জীয়াই আছে বিখ্যাত তবলা বাদক জাকিৰ হুছেইন, সংকটজনক অৱস্থাত চিকিৎসাধীন…

বিখ্যাত তবলা বাদক জাকিৰ হুছেইন স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে  । বিখ্যাত তবলাবাদকজনৰ মৃত্যু হোৱাৰ খবৰ প্ৰকাশ পাইছিল যদিও এই খবৰটো এক উৰাবাতৰি বুলি জানিব পৰা গৈছে ।

জীয়াই আছে বিখ্যাত তবলা বাদক জাকিৰ হুছেইন, সংকটজনক অৱস্থাত চিকিৎসাধীন...

জাকিৰ হুছেইন

Edited By: 

Monjit Dutta | Updated On: 16 Dec 2024 | 12:37 AM

সংগীত জগতৰ বাবে অতি দুখৰ খবৰ, সকলোকে মন্ত্ৰমুগ্ধ কৰা ভাৰতৰ বিখ্যাত তবলা বাদক জাকিৰ হুছেইন স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে  । তবলাবাদকজনৰ বিষয়ে খবৰ আহিছিল যে, তেওঁৰ মৃত্যু হৈছে যদিও এই খবৰটো এক উৰাবাতৰি বুলি জানিব পৰা গৈছে । দেওবাৰে গভীৰ নিশা তেওঁৰ মৃত্যুক লৈ বহু চেলিব্ৰিটিয়ে শোক প্ৰকাশ কৰিছিল যদিও পিছত তথ্য আহিল যে তেওঁৰ অৱস্থা সংকটজনক।

উল্লেখ্য যে, জাকিৰ হুছেইনৰ কনচাৰ্টত এটা বেলেগ ভিৰ দেখা গৈছিল। দৰ্শকে ডাঙৰ ডাঙৰ সংগীতজ্ঞৰ সৈতে তেওঁৰ যুগলবন্দী উপভোগ কৰিছিল। তেওঁৰ তবলা বজোৱাৰ শৈলী দেখি বিশ্ব আপ্লুত হৈছিল। তেওঁ আছিল নিজৰ ক্ষেত্ৰখনৰ সৰ্বশ্ৰেষ্ঠ। বৰ্তমানে আমেৰিকাত থকা জাকিৰ হুছেইনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ।

তেওঁৰ মৃত্যুৰ উৰাবাতৰিৰ মাজতে তেওঁৰ ভতিজা আমিৰ আউলিয়াই এক্স হেণ্ডেলৰ জৰিয়তে তেওঁৰ মৃত্যুৰ খবৰক উৰাবাতৰি বুলি অভিহিত কৰে। তেওঁ এক্স হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে, মই জাকিৰ হুছেইনৰ ভতিজা আৰু তেওঁৰ মৃত্যু হোৱা নাই। আমাৰ ককাৰ স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰক। তেওঁৰ অৱস্থা সংকটজনক আৰু সমগ্ৰ বিশ্বৰ তেওঁৰ সকলো অনুৰাগীক অনুৰোধ কৰিছো যে, তেওঁৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰক।

জাকিৰ হুছেইন আছিল তেওঁৰ ক্ষেত্ৰখনৰ সৰ্বশ্ৰেষ্ঠ। যদিও জাকিৰ হুছেইনে ভাৰততকৈ বেছি সময় আমেৰিকাত কটাইছিল, তথাপিও তেওঁ প্ৰতিজন দেশবাসীৰ হৃদয়ত বাস কৰিছিল।  জাকিৰৰ ঘনিষ্ঠ বন্ধু তথা মিউৰেলিষ্ট ৰাকেশ চৌৰাছিয়াইও যোৱা সপ্তাহত জাকিৰ হুছেইনৰ স্বাস্থ্য সন্দৰ্ভত কিছু খবৰ দিছিল। তেওঁ কৈছিল যে, জাকিৰ হুছেইন দীৰ্ঘদিন ধৰি ৰক্তচাপৰ সৈতে জড়িত সমস্যাত ভুগি আছে।

১৯৫১ চনৰ ৯ মাৰ্চত মুম্বাইত জন্মগ্ৰহণ কৰিছিল জাকিৰ হুছেইনে। তেওঁৰ পিতৃ আল্লা ৰাখা দেশৰ এজন বিখ্যাত পাৰ্কাচনিষ্ট আছিল। পিতৃ আল্লা ৰাখাৰ পথ অনুসৰণ কৰি জাকিৰ হুছেইনে সংগীতক নিজৰ কেৰিয়াৰ হিচাপে বাছি লৈছিল আৰু লগতে ইয়াক নিজৰ জীৱন হিচাপে গঢ়ি তুলিছিল।

জাকিৰ হুছেইনে অতি কম বয়সৰ পৰাই তবলা শিকিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ প্ৰথম গুৰু তেওঁৰ পিতৃ, যাৰ পৰা জাকিৰ হুছেইনে ১১ বছৰ বয়সত সংগীতৰ প্ৰশিক্ষণ লৈছিল। সংগীত জগতলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে তেওঁক পদ্মবিভূষণেৰে সন্মানিত কৰা হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...