আছিল পাঁচ মাহৰ গৰ্ভৱতী ! নিজে পঢ়োৱা ১৩ বছৰীয়া ছাত্ৰলৈ পলাই গ’ল ২৩ বছৰীয়া শিক্ষয়িত্ৰী…

এইবাৰ নিজে পঢ়োৱা এজন ছাত্ৰলৈ পলাই গ’ল এগৰাকী মহিলা শিক্ষয়িত্ৰী । এই ঘটনাই শিক্ষক সমাজক লজ্জানত কৰাৰ লগতে গুৰু-শিষ্যৰ সম্পৰ্কত আঘাত সানিছে ।

আছিল পাঁচ মাহৰ গৰ্ভৱতী ! নিজে পঢ়োৱা ১৩ বছৰীয়া ছাত্ৰলৈ পলাই গল ২৩ বছৰীয়া শিক্ষয়িত্ৰী...

প্ৰতীকী ফটো

Published: 

02 May 2025 19:12 PM

পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা । এইবাৰ নিজে পঢ়োৱা এজন ছাত্ৰলৈ পলাই গ’ল এগৰাকী মহিলা শিক্ষয়িত্ৰী । এই ঘটনাই শিক্ষক সমাজক লজ্জানত কৰাৰ লগতে গুৰু-শিষ্যৰ সম্পৰ্কত আঘাত সানিছে । খবৰ অনুসৰি শিক্ষয়িত্ৰীগৰাকী বয়স হৈছে ২৩ বছৰ আৰু ছাত্ৰজনৰ বয়স ১৩ বছৰ ।

ঘটনাটো সংঘটিত হৈছে গুজৰাটৰ চুৰাট জিলাত । বিবাহপাশত আবদ্ধ হোৱাৰ উদ্দশ্যে এগৰাকী মহিলা শিক্ষয়িত্ৰী নিজে পঢ়োৱা এজন ছাত্ৰৰ লগত পলাই যায় । ছাত্ৰজনৰ পিতৃৰ অভিযোগ অনুসৰি, গুজৰাট-ৰাজস্থানৰ শামলাজী সীমান্তৰ পৰা আৰক্ষীয়ে দুয়োকে ইতিমধ্যে আটক কৰিছে । আচৰিত হ’বলগীয়া কথাটো হ’ল, শিক্ষয়িত্ৰীগৰাকী পাঁচ মাহৰ গৰ্ভৱতী আছিল ।

আৰক্ষীৰ জেৰাত শিক্ষয়িত্ৰীগৰাকীয়ে কয় যে, গৰ্ভত থকা শিশুটি হৈছে তেওঁ পলাই যোৱা সেই ১৩ বছৰীয়া ছাত্ৰজনৰ । অৱশ্য়ে এই কথা নিশ্চিত কৰিবৰ বাবে আৰক্ষীয়ে ডি এন এ পৰীক্ষা কৰিব বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, মাত্ৰ কেইদিনমান পূৰ্বে চুৰাট জিলাত এগৰাকী ২৩ বছৰীয়া মহিলা শিক্ষয়িত্ৰী এজন ১৩ বছৰীয়া ছাত্ৰলৈ পলাই গৈছিল। থানাত দিয়া এজাহাৰত ছাত্ৰজনৰ পিতৃয়ে শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰজনক অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰে।

আৰক্ষীয়ে নিৰুদ্দেশ হোৱা গোচৰ পঞ্জীয়ন কৰি দুয়োজনৰ সন্ধানত অভিযান আৰম্ভ কৰে। যোৱা বৃহস্পতিবাৰে আৰাৱল্লী জিলাত অৱস্থিত গুজৰাট-ৰাজস্থানৰ শামলাজী সীমান্তৰ পৰা আৰক্ষীয়ে দুয়োকে আটক কৰে । ইয়াৰ পাছত আৰক্ষীয়ে দুয়োকে চুৰাটলৈ লৈ আহে ।

আৰক্ষীয়ে ছাত্ৰজনক পিতৃৰ হাতত গতাই দিয়াৰ বিপৰীতে মহিলা শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । ছাত্ৰজনৰ পিতৃয়ে আৰক্ষীক এজাহাৰ দাখিল কৰাৰ লগে লগে সমগ্ৰ বিষয়টো পোহৰলৈ আহে। লাভ কৰা তথ্য অনুসৰি, শিক্ষকগৰাকীয়ে ছাত্ৰজনৰ প্ৰতি অতি আকৰ্ষিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। লগতে তিনিবছৰ ধৰি শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰজনক শিক্ষাদান কৰি আহিছে বুলি জানিব পৰা গৈছে  ।

দৰিদ্ৰ হৈ পৰিব আপুনি! আজিয়েই ঘৰৰ পৰা আঁতৰ কৰক এইবোৰ সামগ্ৰী...
ছালৰ সমস্যাৰ আঁৰতো আছে টোপনিৰ সম্পৰ্ক! হয়তো পূৰ্বে জনা নাছিল এনে তথ্য
ইউৰিক এচিড বৃদ্ধি হ’লে খাব নালাগে এইবোৰ খাদ্য, জানক চিকিৎসকৰ পৰা...
পাকঘৰত নিমখ আৰু হালধি একেলগে ৰখাটো শুভ নে অশুভ? বাস্তু শাস্ত্ৰই কি কয় চাওক...