Zubeen Garg Death: জুবিন গাৰ্গ আৰু নাই, সকলোকে এৰি গুচি গ’ল হাৰ্টথ্ৰ’ৱ
জুবিন গাৰ্গ আৰু নাই, অনুৰাগীক শোক সাগৰত পেলায় অজান মুলুকলৈ গ’লগৈ জুবিন গাৰ্গ। শিল্পীগৰাকীৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি ৷

জুবিন গাৰ্গৰ অকাল মৃত্যু
হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। ছিংগাপুৰত জুবিনে কেইজনমান বন্ধুৰ সৈতে য়ট লৈ সাগৰলৈ গৈছিল। আটাইকেইজন বন্ধু লাইফ জেকেট পিন্ধি লগ হৈ সাগৰত সাঁতুৰিছিল। সাঁতুৰি থকাৰ সময়তে জুবিনৰ seizure attack আহিছিল।
ছিংগাপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰি জৰুৰীকালীন ভাৱে চিকিৎসালয়ত ভৰ্তি কৰে যদিও জুবিন গাৰ্গক জীয়াই ৰাখিব নোৱাৰিলে।
অনামিকাৰ পৰা আৰম্ভ হোৱা জুবিনৰ সুৰীয়া যাত্ৰা ছিংগাপুৰত অন্ত পৰে। জুবিনৰ গায়নশৈলী তথা পৰিৱেশনশৈলীয়ে সকলোকে মুগ্ধ কৰিছিল ।বৃহস্পতিবাৰে শেষৰ বাবে সংগীত পৰিৱেশন কৰে জুবিনে। জুবিন গাৰ্গৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি ৷ বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ মৃত্যুত অজস্ৰ গুণমুগ্ধই শোকত ভাঙি পৰিছে। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ ছিংগাপুৰলৈ দুদিন পূৰ্বে গৈছিল জুবিন গাৰ্গ।
জীৱনৰ সৈতে যুঁজি ছিংগাপুৰত মৃত্যু ঘটিল হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ। আজি ছিংগাপুৰত স্তব্ধ হৈ পৰিল এক অনবদ্য সুৰীয়া যাত্ৰা। আজিৰ দিনটো অসমৰ সংগীত জগতৰ বাবে অত্যন্ত দুখৰ দিন। আমাৰ হৃদয়ৰ জনগায়ক, অসমৰ ধ্বনি জুবিন গাৰ্গৰ মৃত্যু সংবাদে সকলোকে শোকাহত কৰিছে।
অসমীয়া সংগীতক ৰুচিশীলতাৰে আগুৱাই নিছিল কণ্ঠশিল্পীগৰাকীয়ে। জুবিনৰ অকাল বিয়োগত শোকপ্ৰকাশ কৰিছে প্ৰতিজন সাংস্কৃতিক কৰ্মীৰ লগতে দল-সংগঠনে।