Zubeen Garg journey: অনামিকাৰ পৰা কেনেকৈ আৰম্ভ হৈছিল জুবিনৰ সংগীত যাত্ৰা?
জোনবাইৰ দেশলৈ গুচি গ'ল জুবিন গাৰ্গ। প্ৰিয় শিল্পীগৰাকীৰ সৈতে এয়াই অনুৰাগীৰ শেষ দেখা। অনামিকাৰ পৰা বহু আশা লৈ সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল জুবিনে।

অনামিকাৰ পৰা কেনেকৈ আৰম্ভ হৈছিল জুবিনৰ সংগীত যাত্ৰা?
জুবিন গাৰ্গ আমাৰ মাজত নাই…অনুৰাগীক কন্দুৱাই নীৰৱে শুই পৰিল প্ৰিয় শিল্পী জুবিন গাৰ্গ। জুবিনক শেষবাৰৰ বাবে বিদায় দিবলৈ অনুৰাগীৰ ভিৰ। আপুনি জানেনে জুবিনৰ সংগীতৰ যাত্ৰাৰ আৰম্ভণিৰ বিষয়ে।
১৯৭২চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত জুবিন গাৰ্গৰ জন্ম হয়। জুবিনৰ পিতৃৰ নাম হৈছে মোহিনী মোহন বৰঠাকুৰ আৰু মাতৃৰ নাম আছিল স্বৰ্গীয়া ইলি বৰঠাকুৰ। প্ৰথমতে জুবিনৰ নাম আছিল জুবিন বৰঠাকুৰ। প্ৰসিদ্ধ গীতিকাৰ জুবিন মেহতাৰ নামত জুবিনৰ নাম ৰখা হৈছিল আৰু গোত্ৰৰ নামটো তেওঁ উপাধি হিচাপে ব্যৱহাৰ কৰে।
শৈশৱ, কৈশোৰ আৰু যৌৱন
জুবিনৰ পৰিয়াল মূলতে শিৱসাগৰ জিলাৰ জাঁজীৰ। জুবিনৰ দেউতাক কৰ্ম-সূত্ৰে মেজিষ্ট্ৰেট আছিল। আৰু চাকৰি জীৱনৰ প্ৰথমছোৱাত সঘনাই ইঠাই-সিঠাইলৈ বদলি হ’বলগীয়া হৈছিল। সেয়েহে কণমানি জুবিনৰ ল’ৰালিকালছোৱা বহু ঠাইৰ অভিজ্ঞতাৰে ভৰা। জুবিনৰ পিতৃয়েও কপিল ঠাকুৰৰ ছদ্মনামত কবিতা আৰু গল্প লিখে। মাতৃ স্বৰ্গীয়া ইলি বৰঠাকুৰ এগৰাকী দক্ষ নৃত্যশিল্পী, অভিনেত্ৰী আৰু সুগায়িকা আছিল। তথাপি তেওঁ নিজৰ প্ৰতিভাক পেছা হিচাপে লোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ কণমানি জুবিনক ঘৰতেই সকলো কলা শিকোৱাৰ সিদ্ধান্ত লৈছিল।
জুবিনে জীৱনৰ প্ৰথম গুৰু বুলি নিজৰ মাতৃকেই বিবেচনা কৰে। জুবিনৰ ভগ্নী দুগৰাকী: জংকী বৰঠাকুৰ আৰু পাল্মী বৰঠাকুৰ। জংকী এগৰাকী গায়িকা আছিল। দুৰ্ভাগ্যজনকভাৱে ২০০২ চনত তেজপুৰত ঘটা এটা শোকাৱহ মটৰ দুৰ্ঘটনাত জংকীৰ মৃত্যু হয়। ইয়াৰ পিছতে জুবিনে জংকিৰ স্মৃতিত শিশু নামৰ এটা এলবাম মুক্তি দিয়ে। আনগৰাকী ভগ্নী পাল্মী ভাৰত নাট্যম নৃত্যশিল্পী। ২০০২ চনৰ ৪ ফেব্ৰুৱাৰীত জুবিন গাৰ্গ ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়াৰ সৈতে বিবাহ পাশত আবদ্ধ হয়।
সংগীত যাত্ৰা
জুবিনে জীৱনৰ প্ৰথম গুৰু বুলি নিজৰ মাতৃকেই বিবেচনা কৰে। গুৰু ৰবীন বেনাৰ্জীৰপৰা জুবিনে তবলা শিক্ষাৰে সংগীত শিক্ষা আৰম্ভ কৰিছিল। তাৰ পিছত গুৰু ৰমণী ৰায়ৰ ওচৰত অসমীয়া লোক সংগীত শিকি এই শিক্ষা অব্যাহত ৰাখিছিল। তেওঁ তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা মেট্ৰিক পাছ কৰিছিল। পাছত তেওঁলোকৰ পৰিয়ালে গুৱাহাটীলৈ স্থায়ীভাৱে থাকিবলৈ গুচি অহাৰ কাৰণে জুবিনেও যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰপৰা বি.