অসমীয়াৰ দেহৰ সিৰাই-উপসিৰাই চিৰ প্ৰবাহমান হৈ থাকিব জুবিন নামৰ সত্বাটো

Zubeen Garg Passes away: অজস্ৰ গুণমুগ্ধক শোকসাগৰত পেলাই এই মায়াৰ ধৰা এৰি গুচি গ'ল অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। কেতিয়াও উভতি নহাৰ বাটেৰে গুচি যোৱা শিল্পীগৰাকীৰ শোকত শোকস্তব্ধ সমগ্ৰ ৰাজ্য। এবাৰ মনত পেলাওঁ আহক জুবিন গাৰ্গক-

অসমীয়াৰ দেহৰ সিৰাই-উপসিৰাই চিৰ প্ৰবাহমান হৈ থাকিব জুবিন নামৰ সত্বাটো

জুবিন গাৰ্গৰ মহাপ্ৰয়াণ

Updated On: 

19 Sep 2025 23:57 PM

জুবিন গাৰ্গ কোন? এই কথা যদি কোনোবাই সোধে, তেন্তে উত্তৰ দিবলৈ কঠিন। কি বুলি ক’ব জুবিন গাৰ্গক? কি উপমা দিলে পৰিপূৰ্ণ হ’ব তেওঁৰ পৰিচয়? গানেই তেওঁৰ জীৱন যদিও কেৱল গানতেই জানো সীমাবদ্ধ জুবিন নামৰ মানুহজন! অভিনয়, পৰিচালনা, ক্ৰীড়া আদি সকলো ক্ষেত্ৰতে জুবিন গাৰ্গৰ খোজৰ চিন ৰাখিবলৈ সক্ষম হৈছিল জুবিন গাৰ্গে। সৰ্বোপৰি তেওঁ এগৰাকী মানৱ দৰদী ব্যক্তি। তেওঁৰ গানতেই উশাহ লৈ লয় কোটি কোটি অসমীয়াই।

জুবিন গাৰ্গ

২০২৫ চনৰ ১৯ ছেপ্টেম্বৰ দিনটো যেন অসম আৰু অসমীয়াৰ বাবে এক ক’লা শুকুৰবাৰ। এইদিনটোত দুপৰতেই নামিছিল কাল অমানিশা। সুদূৰ ছিংগাপুৰৰ পৰা অহা এক খবৰে স্তব্ধ কৰিছিল অসমীয়াৰ হৃদস্পন্দন। জুবিন গাৰ্গ আৰু নাই…নিষ্ঠুৰ নিয়তিয়ে তেওঁক কাঢ়ি নিলে আমাৰ মাজৰ পৰা। অসম আৰু অসমীয়াক মৰিমুজি ভালপোৱা জুবিন গাৰ্গ হেৰাই গ’ল চকুৰে নেদেখা দূৰণিৰ সমুদ্ৰত।

লগতে পঢ়ক: অসমীয়াই শুনিব নোখোজা এটা খবৰ…জুবিন গাৰ্গ কায়িকভাৱে আৰু নাই, ভাগৰিব নোখোজা কণ্ঠটো আজি ৰুদ্ধ হৈ ৰ’ল অনাদি কাললৈ

নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ ছিংগাপুৰলৈ গৈছিল জুবিন গাৰ্গ। ২১ ছেপ্টেম্বৰত ঘূৰি অহাৰ কথা আছিল। কিন্তু সেয়া তেওঁৰ শেষযাত্ৰা হৈ ৰ’ল। সাগৰ সাঁতুৰিব খোজা জুবিন গাৰ্গ বিলীন হৈ গ’ল নীলিম সাগৰত। মৃগী ৰোগৰ সমস্যা থকা জুবিন গাৰ্গ পানীত নমাৰ পাছতেই অকস্মাৎ স্থৱিৰ হৈ পৰিল। সহযোগীয়ে উদ্ধাৰ কৰি লৈ আনে পাৰলৈ। তাৰ পাছত নিয়া হয় হাস্পতাললৈ।

জুবিন গাৰ্গ

আই চি ইউত প্ৰায় দুঘণ্টা সময় ৰখা হ’ল। জুবিনৰ শাৰীৰিক অৱস্থাৰ খবৰ পোৱাৰ লগে লগেই অসমীয়া ৰাইজে প্ৰাৰ্থনা কৰিছিল নেদেখা জনক। কিন্তু ৰাইজৰ কাকূতি নুশুনিলে ঈশ্বৰে। অকালতে লৈ গ’ল জুবিন গাৰ্গক আমাৰ পৰা।

জুবিন গাৰ্গ কি নাছিল? একাধাৰে কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, অভিনেতা, পৰিচালক। প্ৰায় ৩৮,০০০ গীত কণ্ঠ নিগৰাইছিল তেওঁ। ৪৪ খন ছবিত সংগীত পৰিচালনা আৰু ৪০ টা বিভিন্ন ভাষাত গাইছিল গীত। অসমীয়াৰ উপৰিও বাংলা, ওড়িয়া, হিন্দী, তামিল তেলুগু, মাৰাঠী আদি বিভিন্ন ভাষাত গোৱা তেওঁৰ গীতে ব্যাপক সমাদৰ লাভ কৰিছিল।

