‘ৰৈ ৰৈ বিনালে’ৰ সংলাপত জুবিন গাৰ্গৰ মাতটো শুনিবনে? কেতিয়া মুক্তি পাব জুবিনৰ অভিনীত শেষৰখন ছবি জানক…

গৰিমাই কয়, জুবিনৰ বহুত আশা জড়িত হৈ আছে চিনেমাখনত। অনবৰতে 'ৰৈ ৰৈ বিনালে'ৰ নাম লৈ আছিল। ছিংগাপুৰৰ পৰা আহি জুবিনে ডাবিং কৰাৰ কথা আছিল 'ৰৈ ৰৈ বিনালে' চিনেমাত। তেওঁ বিচাৰিছিল ছবিখনৰ মুক্তিৰ তাৰিখ ৩০ অক্টোবৰ হোৱাটো।

ৰৈ ৰৈ বিনালেৰ সংলাপত জুবিন গাৰ্গৰ মাতটো শুনিবনে? কেতিয়া মুক্তি পাব জুবিনৰ অভিনীত শেষৰখন ছবি জানক...
Published: 

24 Sep 2025 | 05:22 PM

চিৰ নিদ্ৰাত জুবিন গাৰ্গ! জুবিন বিহীন অসমখন কল্পনা কৰা বহুত কঠিন, এয়া প্ৰতিজন অনুৰাগীৰ মুখৰ কথা। জুবিনৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতখনৰ অভাৱনীয় ক্ষতি। জুবিনৰ অভাৱ যেন কোনো কালে পূৰণ নহ’ব।

জুবিনে কেৱল সংগীতৰ ক্ষেত্ৰখনতে নহয়, অসমীয়া ছবিজগতত এজন সুযোগ্য অভিনেতা হিচাপেও অভিনয় কৰি আহিছিল। এইবাৰ অনুৰাগীৰ বাবে নতুন ছবি এখনৰ কামত ব্যস্ত আছিল জুবিন গাৰ্গ। এই ছবিখন আছিল জুবিনৰ বহু হেঁপাহৰ ছবি ‘ৰৈ ৰৈ বিনালে’। অক্টোবৰ মাহত ছবিখন মুক্তি দিব বিচাৰিছিল জুবিনে। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস, ছবিখনৰ সকলো কাম সম্পূৰ্ণ নহওতেই জুবিনে সকলোকে এৰি অজান দেশলৈ গুচি যায়।

অসমৰ প্ৰথমখন মিউজিকেল ছবি হিছাপে নিৰ্মাণ কৰিছিল ‘ৰৈ ৰৈ বিনালে’। এই ছবিখন জুবিন গাৰ্গৰ সপোনৰ ছবি। ছবিখনৰ পৰিচালক ৰাজেশ ভূঞাই কয়, ছিংগাপুৰৰ পৰা আহি কিছু আধৰুৱা কাম কৰাৰ কথা আছিল। ২১ ছেপ্তেম্বৰত জুবিনে ছিংগাপুৰৰ পৰা আহি ছবিখনৰ ডাবিঙৰ কাম সম্পূৰ্ণ কৰাৰ কথা আছিল। ৰৈ ৰৈ বিনালে’ ৩১ অক্টোবৰতে মুকলিৰ কথা ভাবিছোঁ। ছবিখনৰ বাকী আধৰুৱা কামখিনি জুবিনৰ সকলো বন্ধুৱে কৰিবলৈ সাজু আছে।

ইফালে আজি জুবিন গাৰ্গক সুঁৱৰি আৱেগিক হৈ পৰি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ। তেওঁ কয়, জুবিনৰ বহুত আশা জড়িত হৈ আছে চিনেমাখনত। অনবৰতে ‘ৰৈ ৰৈ বিনালে’ৰ নাম লৈ আছিল। ছিংগাপুৰৰ পৰা আহি জুবিনে ডাবিং কৰাৰ কথা আছিল ‘ৰৈ ৰৈ বিনালে’ চিনেমাত। তেওঁ বিচাৰিছিল ছবিখনৰ মুক্তিৰ তাৰিখ ৩০ অক্টোবৰ হোৱাটো। জুবিনে বাৰে বাৰে কৈছিল ছবিখন কেনেকুৱা ধুনীয়া হয় চাবা চোন।

উল্লেখ্য যে, ৰাজেশ ভূঞাৰ পৰিচালনাৰ এই ছবিখনৰ চিত্ৰনাট্য শান্তনু ৰৌমৰীয়া আৰু ৰাহুল গৌতম শৰ্মাৰ লগতে কাহিনী আছিল জুবিন গাৰ্গৰ। অসমৰ প্ৰথমখন সম্পূৰ্ণ মিউজিকেল ছবি য’ত অভিনয় কৰা দেখিব আচুৰ্য বৰপাত্ৰ, নীল আকাশকো।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...