সামান্য বিবাদ ! মৰমৰ পত্নীক হত্যা কৰি চৰম সিদ্ধান্ত স্বামীৰ

তথ্য অনুসৰি, জগন্নাথ মঞ্জোৱাৰ নামৰ এজন লোক আৰু তেওঁৰ পত্নীৰ মাজত কোনো বিষয়ক লৈ বিবাদ হৈছিল। বিবাদৰ অন্তত অভিযুক্ত স্বামীয়ে পত্নীক ডিঙিত কাঁড় ভৰাই হত্যা কৰে। পত্নীক হত্যা কৰাৰ পিছত নিজেও চৰম সিদ্ধান্ত গ্ৰহণ কৰে ।

সামান্য বিবাদ ! মৰমৰ পত্নীক হত্যা কৰি চৰম সিদ্ধান্ত স্বামীৰ
Published: 

18 Sep 2024 | 02:02 PM

স্বামী-স্ত্ৰীৰ মাজৰ কাজিয়া অস্বাভাৱিক নহয়, স্বাভাৱিকতে সৰু-সুৰা কথাত স্বামী-স্ত্ৰীৰ কাজিয়া হয় । কিন্তু এইধৰণৰ সামান্য বিবাদক লৈয়ে এজন স্বামীয়ে তেওঁ মৰমৰ পত্নীক হত্যা কৰিব পাৰে নে ? আচৰিত হ’লেও এনে এক ঘটনাৰ সাক্ষী হৈছে ছত্তীশগড় । ছত্তীশগড়ৰ কোৰবা জিলাত সামান্য বিবাদক লৈ এজন লোকে নিজৰ পত্নীক হত্যা কৰাৰ লগতে নিজেও চৰম সিদ্ধান্ত গ্ৰহণ কৰে । এই ঘটনাই সমগ্ৰ ৰাজ্যখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে । আৰক্ষীয়ে স্বামী-স্ত্ৰী দুয়োৰে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই ঘটনা সংঘটিত হৈছে কোৰবা জিলাৰ শ্যাং থানাৰ অন্তৰ্গত এটা অঞ্চলত ।

তথ্য অনুসৰি, জগন্নাথ মঞ্জোৱাৰ নামৰ এজন লোক আৰু তেওঁৰ পত্নীৰ মাজত কোনো বিষয়ক লৈ বিবাদ হৈছিল। বিবাদৰ অন্তত অভিযুক্ত স্বামীয়ে পত্নীক ডিঙিত কাঁড় ভৰাই হত্যা কৰে। পত্নীক হত্যা কৰাৰ পিছত নিজেও চৰম সিদ্ধান্ত গ্ৰহণ কৰে । আৰক্ষীয়ে জনোৱা মতে, মৃত মহিলা গৰাকীৰ নাম সন্তোষী বাই । তেওঁৰ বয়স আছিল ৩৫ বছৰ।

পত্নীৰ ডিঙিত কাঁড় ভৰাই হত্যা কৰি নিজে চৰম সিদ্ধান্ত লোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে। চুবুৰীৰ লোকে লগে লগে এই ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুয়োকে মৃত অৱস্থাত উদ্ধাৰ কৰে। দুয়োৰে মৃতদেহ আৰক্ষীয়ে জিম্মাত লয় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

শ্যাং থানাৰ এজন আৰক্ষী বিষয়াই জনোৱা মতে, ঠেংৰিমাৰ গাঁৱত দুজন লোকৰ হত্যাকাণ্ডৰ তথ্য লাভ কৰা গৈছিল । তেওঁ কয় যে, চুবুৰীৰ ৰাইজে জগন্নাথ মঞ্জোৱাৰ নামৰ এজন লোকে সামান্য বিবাদৰ বাবে নিজ পত্নীক হত্যা কৰাৰ লগতে নিজে চৰম সিদ্ধান্ত লোৱাৰ কথা জনাইছিল। আৰক্ষীৰ এটা দল যেতিয়া সেই স্থানত উপস্থিত হয়, তেতিয়া দুয়োৰে মৃত্যু হয়। মহিলাগৰাকীৰ মৃতদেহৰ কাষত এডাল কাঁড় উদ্ধাৰ কৰা হৈছে বুলি জানিবলৈ দিছে আৰক্ষীৰ বিষয়া গৰাকীয়ে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...