মৰণোত্তৰভাৱে মুক্তি পাব জুবিন গাৰ্গ অভিনীত ছবি চক্ৰ, কি চৰিত্ৰত অভিনয় দেখা যাব জুবিন গাৰ্গক?
Zubeen Garg Bollywood movie: মৰণোত্তৰভাৱে বলীউডত অভিষেক হ'ব জুবিন গাৰ্গৰ। 'চক্ৰ' নামৰ এই ছবিখনত প্ৰবীণ অভিনেতা ভিক্টৰ বেনাৰ্জীয়ে মূল চৰিত্ৰত অভিনয় কৰিছে। কি চৰিত্ৰত দেখা যাব জুবিন গাৰ্গক আৰু কেতিয়া মুক্তি পাব ছবিখন, জানক সবিশেষ-

মুক্তি পাব জুবিন গাৰ্গৰ বলীউড ছবি
কিংবদন্তি অসমীয়া কণ্ঠশিল্পী, সুৰকাৰ, অভিনেতা, পৰিচালক তথা অসমৰ আইকন জুবিন গাৰ্গ আজি বিলীন হ’ব পঞ্চভূতত। যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত ৫২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে জুবিন গাৰ্গে। কেৱল অসমতেই নহয়, জুবিন গাৰ্গৰ মৃত্যুত সমগ্ৰ ভাৰত তথা বিশ্বৰ বিভিন্ন প্ৰান্তত থকা অনুৰাগী শোকস্তব্ধ হৈ পৰিছে। লাখ লাখ অনুৰাগীয়ে শ্ৰদ্ধা জনাইছে মৰমৰ শিল্পীগৰাকীক।
শক্তিশালী কণ্ঠ, হৃদয়ত শিপাই থকা সংস্কৃতিৰ অমিয়া ধাৰ, ভাষাৰ বহুমুখিতাৰ বাবে পৰিচিত জুবিন অসমীয়া সংগীত আৰু চিনেমা জগতৰ এজন অতি জনপ্ৰিয় তথা বহু সমাদৃত ব্যক্তি। লগতে বলীউডতো নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছিল জুবিন গাৰ্গে। আজিও অসমৰ বাহিৰৰ মানুহৰ মুখে মুখে জুবিন গাৰ্গৰ বহু জনপ্ৰিয় য়ালি শীৰ্ষক গীতটি।
বলীউডত অভিনেতা হিচাপে অভিষেক ঘটাব জুবিন গাৰ্গে
তেওঁৰ বিয়োগৰ বাবে সমগ্ৰ ৰাজ্যই শোক প্ৰকাশ কৰিছে। কিন্তু জুবিনৰ কলা প্ৰতিভা কেতিয়াও ম্লান নপৰে। যুগে যুগে মানুহে এজন যুগনায়ক হিচাপে তেওঁৰ সৃষ্টিক সুঁৱৰিব। শেহতীয়াকৈ প্ৰকাশ পাইছে যে মৰণোত্তৰভাৱে বলীউডত অভিষেক হ’ব জুবিন গাৰ্গৰ। ‘চক্ৰ’ নামৰ এখন ছবিত পৰিচালক আৰু মুখ্য অভিনেতা উভয় চৰিত্ৰত দেখা যাব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক।
অ’টিটিপ্লেৰ মতে, এই ছবিখন ৰাজনৈতিক থ্ৰিলাৰ আৰু ইয়াত প্ৰবীণ অভিনেতা ভিক্টৰ বেনাৰ্জীয়ে মূল চৰিত্ৰত অভিনয় কৰিছে। জুবিনৰ বিষয়ে কোৱাৰ সময়ত ভিক্টৰে তেওঁক “আমাৰ মাটিৰ মহান পুত্ৰ” বুলি অভিহিত কৰে আৰু উল্লেখ কৰে যে তেওঁ শেহতীয়াকৈ জুবিনৰ সৈতে চিত্ৰগ্ৰহণ সম্পূৰ্ণ কৰিছে। “মই তেওঁক মিছ কৰিম। এক মহানতাৰ বিয়োগ!” চেটত থকা তেওঁলোকৰ সময়খিনি মনত পেলাই বেনাৰ্জীয়ে কয়।
প্ৰথম অৱস্থাত জুবিনৰ স্কুবা ডাইভিং দুৰ্ঘটনাত মৃত্যু হোৱা বুলি বাতৰি প্ৰকাশ পাইছিল যদিও পিছত মৃত্য়ুৰ প্ৰতিবেদনৰ উদ্ধৃতি দি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই যে জেকেট নোহোৱাকৈ সাঁতুৰিবলৈ গৈ পানীত জুবি শিল্পীগৰাকীয়ে প্ৰাণ হেৰুৱায়।
উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যু বৰ্তমান ৰহস্যৰ আৱৰ্তত। ছিংগাপুৰত প্ৰকৃততে কিদৰে জুবিন গাৰ্গ পানীত নামিবলৈ গ’ল, তেওঁ পানীত ডুবি যোৱাৰ সময়ত কিয় কোনেও উদ্ধাৰৰ বাবে চেষ্টা নকৰিলে বুলিও অনুৰাগীয়ে প্ৰশ্ন উত্থাপন কৰিছে। সকলোৱে জুবিন গাৰ্গৰ মৃত্যুৰ উপযুক্ত তদন্ত দাবী কৰিছে। আজি পুৱা পুনৰ জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা কৰা হয়।