জুবিন গাৰ্গ

জুবিন গাৰ্গৰ জন্ম আৰু শিক্ষা

১৯৭২ চনৰ ১৮ নৱেম্বৰ, মোহিনী মোহন বৰঠাকুৰ আৰু ইলি বৰঠাকুৰৰ জীৱনলৈ আহিছিল এটি সন্তান। কিংবদন্তি সংগীতকাৰ জুবিন মেহতাৰ নামেৰেই শিশুটিৰ নাম ৰখা হৈছিল জুবিন, জুবিন বৰঠাকুৰ। পাছলৈ বৰঠাকুৰ উপাধি এৰি গোত্ৰ মতে গাৰ্গ উপাধি লিখিছিল জুবিনে। শ্বিলঙৰ তুৰাত জন্মগ্ৰহণ কৰা জুবিনে পিতৃৰ চাকৰিৰ খাতিৰত অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগীয়া হৈছিল। তামুলপুৰত স্কুলীয়া শিক্ষা সাং কৰাৰ পাছত তেওঁ যোৰহাট আৰু পাছলৈ গুৱাহাটীত উচ্চশিক্ষা গ্ৰহণ কৰে। বি. বৰুৱা মহাবিদ্যালয়ত স্নাতক শাখাত তেওঁ অধ্যয়ন কৰিছিল।

জুবিন গাৰ্গ

১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত পাশ্চাত্য সংগীতত সোণৰ পদক লাভ কৰিছিল জুবিন গাৰ্গে। সেয়াই আছিল আৰম্ভণি। তাৰ পূৰ্বে তেওঁ বিভিন্ন বাদ্য-যন্ত্ৰও বজাইছিল।

জুবিন গাৰ্গৰ সাংগীতিক আৰু অভিনয় যাত্ৰা

১৯৯২ চনত জুবিন গাৰ্গৰ প্ৰথমটো গীতৰ এলবাম অনামিকা। তাৰ পিছত আৰু উভতি চাবলগীয়া হোৱা নাই জুবিন গাৰ্গে। মায়া, হিয়ামন, পাখি, শিশু, যন্ত্ৰ, চিনাকী মন আদি অনেক এলবামৰ জন্ম দিলে তেওঁ। শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে মুখত তেওঁৰ গীতৰ কলি চিৰ প্ৰবাহমান। বিহুগীত, টোকাৰী গীত, বৰগীত, দিহানামৰ পৰা বিভিন্ন জনগোষ্ঠীয় লোকসংগীতলৈকে সকলোতেই জুবিন গাৰ্গে কণ্ঠ নিগৰাইছিল।

জুবিন গাৰ্গ

বহুকেইখন ছবিত অভিনয়ো কৰিছিল তেওঁ। তুমি মোৰ মাথোঁ মোৰ, মন যায়, দীনবন্ধু, প্ৰিয়াৰ প্ৰিয়, মিছন চাইনা, কাঞ্চনজংঘা, ডঃ বেজবৰুৱা২, চিকাৰ আদি তেওঁৰ অভিনীত ছবি। কেবাখনো ছবি তেওঁ নিজেই পৰিচালনাও কৰিছিল। অতি শেহতীয়াকৈ ৰৈ ৰৈ বিনালে ছবিখনৰ কামত ব্যস্ত আছিল জুবিন গাৰ্গ।

জুবিন নামৰ সত্বাটো জীয়াই থাকিব চিৰদিন

নিজৰ কণ্ঠৰে চিৰদিন চিৰকাল অসম আৰু অসমীয়াৰ বুকুত জীয়াই থাকিব জুবিন গাৰ্গ। পুৱাৰ হাঁহিত জীয়াই থাকিব জুবিন, দুপৰৰ মোহনাত জীয়াই থাকিব জুবিন গাৰ্গ, খিৰিকী মেলোতেই মনত পৰিবলৈ জুবিন গাৰ্গলৈ, দিহিঙৰ গৰাত জীয়াই থাকিব জুবিন গাৰ্গ, দৰিয়াঘাটত জীয়াই থাকিব জুবিন গাৰ্গ, জোনাক গলা জাৰৰ নিশা জীয়াই থাকিব জুবিন গাৰ্গ। কাৰণ জুবিন গাৰ্গে অসমীয়াক দি গৈছে জীয়াই থকাৰ উশাহ আৰু প্ৰেৰণা। এক সত্বাৰ নাম জুবিন। যি সত্বাই প্ৰতি নিয়ত অসম আৰু অসমীয়াৰ বাবে বিনাইছিল।

জুবিন গাৰ্গ

বয়স ৫২ বছৰ হ’লেও স্বভাৱত জুবিন আছিল এটি শিশু। কেতিয়াবা মঞ্চতে কান্দিছিল, কেতিয়াবা ধেমালি কৰিছিল। মনলৈ যি আহে তাকেই কৈ দিছিল মুকলিকৈ। নিজৰ গীতত তেওঁ কৈছিল জীৱৰ ভৰসা নাই শুনিছানে নাই, আজি হাঁহি আছোঁ ক’বওতো নোৱাৰোঁ, কালি বা কি আছে হাই কপালতে…। সঁচাকৈ গীতত কোৱাৰ দৰেই জীৱনৰ ভৰষা নাই। এই মায়াৰ ধৰাত দুদিনৰ মাথোঁ আলহী আমি। আৰু সেই মায়াৰ ধৰা এৰি, অজস্ৰ গুণমুগ্ধক কন্দুৱাই জুবিন গাৰ্গে আজি চিৰবিদায় মাগিলে।

ঘৰুৱা উপায়েৰে চিকচিকিয়া কৰি তোলক আপোনাৰ দাঁত...
খাতিৰ নকৰাকৈ গ'লগৈ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ...
ওজন বৃদ্ধি, আৰু ভাগৰ... এয়া বৃক্কজনীত সমস্যাৰ লক্ষণ নেকি?
১০ বছৰ পাছত বিৰল সংযোগ! নৱেম্বৰত কপাল ফুলিব এই ৰাশিৰ লোকৰ...