ৰবি শাস্ত্ৰী-অমৃতাৰ মাজত আছিল গভীৰ প্ৰেম! কিন্তু এই চৰ্তৰ বাবেই…

বহু ক্ৰিকেটাৰসকলক নায়িকাৰ প্ৰেমত বিলীন যোৱা দেখা গৈছে। কিছুমান প্ৰেম বিবাহলৈ ৰূপান্তিত হৈছে হৈছে। আনহাতে কিছুমানৰ প্ৰেম অপূৰ্ণ হৈয়েই ৰৈছে। যেনে, ৰবি শাস্ত্ৰী আৰু অমৃতা সিঙৰ আবেগিক প্ৰেমৰ পৰিণতি কোনেনো নাজানে? কিয় সিহঁতৰ সম্পৰ্ক ভাঙি গ’ল?

ৰবি শাস্ত্ৰী-অমৃতাৰ মাজত আছিল গভীৰ প্ৰেম! কিন্তু এই চৰ্তৰ বাবেই...

ৰবি শাস্ত্ৰী আৰু অমৃতা সিং

Published: 

17 Jul 2025 | 03:02 PM

অভিনেত্ৰী আৰু ক্ৰিকেটাৰৰ সম্পৰ্ক আজিৰ নহয়। বহু পূৰ্বৰে পৰাই বহু ক্ৰিকেটাৰসকলক নায়িকাৰ প্ৰেমত বিলীন যোৱা দেখা গৈছে। কিছুমান প্ৰেম বিবাহলৈ ৰূপান্তিত হৈছে হৈছে। আনহাতে কিছুমানৰ প্ৰেম অপূৰ্ণ হৈয়েই ৰৈছে। যেনে, ৰবি শাস্ত্ৰী আৰু অমৃতা সিঙৰ আবেগিক প্ৰেমৰ পৰিণতি কোনেনো নাজানে? কিয় সিহঁতৰ সম্পৰ্ক ভাঙি গ’ল?

এই কথা জানিবলৈ আমি ৮০ৰ দশকলৈ উভতি চাব লাগিব। সেই সময়ত ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম ৰত্ন আছিল ৰবি শাস্ত্ৰী। আনহাতে, অমৃতাৰ কেৰিয়াৰো তুংগত আছিল। প্ৰথম শ্ৰেণীৰ অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম। এটা সময়ত এখন ফটো ভাইৰেল হৈ পৰিছিল। য’ত নিউয়ৰ্কৰ এখন ৰেষ্টুৰেণ্টত বহি থকা দেখা গৈছিল শাস্ত্ৰী আৰু অমৃতা। এই খবৰ দেশত বিয়পিবলৈ বেছি সময় নালাগিল। কোৱা হয় যে শাস্ত্ৰীয়ে অমৃতাৰ আঙুলিত আঙঠিও পিন্ধাইছিল। দুয়োজনে বিয়াৰ পৰিকল্পনা কৰি আছিল। আনকি তেওঁলোকৰ পৰিয়ালেও এই প্ৰেমত সন্মতি দিছিল। কিন্তু সম্পৰ্কটো কিয় বিবাহলৈ আগবাঢ়িব নোৱাৰিলে?

ৰবিয়ে অমৃতাক বিয়া কৰাবলৈ চৰ্ত দিছিল। তেওঁ বিচাৰিছিল অমৃতাই নিজৰ কেৰিয়াৰ এৰি দিয়ক। কিন্তু সেই কথাত অমৃতা মান্তি নহ’ল। সেই সময়ত তেওঁৰ কেৰিয়াৰৰ শিখৰত উপনীত হৈছিল। তেওঁ সকলো ত্যাগ কৰি ৰবিৰ পত্নী হিচাপে স্বীকাৰ কৰি ল’ব বিচৰা নাছিল। আনহাতে ৰবিয়েও গৌৰৱেৰে কৈছিল যে তেওঁ পিতৃসত্তাত বিশ্বাস কৰে। তেওঁ বিচাৰে যে তেওঁৰ পত্নীৰ বাবে ঘৰখন  প্ৰথম পছন্দ হওক। আনহাতে অমৃতাই সেই কথা মানি ল’ব বিচৰা নাছিল।

অমৃতাই কৈছিল, “এতিয়াই মই মোৰ কেৰিয়াৰত অতি ব্যস্ত। মই কেতিয়াও এৰিব নিবিচাৰো। হয়তো মই এই প্ৰস্তাৱ কেইবছৰমানৰ পিছত মানি ল’লোহেঁতেন।” ইয়াৰ পিছত অমৃতাই ছেইফ আলী খানৰ লগত বিবাহপাশত আবদ্ধ হয়। কিন্তু সুখকৰ নহ’ল সেই বিবাহো । দুয়োৰে বিবাহ বিচ্ছেদ হ’ল। ইফালে ৰবিয়ে ১৯৯০ চনত ঋতুৰ লগত বিবাহপাশত আবদ্ধ হয়।বিবাহৰ ২২ বছৰৰ পিছত ২০১২ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।

লগতে পঢ়ক: প্ৰেমৰ বাবে ত্যাগ কৰিছিল নিজৰ কেৰিয়াৰ, ঋষি কাপুৰৰ সৈতে বিয়াত বহি এইদৰে সলনি হৈছিল নীতুৰ জীৱন…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...