বৰুৱা কলেজলৈ বিদ্যায়তনিক ঠিকনা সলনি কৰিব লগা হৈছিল য’ত তেওঁ বিজ্ঞানৰ স্নাতক ডিগ্ৰীৰ শিক্ষা গ্ৰহণ কৰিছিল। কিন্তু সংগীতৰ ক্ষেত্ৰখনৰ লগত সম্পূৰ্ণৰূপে নিজকে নিয়োজিত কৰিব লগা হোৱাত তেওঁ কলেজীয়া শিক্ষা সমাপ্ত কৰিব নোৱাৰিলে, তেওঁৰ স্নাতক শিক্ষা আধৰুৱা হৈ থাকিল।
১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত পাশ্চাত্য একক পৰিৱেশনত স্বৰ্ণ পদক অৰ্জন কৰাটোৱেই আছিল জুবিনৰ জীৱনৰ টাৰ্ণিং পইণ্ট। ইয়াতেই জুবিনে কণ্ঠশিল্পীৰূপে জীৱনত প্ৰথমবাৰৰ বাবে সফলতা আৰু বিশ্বাসৰ সোৱাদ পায়। ঢোল, দোতাৰা, মেণ্ডলিনৰ দৰে বাদ্যযন্ত্ৰ বজোৱাৰ উপৰি জুবিন এজন কৃতী কী-বৰ্ড প্লেয়াৰ। ১৯৯২ চনত প্ৰথম এলবাম অনামিকা মুক্তি হোৱাৰ লগে লগে তেওঁ পেছাদাৰী সংগীত জগতখনত সোমাই পৰে। এই অগতানুগতিক এলবামটোয়ে অতি কম সময়তেই সমগ্ৰ উত্তৰ-পূব ভাৰতত ইন্ষ্টেণ্ট হিটৰূপে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিছিল আৰু আহি থকা একৈছ শতিকাৰ অসমীয়া সংগীতৰ দৃশ্য-পটৰে নতুন সংজ্ঞা দাঙি ধৰিছিল। তাৰ পিছত, জুবিনে পিছলৈ আৰু ঘূৰি চাব লগা হোৱা নাই। নিজৰ নামতে প্ৰায় চল্লিছটাকৈ এলবামৰ উপৰি ভালেকেইখন হিন্দীৰ লগতে বঙালী আৰু ২৪খনতকৈ অধিক অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনাৰে জুবিনে সংগীত কেৰিয়াৰ অব্যাহত ৰাখিছে। তেওঁৰ শেহতীয়া বঙালী চিনেমা ‘শুধু তুমি’ৰ কাৰণে ২০০৫ চনত তেওঁ শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰিছে। যদিও জুবিনে নিজকে এজন সংগীতজ্ঞ বুলিহে গণ্য কৰে, তথাপি এতিয়ালৈকে হিন্দী, তামিল, তেলুগু, পঞ্জাবী, ওড়িয়া, মাৰাঠী, নেপালী আদিকে ধৰি বিভিন্ন ভাষাত তেওঁ ৯,০০০-তকৈ অধিক গীত গাইছে। ফিজা, কাঁটে, মুড্ডা, ব্ৰাইডছ ৱাণ্টেড, গেংষ্টাৰ, প্যাৰ কে ছাইড ইফেক্ট ইত্যাদিৰ দৰে চলচ্চিত্ৰত হিন্দীত জুবিনৰ সংগীত আৰু কণ্ঠৰ কৰ্মৰাজিৰ নিদৰ্শন পোৱা যায়। ২০০০ চনত জুবিনে তেওঁৰ নিজা অসমীয়া চলচ্চিত্ৰ তুমি মোৰ মাথোঁ মোৰৰ কাহিনী লিখিছিল, পৰিচালনা আৰু অভিনয় কৰিছিল। ২০০৫ চনত ৰাষ্ট্ৰীয় বঁটা পোৱা আন এখন অসমীয়া চলচ্চিত্ৰ দীনবন্ধুত জুবিনে অভিনয় কৰাৰ উপৰি সহ-প্ৰযোজনা কৰিছিল আৰু সংগীতেৰে সজাইছিল। তেওঁ সঞ্জয় ঝাৰদ্বাৰা পৰিচালিত হিন্দী চিনেমা ষ্ট্ৰীংছৰ সংগীত পৰিচালনা কৰিছিল। তেওঁ কণ্ঠদান কৰা অন্যান্য ছবিসমূহ হ’ল- গেংষ্টাৰ, গুড বয় বেড বয়, প্যাৰ কে চাইড এফেক্টছ, বিগ ব্ৰাদাৰ, হামাৰি অধুৰি কাহানী আদি।