এই মায়াৰ ধৰাত অসমীয়াৰ মন ৰিঙা ৰিঙা কৰি শান্তিৰ সৰগলৈ জুবিন গাৰ্গ, চকুৰ লোটকেৰে বিদায় জনালে পৰিয়াল আৰু অনুৰাগীয়ে
Zubeen Garg Funeral: অৱশেষত সোণাপুৰ কমাৰকুছিত চিৰনিদ্ৰাত জুবিন গাৰ্গ। কোনো অসমীয়াই কাহানিও পাহৰিব নোৱৰা জুবিন গাৰ্গক বিদায় জনালে অশ্ৰুসিক্ত নয়নেৰে। শিল্পীগৰাকীৰ প্ৰিয় মায়াবিনী গীতটি সমস্বৰে গালে উপস্থিত সকলোৱে।

জুবিন গাৰ্গৰ শেষকৃত্য
এই মায়াৰ ধৰা এৰি পাখি মেলি সৰগলৈ গুচি গ’ল অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। সুৰৰ মায়াৰে অসমৰ প্ৰতিটো প্ৰজন্মক বান্ধি ৰখা জুবিন গাৰ্গৰ শেষকৃত্য সোণাপুৰৰ হাতীমূৰাৰ কমাৰকুছিত সম্পন্ন কৰা হয়। মৃত্যুৰ খবৰৰ পাছতেই স্বতঃস্ফূৰ্তভাৱে স্তব্ধ হৈ পৰিছিল সমগ্ৰ অসম। আজি সমাধিস্থলত উপস্থিত অনুৰাগীৰ লগতে লাখ লাখ জনতাই অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় জনালে মৰমৰ শিল্পীগৰাকীক।
ধুমুহাৰ সৈতে যুগে যুগে নাচিও ভাগৰি নপৰা জুবিন গাৰ্গ আজি নীৰৱে শুই পৰিলে। অনামিকাৰে আৰম্ভ হোৱা মায়াময় যাত্ৰাক হিয়ামনেৰে গ্ৰহণ কৰি শিশু জুবিনক মৰমৰ শিকলিৰে বান্ধি ৰাখিছিল প্ৰতিজন অসমীয়াই। পাখি মেলি অসমৰ প্ৰতিজনৰে হৃদয়ত বাহ সাজি উন্মনা মনৰ জুবিনৰ আলসুৱা মনে নিজানত জোনাক বিলাইছিল।
লগতে পঢ়ক: Zubeen Garg’s Funeral: পঞ্চভূতত বিলীন জুবিন গাৰ্গ, মায়াবিনীৰ সুৰেৰে প্ৰাণৰ শিল্পীক চিৰবিদায়
সকলোৱেই কৈছিল তুমি মোৰ মাথোঁ মোৰ, অসমীয়াৰ সৈতে হিয়া দিয়া নিয়া কৰিব পৰা নায়ক আছিল জুবিন গাৰ্গ। বিধাতাৰ কিনো লিখনি, আলসুৱা মনৰ জুবিন গাৰ্গক সোণেৰে সজোৱা পঁজাৰ পৰা কাঢ়ি নি ৰিঙা ৰিঙা কৰিলে অসমীয়াৰ মন। সেয়ে আজি ৰৈ ৰৈ বিনাইছে অসমীয়াই। সময়ো যেন থমকি ৰৈছে আনে যোৱা বাটে নোযোৱা মানুহজনক কাঢ়ি নিবলৈ।
অন্তিম বিদায়
২১ টোপ গুলী ফুটাই ৰাষ্ট্ৰীয় মৰ্যাদাৰে সন্মান জনোৱা হয় জুবিন গাৰ্গক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী ক্ৰমে কিৰেণ ৰিজিজু, সৰ্বানন্দ সোণোৱাল, আছু, আক্ৰাছু, এবছু, কাৰ্বি ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কাৰ্বি ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰসন্থাকে ধৰি অসংখ্যজনে শেষ শ্ৰদ্ধা জনায় শিল্পীগৰাকীক।
পিতৃ কপিল বৰঠাকুৰ, পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী, সহযোগী সকলোৱেই শোকাকুল পৰিৱেশৰ মাজত জুবিন গাৰ্গক বিদায় জনায়। ভগ্নী পামী বৰঠাকুৰে মুখাগ্নি কৰে শিল্পীগৰাকীক। তেওঁৰ সৈতে সহযোগ কৰে ৰাহুল গৌতম শৰ্মা, ৰিতু প্ৰয়াগ গাৰ্গ আৰু অৰুণ গাৰ্গে।
অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বেই জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় জি এম চি এইচত। জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰহস্যৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত মৰণোত্তৰ পৰীক্ষাৰ দাবী জনাইছিল সমাজৰ প্ৰতিটো স্তৰৰ লোকে। সেই বাবেই চৰকাৰে পৰিয়ালৰ অনুমতি সাপেক্ষে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে। তাৰ পাছতেই জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ যোৱা হয় সোণাপুৰৰ সমাধিস্থলীলৈ।
জুবিন গাৰ্গক শেষ বিদায় জনাবলৈ অনুৰাগীৰ ভিৰ
জুবিন গাৰ্গ কেৱল এজন শিল্পী নাছিল। অসমৰ কেবাটাও প্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণাৰ নাম আছিল জুবিন গাৰ্গ। এটি আহ্বানৰ নাম আছিল জুবিন গাৰ্গ। সমাজৰ বিভিন্ন বিষয়ত মাত মতা এটি বলিষ্ঠ কণ্ঠ আছিল জুবিন গাৰ্গ। বহু লোকৰ বাবে এক ভৰসাৰ নাম আছিল জুবিন গাৰ্গ। কিন্তু আজি সেই জুবিন গাৰ্গে জীৱন নাটৰ সামৰণি মাৰি সিপাৰত শান্তি লভিবলৈ গুচি গ’ল।
জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৱে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা দেখা যায়। তেওঁৰ নশ্বৰ দেহ গুৱাহাটী আহি পোৱাৰ পিছৰে পৰা শত-সহস্ৰ অনুৰাগীয়ে বিমান বন্দৰৰ পৰা আদৰি আনে পুষ্প সজ্জিত বাহনত। সৰুসজাই দুদিন শেষ শ্ৰদ্ধাৰ বাবে ৰখা হয় জুবিন গাৰ্গক। আৰু আজি চিতাগ্নিত বিলীন হৈ গ’ল অসম আৰু অসমীয়াক মৰি-মুজি ভালপোৱা মানুহজন।
সমাধিস্থলীত জুবিন গাৰ্গৰ নশ্বৰ দেহ আহি পোৱাৰ পিছতেই বৈদিক মন্ত্ৰোচাৰণৰ লগতে সকলোৱে একেমুখে গালে তেওঁৰ প্ৰিয় গীত ‘মায়াবিনী ৰাতিৰ বুকুত’। জুবিন দা অমৰ হওক, জয় জুবিন দা ধ্বনিৰে মুখৰিত হয় সমাধি ক্ষেত্ৰ। শিল্পীগৰাকীক শ্ৰদ্ধা জনাবলৈ যি জনস্ৰোতৰ সৃষ্টি হয়, সেয়া ভাৰতৰ ভিতৰতেই উল্লেখনীয়। ইয়াৰ পূৰ্বে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়ত এই ধৰণৰ সমাৱেশৰ সৃষ্টি হৈছিল।
সমাজৰ নেতৃস্থানীয় ব্যক্তিৰ পৰা সাধাৰণ লোকলৈ সকলোৱেই এটোপাল অশ্ৰু নিৰগোৱা দেখা গ’ল। নিজৰ বুকুখন উকা অনুভৱ কৰিছে প্ৰতিজন অসমীয়াই। যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত মৃত্যুক সাৱটি লৈছিল জুবিন গাৰ্গে। সমুদ্ৰত সাঁতোৰাৰ সময়তে তেওঁৰ মৃত্যু হোৱা বুলি মৃত্যুৰ প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে যদিও তেওঁৰ মৃত্যু ৰহস্যঘন হৈ পৰিছে।
ছিংগাপুৰলৈ জুবিন গাৰ্গক লৈ যোৱা নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, সহযোগী শেখৰজ্যোতি গোস্বামীকে ধৰি শেষ সময়ত জুবিন গাৰ্গৰ সৈতে থকা লোকসকলৰ বিৰুদ্ধে তদন্ত কৰিবলৈ দাবী জনাইছে সকলোৱে। ইতিমধ্যে অসম চৰকাৰে চি আই ডিক ইয়াৰ দায়িত্ব অৰ্পন কৰিছে। এতিয়া সকলোৱে অপেক্ষা কৰি ৰৈছে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত হোৱালৈ।