“মই চুৰি কৰা নাছিলোঁ মা”…ক্লাছৰ বহীত মাকলৈ শেষ চিঠিখন লিখিলে কৃষ্ণেন্দুৱে
চিঠিখন লিখাৰ সময়ত, নিশ্চয় তাৰ হাত কঁপিছিল, দুচকুৰে টপ টপকৈ সৰিছিল চকুলো । যিজনী মাকৰ লগত সি দিনে-ৰাতিয়ে ছাঁটোৰ দৰে থাকে, সেইজনী মাকক মনৰ কথা ক'বলৈ চিঠি লিখিব লগা হ'ল । সৰু ল'ৰাটোৰ হাতত যেন উপায় নাছিল ।

চিঠিখন আৰু দোকানৰ সমুখত ল'ৰাটো
এখন চিঠি, এটা সৰু ল’ৰাই মাকলৈ লিখা এখন চিঠি । সেই চিঠিখন হয়তো কেতিয়াও লিখিবলগীয়া নাছিল । মাকৰ আঁচল ধৰি ঘূৰি ফুৰা ল’ৰাটোৱে, ভোক লাগিলে “মা মোক কিবা এটা খাবলৈ দিয়া” বুলি কোৱা ল’ৰাটোৱে, সৰু কথা এটাতে দুখ লাগিলে মাকৰ কোলাত মূৰ থৈ ফেঁকুৰি ফেঁকুৰি কান্দি শুই পৰা ল’ৰাটোৱে এই চিঠিখন লিখিব বুলি কোনেও হয়তো কল্পনা কৰিব পৰা নাছিল । স্কুলত থকা সময়কণ বাদ দি সিও হয়তো আন দহটা শিশুৰ দৰেই ছাঁটোৰ দৰে লাগি আছিল মাকৰ লগত । গতিকে মাকলৈ চিঠিখন লিখাৰ কাৰণেই বা থাকিব কিয় । কিন্তু সি চিঠি লিখিব লগা হ’ল ।
চিঠিখন লিখাৰ সময়ত, নিশ্চয় তাৰ হাত কঁপিছিল, দুচকুৰে টপ টপকৈ সৰিছিল চকুলো । যিজনী মাকৰ লগত সি দিনে-ৰাতিয়ে ছাঁটোৰ দৰে থাকে, সেইজনী মাকক মনৰ কথা ক’বলৈ চিঠি লিখিব লগা হ’ল । সৰু ল’ৰাটোৰ হাতত যেন উপায় নাছিল ।
আমি যে সৰুতে স্কুলত মা-দেউতালৈ চিঠি লিখিছিলোঁ, এইখন কিন্তু তেনেকুৱা চিঠি নহয় । ল’ৰাটোৰ জীৱনত এইখনেই মাকলৈ লিখা শেষ চিঠি । কাৰণ চিঠিখন মাকে পঢ়িবলৈ পালে নে নাই সেয়াও সি নাজানে । স্কুলত যিখন বহীত সি শিক্ষকে লিখোৱা পাঠবোৰ লিখিছিল, সেইখন বহীতেই মাকলৈ শেষৰখন চিঠি লিখিলে । তাৰ পাচত হেৰাই গ’ল চিৰদিনৰ বাবে ।
এটা চিপছৰ পেকেট, এটা সৰু ল’ৰা, বদনাম আৰু এখন চিঠি । যিকোনো ক্ৰুৰ মানুহেও চিঠিখন পঢ়িলে এবাৰলৈ হ’লেও হুমুনিয়াহ কাঢ়িব । কি নিদাৰুণ !
