৰীয়া এজন ব্যক্তিয়ে সময়মতে চিকিৎসা নোপোৱাৰ বাবে হঠাৎ অসুস্থ হৈ মৃত্যুক সাৱটি লয়। এই ক্ষেত্ৰত আৰক্ষীয়ে দাবী কৰে যে, তেওঁক চিকিৎসালয়লৈ নিবলৈ বাৰে বাৰে ফোন কৰাৰ পিছতো এম্বুলেন্স সময়মতে আহিব পৰা নাছিল। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

আৰক্ষী বিষয়াগৰাকীয়ে কয় যে, বিধায়ক হোষ্টেলৰ এটা কোঠাত বাস কৰা চন্দ্ৰকান্ত ধোত্ৰে চৰকাৰী চিকিৎসালয়লৈ নিয়াৰ সময়তে মৃত্যু হয়। সোমবাৰে নিশা আৰক্ষীৰ বাহনত তেওঁক চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয়।

বিজেপি বিধায়কক আবণ্টিত কোঠাটোত আছিল ধোত্ৰে

তেওঁ কয় যে, চন্দ্ৰকান্ত ধোত্ৰে মন্ত্ৰালয়ৰ কিছু কামৰ বাবে মুম্বাইলৈ আহি ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক বিজয় দেশমুখক আবণ্টিত কোঠাটোত আছিল। বিষয়াগৰাকীয়ে জনোৱা মতে, নিশা প্ৰায় ১১.৩০ বজাত ধোত্ৰে বমি আৰু বুকুৰ বিষৰ সমস্যা হয়।

এই ঘটনাৰ তদন্ত আৰম্ভ

আৰক্ষীৰ মতে, কেম্পাছত উপস্থিত থকা নিৰাপত্তাৰক্ষী আৰু কৰ্মচাৰীয়ে এম্বুলেন্স সেৱালৈ ফোন কৰে যদিও বাৰে বাৰে ফোন কৰাৰ পিছতো ৰোগীক কঢ়িয়াই নিব লগা গাড়ীখন সময়মতে আহি নাপায়।

তেওঁ কয় যে, এই মুম্বাই আৰক্ষী নিয়ন্ত্ৰণ কক্ষক অৱগত কৰে। আৰক্ষীৰ বাহনত অসুস্থ ব্যক্তিজনক চৰকাৰী জিটি চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশ্যে চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...