Zubeen Garg passes away: শেষ মুহূৰ্তত কি হৈছিল জুবিন গাৰ্গৰ সৈতে, ভাইৰেল সেই অডিঅ’ গৰিমা গাৰ্গৰ জানো!

Zubeen Garg passes away: ছিংগাপুৰত হেৰাই গ'ল অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। কিন্তু কেনেকৈ তেওঁৰ অকাল মৃত্যু ঘটিল, সেই সময়ত কোন কোন আছিল, সবিশেষ জনালে পত্নী গৰিমা শইকীয়া গাৰ্গে।

Zubeen Garg passes away: শেষ মুহূৰ্তত কি হৈছিল জুবিন গাৰ্গৰ সৈতে, ভাইৰেল সেই অডিঅ গৰিমা গাৰ্গৰ জানো!

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত কি ক'লে পত্নী গৰিমাই?

Updated On: 

24 Sep 2025 | 01:56 PM

কেতিয়াও শুনিব নোখোজা এটা খবৰ শুকুৰবাৰৰ দিনটোত লাভ কৰিলে অসমবাসীয়ে। কায়িকভাৱে ইহ সংসাৰৰ পৰা বিদায় মাগিলে জুবিন গাৰ্গে। অসম আৰু অসমীয়াক মৰি মুজি ভালপোৱা শিল্পীগৰাকীয়ে মৃত্যুক সাৱচিলে ছিংগাপুৰত। স্কুবা ড্ৰাইভিঙৰ সময়তেই তেওঁৰ মৃত্যু হোৱা বুলি বাতৰি প্ৰকাশ পাইছে।

নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ ছিংগাপুৰলৈ গৈছিল জুবিন গাৰ্গ। ২১ ছেপ্টেম্বৰত ওভতি অহাৰ কথা আছিল। কিন্তু তাৰ পূৰ্বেই আহিল বেয়া খবৰটো। হাঁহিমুখে অনুষ্ঠান পৰিৱেশ কৰিবলৈ যোৱা জুবিন গাৰ্গ এতিয়া উভতি আহিব বগা কাপোৰৰ আঁৰত।

জুবিন গাৰ্গৰ মৃত্যুৰ পাছতেই তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ বুলি চৰ্চিত হোৱা এটা অডিঅ’ কলত শেষ সময়ত কি ঘটিছিল সেই বিষয়ে কিছু ব্যক্ত কৰা হৈছে। অৱশ্যে বহুতেই সেয়া গৰিমা গাৰ্গৰ বক্তব্য নহয় বুলিও উল্লেখ কৰিছে।

সদায় ছাঁটোৰ দৰে থকা গৰিমা এইবাৰ কাষত নাছিল জুবিনৰ। অডিঅ’টোত কোৱা হয় জুবিনৰ সৈতে ৭-৮ টা মান ল’ৰা আছিল। সাগৰলৈ যাওঁতেই শেখৰ আৰু সিদ্ধাৰ্থৰ লগতে জুবিনৰ সৈতে আছিল ছিংগাপুৰৰ কেইজনমান যুৱক। তেওঁলোকে একেলগে সাগৰত গা ধুই পাৰলৈ উঠি আহিছিল।

সকলোৱেই পিন্ধি আছিল লাইভ জেকেট। কিন্তু পাৰলৈ উঠি অহাৰ পাছত জুবিন গাৰ্গ পুনৰ পানীত নামিছিল। কিন্তু অকস্মাৎ জুবিন গাৰ্গৰ দেহটো স্থবিৰ হৈ পৰিছিল। লগে লগে তেওঁৰ সহযোগীসকলে জুবিনক পাৰলৈ তুলি আনে। তাৰ পাছত তেওঁক চিকিৎসালয়লৈ লৈ যায়।

চিজাৰ এটেকৰ সমস্য়া আছিল জুবিন গাৰ্গৰ। এইবাৰো সেয়াই হৈছিল। চিকিৎসালয়ত তেওঁক প্ৰায় দুঘণ্টা আই চি ইউত ৰখা হয়। কিন্তু তাতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। স্কুবা ড্ৰাইভিঙৰ তথ্য সঁচা নহয় বুলি কোৱা হৈছে সেই বিশেষ অডিঅ’টোত।

উল্লেখ্য যে যোৱা কিছুদিনৰ পৰা সঘনাই অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ। চিকিৎকে তেওঁক বিশ্ৰামৰ পৰামৰ্শ দিছিল। কিন্তু জনতাৰ মৰমৰ শিল্পীগৰাকীয়ে ৰাইজৰ অনুৰোধ উপেক্ষা কৰিব নোৱাৰি কৰি গৈছিল সংগীতানুষ্ঠান।

তাৰোপৰি তেওঁ ৰৈ ৰৈ বিনালে নামৰ ছবিখনৰ কামো কৰি আছিল। ইয়াৰ বাহিৰেও আন কেবাখনো ছবিৰ কাম হাতত লৈছিল জুবিন গাৰ্গে। কিন্তু এতিয়া সকলো পৰি ৰ’ল। এই পৃথিৱীৰ মায়া এৰি অজান দেশলৈ পাখি মেলি উৰি গ’ল জুবিন গাৰ্গ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব