ছত্তীশগড়ত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত ৩০ নক্সালবাদী, অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

ছত্তীশগড়ৰ নাৰায়ণপুৰত নিৰাপত্তা বাহিনীয়ে চলোৱা এই অভিযানত ৩০ জন নক্সালবাদী সদস্য নিহত হৈছে। নিহত নক্সালবাদী সদস্যকেইজনৰ পৰা বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে বুলিও কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। নাৰায়ণপুৰ-দন্তেৱাড়া সীমান্তৰ মাদ অঞ্চলত নক্সালবাদীৰ উপস্থিতি সন্দৰ্ভত চোৰাংচোৱা তথ্য লাভ কৰাৰ পিছতে নিৰাপত্তা বাহিনীয়ে এই অভিযান চলাইছিল।

ছত্তীশগড়ত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত ৩০ নক্সালবাদী, অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

প্ৰতিনিধিত্বমূলক ছবি

Published: 

04 Oct 2024 | 08:19 PM

ছত্তীশগড়ত নক্সালবাদীৰ বিৰুদ্ধে ব্যাপক সক্ৰিয় হৈ পৰিছে নিৰাপত্তা বাহিনী। শেহতীয়া কিছুদিন ধৰি ৰাজ্যখনত নক্সালবাদৰ বিপক্ষে নিৰাপত্তা বাহিনীয়ে ধাৰাবাহিকভাৱে চলাইছে অভিযান। এনে অভিযানত প্ৰাণ হেৰুৱাইছে বহু নক্সাল সদস্যই। ৰাজ্যখনত চলোৱা এনে এক নক্সাল বিৰোধী অভিযানত আজি নিৰাপত্তা বাহিনীয়ে লাভ কৰিছে ব্যাপক সফলতা। ছত্তীশগড়ৰ নাৰায়ণপুৰত নিৰাপত্তা বাহিনীয়ে চলোৱা এই অভিযানত ৩০ জন নক্সালবাদী সদস্য নিহত হৈছে। ইতিমধ্যে ছত্তীশগড় আৰক্ষীয়ে চিনাক্ত কৰিছে নক্সালবাদী সদস্যকেইজনক।

নিহত নক্সালবাদী সদস্যকেইজনৰ পৰা বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে বুলিও কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। প্ৰকাশিত খবৰ অনুসৰি নাৰায়ণপুৰ-দন্তেৱাড়া সীমান্তৰ মাদ অঞ্চলত নক্সালবাদীৰ উপস্থিতিৰ সন্দৰ্ভত আৰক্ষীয়ে চোৰাংচোৱা তথ্য লাভ কৰিছিল। এই তথ্যৰ আধাৰত নাৰায়ণপুৰ আৰক্ষী আৰু দন্তৱাড়া আৰক্ষীৰ যুটীয়া দলটোৱে তালাচী অভিযান আৰম্ভ কৰে।

এই যৌথ অভিযানৰ সময়তে দুয়োপক্ষৰ মাজত সংঘৰ্ষ আৰম্ভ হয় আৰু এই সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ গুলীত ৩০ জন নক্সালবাদী নিহত হয়। বস্তৰ অঞ্চলৰ এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, নাৰায়ণপুৰ-দন্তেৱাড়া জিলাৰ সীমান্তৰ থুলথুলি গাঁৱৰ অৰণ্যত সংঘটিত হৈছিল এই অভিযান। নক্সালবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ লগে লগে নাৰায়ণপুৰ আৰু দন্তেৱাড়া জিলাৰ পৰা নিৰাপত্তাৰক্ষীৰ দল সেইস্থানলৈ প্ৰেৰণ কৰা হয়।

সংঘৰ্ষস্থলীত জিলা ৰিজাৰ্ভ গাৰ্ড আৰু এছটিএফৰ জোৱানো থকা বুলি আৰক্ষী বিষয়াগৰাকীয়ে লগতে সদৰী কৰে। বিষয়াগৰাকীয়ে লগতে প্ৰকাশ কৰা মতে, অভিযানৰ সময়ত নিৰাপত্তা বাহিনীৰ দলটোৰ ওপৰত দূপৰীয়া প্ৰায় ১ বজাত নক্সালবাদীৰ দলটোৱে গুলীচালনা কৰে। এই আক্ৰমণৰ প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষী জোৱানসকলেও প্ৰত্যাক্ৰমণ চলায় আৰু গুলীচালনাত ৩০ জন নক্সালবাদী নিহত হয়।

এই নক্সাল সদস্যসকলৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে নিৰাপত্তা বাহিনীয়ে মৃতদেহৰ কাষৰ পৰা AK-47 আৰু SLRকে ধৰি অন্যান্য অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰে। অভিযানত নিৰাপত্তা বাহিনীৰ কোনো জোৱানৰ হানি-বিঘিনি ঘটা নাই বুলি নিশ্চিত কৰে আৰক্ষী বিষয়াগৰাকীয়ে।

উল্লেখ্য যে ছত্তীশগড়ত নিৰাপত্তা বাহিনীয়ে অবিৰতভাৱে নক্সালবাদীৰ বিৰুদ্ধে অভিযান চলাই আছে। যিসকল নক্সালবাদীয়ে পুনৰ মূলসুঁতিলৈ আহিব বিচাৰে তেওঁলোককো বিশেষ অপাৰেচনৰ অধীনলৈ অহাৰ সুযোগ দিয়া হৈছে। এনে প্ৰচেষ্টাৰ পিছতো যিসকলে নক্সালবাদৰ পথ এৰি অহা নাই, তেওঁলোককো নিৰ্মূলৰ বাবে অভিযান তীব্ৰতৰ কৰি তুলিছে নিৰাপত্তা বাহিনীয়ে।

আৰক্ষী বিষয়াসকলে জানিবলৈ দিয়া মতে, দন্তেৱাড়া আৰু নাৰায়ণপুৰকে ধৰি ৭খন জিলাত এতিয়ালৈকে নিৰাপত্তা বাহিনীয়ে ১৮১জন নক্সালবাদীক হত্যা কৰিছে। পৃথক পৃথক এনকাউণ্টাৰত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত হৈছে এই নক্সাল সদস্যসকল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...