চিঠিখনত ওপৰত লিখা আছিল, ল’ৰাটোৰ নাম, ক্লাছ, ৰোল নম্বৰ । তাৰ পাছত মাকলৈ এশাৰী বাক্য । সেই এশাৰী বাক্য লিখিবলৈ কিমান কষ্ট হৈছিল, সেয়া যেন অনুমান কৰিব নোৱাৰি ।
“মা মই কৈ গ’লো যে কুৰকৰিটো মই ৰাস্তাৰ কাষত পাইছিলো চুৰি কৰা নাই ।” এই এটা বাক্যই লিখা আছিল চিঠিখনত । এটা চিপছৰ পেকেট চুৰিৰ অভিযোগ উঠিছিল ল’ৰাটোৰ বিৰুদ্ধে ।
এই ঘটনাটো হৈছে পশ্চিম বংগৰ পূব মেদিনীপূৰৰ পাঁচকুড়াৰ । দেওবাৰে বজাৰৰ পৰা চিপছ কিনিবলৈ গৈছিল । ওচৰতে আছিল শুভংকৰ দীক্ষিত নামৰ এজন লোকৰ দোকান । সেই দোকানলৈ যায় কৃষ্ণেন্দু নামৰ সপ্তম শ্ৰেণীত অধ্যয়নৰত ল’ৰাটো । দোকানত ল’ৰাটোৱে বাৰে বাৰে মতাৰ পাছতো দোকানীৰ কোনো সঁহাৰি নাপালে । তেনেতে সি দোকানৰ বাহিৰত এটা চিপছৰ পেকেট পৰি থকা দেখা পায় । পেকেটটো হাতত লৈ সি ঘৰলৈ উভতি আহে । তেনেতে দোকানৰ মালিক শুভংকৰে মটকৰ চাইকেল লৈ ল’ৰাটোক পিছা কৰে আৰু তাক ধৰি চুৰিৰ অপবাদ জাপি দিয়ে ।
বজাৰৰ মাজত ল’ৰাটোক আঁঠু কঢ়াই কাণত ধৰোৱাৰ লগতে মাৰ-ধৰ কৰাৰো অভিযোগ উঠিছে । ল’ৰাটোৰ মাক-দেউতাকে অভিযোগ কৰা মতে, দোকানীজনক চিপছৰ পেকেটৰ দাম দিয়াৰ পাচতো ল’ৰাটোক অপমান কৰা হৈছিল । প্ৰথমে মাকেও তাক ঘটনাস্থলীতে ধমকৰ সুৰত শাসন কৰিছিল । তাৰ পাচত ঘৰলৈ লৈ আহে ।
চুৰিৰ অপবাদ সহিব পৰা নাছিল সৰু মনটোৱে । তাতে বজাৰত মানুহৰ আগত আঁঠু কঢ়াই তাক নাম দিয়া হৈছিল চোৰ । নিজৰ ক্লাছৰ বহিতেই মাকলৈ শেষ চিঠিখন লিখিলে ল’ৰাটো । ক’লে “মা মই চুৰি কৰা নাই”। তাৰ পাচত কীটনাশক খাই নিজকেই শেষ কৰাৰ চেষ্টা কৰে ল’ৰাটোৱে । তমলুক মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল তাক । কিন্তু বৃহস্পতিবাৰে পুৱা হাস্পতালৰ বিচনাতেই চিৰদিনলৈ চকু মুদিলে কৃষ্ণেন্দুৱে ।
ইতিমধ্যে আৰক্ষীয়ে চিচিটিভি ফুটেজ নীৰিক্ষণ কৰিছে । য’ত স্পষ্ট হৈছে, সঁচাকৈ ল’ৰাটোৱে চুৰি কৰা নাছিল । চাইকেল লৈ দোকানলৈ গৈছিল কৃষ্ণেন্দু ।
দোকানৰ ভিতৰলৈ গৈ দোকানীক বিচাৰে । কিন্তু কাকো নাপায় ওলাই আহে । তাৰ পাচত দোকানৰ বাহিৰত পৰি থকা চিপছৰ পেকেটটো লৈ গুচি যায় । আন এটা ভিডিঅ’ত দেখা গৈছে, সেই দোকানলৈ কৃষ্ণেন্দুক লৈ আহে মাকে । তেওঁ তাতেই পুতেকক শাসন কৰে । দোকানীয়েও কৃষ্ণেন্দুৰ পিঠিত হাত বুলাই দিয়া দেখা যায় । তেতিয়ালৈ যেন বহু দেৰি হৈছিল । কৃষ্ণেন্দুৰ সৰু মনটোত এই অপবাদে গভীৰলৈকে শিপাইছিল । যাৰ ফল স্বৰূপে ঘটিল এই অভাৱনীয় ঘটনা । ইফালে কৃষ্ণেন্দুৰ মৃত্যুৰ পাছৰ পৰাই পলাতক হৈ আছে দোকানী শুভংকৰ ।
এটা চিপছৰ পেকেটৰ বাবেই এনে এটা মৰ্মান্তিক ঘটনা সভ্য সমাজত কল্পনা কৰিব পাৰিনে বাৰু?