বন্ধ কোঠাত ৰণবীৰ-কেটৰিনা, হঠাৎ চিঞৰি কান্দি কান্দি বাহিৰলৈ দৌৰি আহে কেটৰিনা! তাৰপিছত…
Ranbir Kapoor's Love life: অৱশ্যে কেটৰিনাৰ সৈতে ব্ৰেকআপৰ সময়ত ৰণবীৰে ব্যৱহাৰ কৰা শব্দবোৰ বলীউডত এতিয়াও শুনা যায়। কেটৰিনা বিকি কৌশলৰ লগত যিমানেই সুখী নহওক কিয়, সেই ভয়ংকৰ দিনটোৱে অভিনেত্ৰীগৰাকীয়ে পাহৰিব পৰা নাই!

আলিয়া আৰু ৰণবীৰে যথেষ্ঠ সুখী। কণমাণি ৰাহাৰ সৈতে দিন পাৰ কৰিছে দুয়ো পিতৃ-মাতৃয়ে। কিন্তু ৰণবীৰ এসময়ত বলীউডৰ প্লেবয় আছিল। বিয়াৰ পৰা হাজাৰ হাজাৰ মাইল দূৰত থাকিব বিচাৰিছিল অভিনেতাজনে। তেওঁ বলীউডৰ প্ৰায় সকলোবোৰ নায়িকাৰ প্ৰেমত পৰিছিল। সোণম কাপুৰ, নৰ্গিছ ফখৰী, দীপিকা পাডুকন, কেটৰিনা কাইফ, ৰণবীৰৰ প্ৰেমিকৰ তালিকাখন যথেষ্ঠ দীঘলীয়া! অৱশ্যে গোটেইকেইগৰাকী প্ৰেমিকাৰ মাজৰে কেটৰিনাৰ সৈতে যি ধৰণেৰে ব্ৰেকাপ কৰিছিল, সেই বিষয়ে এতিয়াও বলীউডত শুনা যায়। কেটৰিনা বিকি কৌশলৰ সৈতে যিমানেই সুখী নাথাকক কিয়। সেই ভয়ংকৰ দিনটোৱে এতিয়াও কেটৰিনাক খেদি ফুৰে।
সময় আছিল ২০১৬ চন। কেটৰিনাৰ লগত ব্ৰেকআপ কৰাৰ পৰিকল্পনা কৰিছে ৰণবীৰে। কিন্তু আৱেগিক কেটৰিনাই সম্পৰ্কটো বচাবলৈ শেষলৈকে যুঁজি আছিল। সেই সময়ত এখন আলোচনীত এটা বিস্ফোৰক খবৰ প্ৰকাশ পাইছিল। ব্ৰেকআপৰ ঠিক এদিন আগতে ৰণবীয়ে কেটৰিনাক নিজৰ ঘৰলৈ মাতিছিল। বন্ধ কোঠা এটাত তেওঁ কেটৰিনাক কৈছিল যে তেওঁ সম্পৰ্ক নিবিচাৰে। বিয়াৰ কথাটো একেবাৰে নাভাবে। কেটৰিনাই বুজাবলৈ চেষ্টা কৰিছিল। কিন্তু ৰণবীৰে খঙত অগ্নিশৰ্মা হৈ অপশব্দ প্ৰয়োগ কৰি কেটৰিনাৰ ওপৰত চিঞৰে। ৰণবীৰৰ এনে আচৰণ সহ্য কৰিব নোৱাৰি কেটৰিনা কান্দি কান্দি ঘৰৰ পৰা বাহিৰলৈ দৌৰি গ’ল। নীতু সিঙে এই সমগ্ৰ কথা নিজ চকুৰে প্ৰত্যক্ষ কৰিছিল। যিহেতু তেওঁ কেটৰিনাক ভাল নাপায়, গতিকে মনে মনে থাকে।
এই তথ্য কাপুৰ বংশৰ এজন ঘনিষ্ঠ ব্যক্তিয়ে এখন গছিপ মেগাজিনৰ সৈতে শ্বেয়াৰ কৰিছিল। ৰণবীৰে কেটৰিনাক কেনেদৰে চিঞৰিছিল সেই কথাও তেওঁ প্ৰকাশ কৰে।