জুবিন গাৰ্গৰ শেষ যাত্ৰাত বিশ্বৰ চতুৰ্থ বৃহৎ সমাৱেশ, লিমকা বুক অৱ ৰেকৰ্ডত প্ৰৱেশ

বিশ্বৰ চতুৰ্থ বৃহত্তম সমাৱেশ হিচাপে লিমকা বুক অৱ ৰেকৰ্ডৰ অভিলেখ গঢ়িলে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াই। কিংবদন্তি গায়ক জুবিন গাৰ্গক বিদায় দিবলৈ লাখ লাখ লোকৰ সমাবেশত গুৱাহাটী শোকৰ সাগৰলৈ পৰিণত হৈছিল। ৰাজপথটো দেখা গৈছিল মাত্ৰ জুবিন অনুৰাগীৰ ভিৰ।

জুবিন গাৰ্গৰ শেষ যাত্ৰাত বিশ্বৰ চতুৰ্থ বৃহৎ সমাৱেশ, লিমকা বুক অৱ ৰেকৰ্ডত প্ৰৱেশ

জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া বিশ্বৰ চতুৰ্থ বৃহৎ সমাৱেশ!

Published: 

24 Sep 2025 15:12 PM

সকলোকে কন্দুৱাই চিৰ বিদায় ল’লে জুবিন গাৰ্গে। অনুৰাগীক কন্দুৱাই নীৰৱে শুই পৰিল। জুবিনক শেষবাৰৰ বাবে বিদায় জনাবলৈ ২১ ছেপ্তেম্বৰৰ পৰা গুৱাহাটীত দেখা গৈছিল অনুৰাগীৰ ভিৰ।

সৰুসজাইত ৰখা হৈছে অমসীয়াৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ। অগণন গুণমুগ্ধই শ্ৰদ্ধা নিবেদন কৰিছে প্ৰিয় শিল্পীগৰাকীক। শোকৰ সাগৰলৈ ৰূপান্তৰিত হৈ পৰে অসম। স্বৰ্গৰথত জুবিন, ৰাজপথত ভিৰ হাজাৰ হাজাৰ অনুৰাগীৰ।

কোনেও আশা নকৰা সেই দৃশ্য। অনুৰাগীৰ মৰম দেখি বিশ্বৰ চতুৰ্থ বৃহত্তম সমাৱেশ হিচাপে লিমকা বুক অৱ ৰেকৰ্ডৰ অভিলেখ গঢ়িলে জুবিন গাৰ্গৰ শেষ যাত্ৰাই। লিমকা বুক অৱ ৰেকৰ্ডছে ইয়াক ইতিহাসৰ অন্যতম বৃহৎ ৰাজহুৱা অন্ত্যেষ্টিক্ৰিয়া হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়ে। মাইকেল জেকচন, পোপ ফ্ৰান্সিছ, এলিজাবেথ(II)ৰ দৰে ব্যক্তিসকলৰ পিছত শেষ যাত্ৰাত কাষত থিয় হৈছিল অসংখ্য লোক। এইবাৰ বিশ্বজুৰি চতুৰ্থ বৃহত্তম ৰাজহুৱা সমাৱেশ হিচাপে তালিকাভুক্ত হৈছে জুবিন গাৰ্গৰ শেষ যাত্ৰা।

‘কিং অৱ হামিং’ বুলি খ্যাচ জুবিন গাৰ্গ কেৱল এজন সাধাৰণ গায়ক নহয়। ২০০৬ চনৰ Gangstar চলচ্চিত্ৰৰ “Ya Ali” গানেই সমগ্ৰ দেশত জনপ্ৰিয়তা অৰ্জন কৰিছিল। জুবিন গাৰ্গ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ, চলচ্চিত্ৰ অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক, চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যলেখক, কবি আৰু সমাজকৰ্মী। অসমীয়া, হিন্দী, বঙালী, বড়ো, কোচ-ৰাজবংশী (কমতাপুৰী/ গোৱালপাৰীয়া), চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, ডিমাচা, টাই-আহোম, নেপালী, ভোজপুৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী, ককবৰক, ওড়িয়া, তামিল, তেলুগু, কন্নড়, ইংৰাজী, আদি, গালো, মালয়ালম, মাৰাঠী ইত্যাদি বিভিন্ন ভাষাত তেওঁ‌ কণ্ঠদান কৰিছে। ১৯৯২ চনত জুবিনৰ প্ৰথমটো এলবাম অনামিকা মুক্তি পায়। ইয়াৰ লগে লগেই জুবিন পেছাদাৰী সংগীত জগতখনত জড়িত হৈ পৰে।

 

মৃত ব্যক্তিৰ ফটো ঘৰৰ ক'ত ৰাখিব লাগে? বাস্তু মতে...
এই ৫ বিধ ফলে মজবুত কৰি ৰাখে যকৃত, নহয় ৰোগ...
জেনেটিক কিডনী ষ্টোনৰ সম্ভাৱনা কেনেকৈ হ্ৰাস কৰিব পাৰি?
ঋতু পৰিৱৰ্তনৰ সময়ত ভাইৰাছৰ সংক্ৰমণৰ বাছি থকাৰ উপায়...