জুবিনৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ৰ সংলাপত জুবিন গাৰ্গৰ কণ্ঠ শুনিবনে? নিশ্চিত কৰিলে পৰিচালক ৰাজেশ ভূঞাই

জুবিনৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতখনৰ অভাৱনীয় ক্ষতি। জুবিনৰ অভাৱ যেন কোনো কালে পূৰণ নহ’ব। জুবিনে কেৱল সংগীতৰ ক্ষেত্ৰখনতে নহয়, অসমীয়া ছবিজগতত এজন সুযোগ্য অভিনেতা হিচাপেও অভিনয় কৰি আহিছিল।

জুবিনৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ৰ সংলাপত জুবিন গাৰ্গৰ কণ্ঠ শুনিবনে? নিশ্চিত কৰিলে পৰিচালক ৰাজেশ ভূঞাই

ৰৈ ৰৈ বিনালে...

Updated On: 

04 Oct 2025 | 05:34 PM

জুবিনৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ শীঘ্ৰে মুকলি পাব। এই ছবিখন আছিল জুবিনৰ বহু হেঁপাহৰ ছবি। অসমৰ প্ৰথমখন মিউজিকেল ছবি হিচাপে নিৰ্মাণ কৰিছিল ‘ৰৈ ৰৈ বিনালে’। অক্টোবৰ মাহত ছবিখন মুক্তি দিব বিচাৰিছিল জুবিনে। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস, ছবিখনৰ সকলো কাম সম্পূৰ্ণ নহওতেই জুবিনে সকলোকে এৰি অজান দেশলৈ গুচি যায়। এতিয়া ছবিখনৰ বাকী আধৰুৱা কামখিনি জুবিনৰ সকলো বন্ধুৱে কৰিবলৈ সাজু হৈছে।

ছিংগাপুৰৰ পৰা আহি জুবিনে ডাবিং কৰাৰ কথা আছিল ‘ৰৈ ৰৈ বিনালে’ চিনেমাত। কিন্তু সেয়া হৈ নুঠিল! আজি পৰিচালক ৰাজেশ ভূঞাই কয়, ছবিখনৰ শ্বুটিঙত লেপেল লগোৱা আছিলে, আমি কণ্ঠ সলনি কৰিব বিচৰা নাই। জুবিনৰ প্ৰকৃত কণ্ঠয়েই আমি ব্যৱহাৰ কৰিম। অৱশ্যে তাত এটা দুটা অংশত বতাহ আছে বা অন্য শব্দ আছে, তেনেকুৱা শব্দবোৰ আমি AI ৰ জৰিয়তে জুবিনৰ কণ্ঠৰ লগতে মিলাম। জুবিনৰ ইচ্ছাৰ মতে সকলো কৰিম আমি। ৩১ অক্টোবৰতে আমি মুক্তি দিবলৈ চেষ্টা কৰি আছো। কিন্তু দুই এদিনৰ পৰা পৰিস্থিতি দেখি আমিও দুৰ্বল হৈছো, কিন্তু আমি চেষ্টা কৰিম।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...