পুৱা ৪ বজাত অসম পাবহি জুবিন গাৰ্গ, ছিংগাপুৰৰ পৰা কোন কোন আহিছে লগত?

Zubeen Garg death update: পুৱা ঠিক ৪ বজাত গুৱাহাটী পাব জুবিন গাৰ্গ অহা বিমানখন। বৰঝাৰ বিমান বন্দৰৰ পৰা কাহিলীপাৰাৰ ঘৰলৈ লৈ যোৱা হ'ব জুবিন গাৰ্গক। তাতেই পিতৃ কপিল বৰঠাকুৰ তথা পৰিয়ালে তেওঁ মৰম যাঁচিব। তাৰ পৰা জুবিন গাৰ্গক লৈ যোৱা হ'ব সৰুসজাইলৈ।

পুৱা ৪ বজাত অসম পাবহি জুবিন গাৰ্গ, ছিংগাপুৰৰ পৰা কোন কোন আহিছে লগত?

ছিংগাপুৰৰ পৰা কোন কোন আহিছে জুবিন গাৰ্গৰ লগত?

Published: 

21 Sep 2025 00:11 AM

ছিংগাপুৰৰ পৰা মাতৃভূমিলৈ উৰা মাৰিলে অসমীয়া প্ৰাণৰো আপোন জুবিন গাৰ্গক কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়াৰ বিমানখন। ইতিমধ্যেই কিছু সময়ৰ পিছতে নতুন দিল্লীৰ বিমান বন্দৰত উপস্থিত হ’ব এই বিমানখন। বিমান বন্দৰত উপস্থিত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, জুবিন গাৰ্গৰ বন্ধু তথা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। সূত্ৰ মতে, ছিংগাপুৰৰ পৰা জুবিন গাৰ্গৰ লগত বিমানত আহিছে তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, বাদ্য সংগতকাৰী শেখৰজ্যোতি গোস্বামী আৰু সান্দীপন গাৰ্গ।

দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিব জুবিন গাৰ্গক। তাৰ পৰা আন এখন এয়াৰ ইণ্ডিয়াৰ বিমানেৰে জুবিন গাৰ্গক অনা হ’ব গুৱাহাটীলৈ। লগতে আহিব পবিত্ৰ মাৰ্ঘেৰিটাও। পুৱা ঠিক ৪ বজাত গুৱাহাটী পাব জুবিন গাৰ্গ অহা বিমানখন।

লগতে পঢ়ক: জুবিনবিহীন অসমত আজি থমকিছে সময়ো, ব্যৱসায়ৰ চকাও আজি হৈ ৰ’ল স্তব্ধ

বৰঝাৰ বিমান বন্দৰৰ পৰা কাহিলীপাৰাৰ ঘৰলৈ লৈ যোৱা হ’ব জুবিন গাৰ্গক। তাতেই পিতৃ কপিল বৰঠাকুৰ তথা পৰিয়ালে তেওঁ মৰম যাঁচিব। তাৰ পৰা জুবিন গাৰ্গক লৈ যোৱা হ’ব সৰুসজাইলৈ। য’ত তেওঁৰ বাবে ৰৈ থকা লাখ লাখ অনুৰাগীয়ে শ্ৰদ্ধা জনাব বুকুৰ আপোন শিল্পীগৰাকী।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা মতে, জি এম চি এইছৰ চিকিৎসকে পৰীক্ষা কৰিব জুবিন গাৰ্গৰ দেহ। তাৰ পাছত নিৰ্ধাৰণ কৰিব পৰা যাব প্ৰকৃততে কিমান দিন জুবিন গাৰ্গক ৰাখিব পৰা যাব সৰুসজাইত। জুবিন গাৰ্গ যিহেতু জনতাৰ প্ৰাণৰো প্ৰাণৰ শিল্পী সেয়ে সকলোকে শ্ৰদ্ধা নিবেদনৰ সুযোগ দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জনায়।

সৰুসজাইত পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৭ বজালৈকে অনুৰাগীয়ে দেখা কৰিব পাৰিব জুবিন গাৰ্গক। এই সন্দৰ্ভত কামৰূপ মহানগৰ জিলা এক নিৰ্দেশনা প্ৰেৰণ কৰি সকলোকে শৃংখলাবদ্ধতাৰে শেষ সময়ত জুবিন গাৰ্গক শ্ৰদ্ধা জনাবলৈ অনুৰোধ জনাইছে।

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ বাবে দেওবাৰে সন্ধিয়া ৬ বজাত এখন বিশেষ কেবিনেট বৈঠকৰ আহ্বান জনোৱা হৈছে। তাতেই নিৰ্ধাৰণ কৰা হ’ব এই বিষয়তো। অৱশ্যে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ অন্তিম শয়ন সোণাপুৰত হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে।

জুবিনে বান্দৰটোৰ নাম দিছিল মধুসূদন, বগলীৰ নাম উদাসীনী গাৰ্গী!
আওকাণ নকৰিব, বৃক্কৰ সমস্যা বৃদ্ধিৰ আঁৰৰ মূল কাৰণসমূহ জানক
অত্যধিক চাহ খোৱা লোকৰ কোনবোৰ ৰোগ হ’ব পাৰে? জানক...
আপোনাৰ ঘৰৰ বাৰীত নাৰিকলৰ গছ আছে নেকি? ই শুভ নে অশুভ ! জানক