Top Handsome Men:বিশ্বৰ শীৰ্ষ ১০ সুদৰ্শন পুৰুষৰ তালিকাত কোন কোন? আছে এজন ভাৰতীয়ৰ নাম…

Most handsome man 2025: ২০২৫ বছৰটি শেষ হ'বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। পিছে আপুনি জানেনে, এই বৰ্ষটিত সুদৰ্শন পুৰুষক তালিকাত কোনে স্থান লাভ কৰিছে? আছে এজন ভাৰতীয়ৰ নাম।

Top Handsome Men:বিশ্বৰ শীৰ্ষ ১০ সুদৰ্শন পুৰুষৰ তালিকাত কোন কোন? আছে এজন ভাৰতীয়ৰ নাম...

বিশ্বৰ সুদৰ্শন পুৰুষ

Published: 

26 Dec 2025 12:30 PM

বছৰটো শেষ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। আহি আছে নতুন বছৰ ২০২৬ (New Year 2026)। এই নতুন বছৰক লৈ সকলোৰে নিজা নিজা প্ৰস্তুতি। ইয়াৰ মাজতে বিভিন্নজনে ঘূৰি চাইছে শেষ হ’বলৈ ধৰা ২০২৫ বছৰটিলৈ। এই বছৰটিয়ে বহুতকে বহু বস্তু দিলে, বা কাঢ়িলে। প্ৰাপ্তি-অপ্ৰাপ্তিৰ হিচাপ কৰা টান। মনোৰঞ্জন জগতখনৰ কথা ক’বলৈ হ’লে, কিছুমানে যদি উন্নতিৰ শিখৰলৈ গতি কৰিছে কিছুমানে আকৌ সময়ৰ সোঁতত নোহোৱা হৈ গৈছে।

পিছে প্ৰশ্ন হয় , ২০২৫ চনত চৰ্চাত থকা আটাইতকৈ আটাইতকৈ সুদৰ্শন পুৰুষ (Most Handsome Men) কোন? আপুনি জানি আচৰিত হ’ব যে এই তালিকাত মাত্ৰ এজন ভাৰতীয়ৰ নাম আছে। জনপ্ৰিয়তা আৰু প্ৰভাৱৰ সৈতে সংযুক্ত বিশ্বব্যাপী আকৰ্ষণীয়তাৰ মানদণ্ডৰ ওপৰত ভিত্তি কৰি এই ৰেংকিং কৰা হৈছে। কেৱল ধুনীয়া হোৱাৰ বাবে নহয়, এইসকল লোকৰ জনপ্ৰিয়তা, জীৱনশৈলী আদিয়ে লাখ লাখ মানুহক প্ৰভাৱিত কৰিছে।

বিশ্বৰ শীৰ্ষ ১০ সুদৰ্শন পুৰুষ

  1. কিম টেহেয়াং (ভি)-৩০ বছৰীয়া Kim taehyung (v) নামৰ এই যুৱকজন কোৰিয়ান শিল্পী। তেওঁৰ কণ্ঠ, ফেশ্বন,ব্যক্তিত্বৰ দ্বাৰা বিশ্বৰ লাখ লাখ লোক প্ৰভাৱিত। সংগীতৰ লগতে তেওঁ অভিনয়, ফেশ্বন আদিৰ সৈতে জড়িত আছে।
  2. জেওন জংকুকঃ ২৮ বছৰীয়া Jeon jungkook সংগীত তথা মনোৰঞ্জন জগতৰ সৈতে জড়িত। তেওঁ এজন কোৰিয়ান সংগীত শিল্পী।
  3. ৰবাৰ্ট পেটিনছনঃ ৩৯বছৰীয়া Robert pattinson মনোৰঞ্জন জগতৰ সৈতে জড়িত। তেওঁ এজন ইংলিছ অভিনেতা।
  4. লি মিন হোঃ lee min-ho এজন ৩৮ বছৰীয়া কোৰিয়ান অভিনেতা, সংগীত শিল্পী।
  5. ক্ৰীছ হেমছৱৰ্থঃ Chris hemsworth ৪৩ বছৰীয়া এজন অভিনেতা। হলীউডৰ বিভিন্ন জনপ্ৰিয় ছবি, মাৰ্ভেল আদিৰ সৈতে তেওঁ জড়িত।
  6. হৃত্বিক ৰোশনঃ ৫২ বছৰীয়া হৃত্বিক ৰোশন ভাৰতীয় ছবি জগতৰ এজন জনপ্ৰিয় অভিনেতা।
  7. টিমোছি চালামেটঃ Timothee chalamet ৩০ বছৰীয়া এজন অভিনেতা।
  8. হেনৰি কেভিলঃ ৪২ বছৰীয়া Henry cavill এজন ব্ৰিটিছ অভিনেতা। হলীউডত তেওঁ বহু জনপ্ৰিয় ছবিত অভিনয় কৰিছে।
  9. ৱাং য়িবোঃ ২৮ বছৰীয়া Wang yibo চীনৰ এজন অভিনেতা, সংগীত শিল্পী, নৃত্য শিল্পী আৰু মডেল। তেওঁ বহু ছবিত অভিনয় কৰিছে।
  10. জৈন মালিকঃ ৩৩ বছৰীয়া Zayn malik এজন সংগীত শিল্পী। বছৰ বছৰ ধৰি তেওঁ জনতাৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰি আহিছে।

উল্লেখ্য যে, কেৱল সৌন্দৰ্যৰ ওপৰত ভিত্তি কৰি এই তালিকা প্ৰকাশ হোৱা নাই। ইয়াত বিভিন্ন দিশ লক্ষ্য কৰা হৈছে। এজন ব্যক্তিৰ জনপ্ৰিয়তা, ব্যক্তিত্ব, প্ৰভাৱ আদিৰ ওপৰত ভিত্তি কৰি এই তালিকা প্ৰস্তুত হৈছে। মিছন দিল্লীয়ে প্ৰকাশ কৰিছে এই তালিকা।

 

অন্য খবৰ পঢ়কঃ আজিৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া, কোনটো টিকটত কিমানকৈ দাম বাঢ়িল, জানক সকলো…

খোৱাৰ পিছত পেটৰ সমস্যা? এই ঘৰুৱা উপায়ৰে তৎক্ষণাত উপশম পাব
উদ্বেগ, হতাশা বৃদ্ধি পায় নেকি ! ভাল কলেষ্টেৰলৰ মাত্ৰা কম হ’লে কি কি সমস্যা হয়? জানক
আপোনাৰ মনতো আছে নেকি হৃদৰোগৰ ভয়? এনে খাদ্যই দূৰ কৰিব হৃদযন্ত্ৰৰ চিন্তা
এই ৫টা ভুলে মানুহক কৰিব পাৰে দৰিদ্ৰ! জানক সকলো...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...
নগাঁৱত কুঁৱলীৰ শুভ্ৰ আচ্ছাদন...
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া