Shahrukh khan Net Worth: বিশ্বৰ ধনী অভিনেতাৰ তালিকাত শ্বাহৰুখ খানৰ নাম, সম্পত্তিৰ পৰিমাণ কিমান, জানক…

Shahrukh khan Net Worth: বিশ্বৰ ধনী অভিনেতাৰ তালিকাত শ্বাহৰুখ খান। শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য অনুসৰি বিশ্বৰ বহু তাৰকাক পিছ পেলাই শ্বাহৰুখে সম্পত্তিৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে। ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ পাছতে শ্বাহৰুখৰ এয়া আন এক ভাল খবৰ।

Shahrukh khan Net Worth: বিশ্বৰ ধনী অভিনেতাৰ তালিকাত শ্বাহৰুখ খানৰ নাম, সম্পত্তিৰ পৰিমাণ কিমান, জানক...

শ্বাহৰুখ খান

Published: 

03 Oct 2025 | 11:34 AM

বলীউডৰ পাছত এইবাৰ সম্পত্তিৰ ক্ষেত্ৰতো বিশেষ স্থান লাভ কৰিছে শ্বাহৰুখ খানে। বিলেনিয়ৰ হৈ পৰিছে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান। শেহতীয়াকৈ তেওঁৰ সম্পত্তি ১ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে। যাৰ পাছত এতিয়া বিশ্বৰ ধনী তাৰকাৰ তালিতাক তেওঁৰ নাম অন্তৰ্ভুক্ত হৈছে। ৩৩ বছৰ ধৰি চলচ্চিত্ৰ জগতত দপদপাই অহা শ্বাহৰুখ খান কেৱল ভাৰতৰেই নহয়, বিশ্বৰ ভিতৰতে ধনী অভিনেতা হিচাপে পৰিগণিত হৈছে। ১ অক্টোবৰত হৰুণ ইণ্ডিয়া ৰিচ লিষ্ট ২০২৫ ত এই তথ্য প্ৰকাশ পাইছে।

শ্বাহৰুখৰ সম্পত্তি

প্ৰকাশিত তথ্য অনুসৰি শ্বাহৰুখ খানৰ সম্পত্তি বৰ্তমান ১.৪ বিলিয়ন ডলাৰ অৰ্থাৎ ১২,৪৯০ কোটি।  যাৰ বাবে তেওঁ বিশ্বৰ ধনী অভিনেতা হিচাপে পৰিগণিত হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে প্ৰথমবাৰৰ বাবে কোটিপতিৰ ক্লাবত স্থান লাভ কৰিছে।

বিশ্বৰ ধনী অভিনেতা শ্বাহৰুখ খান

এই ক্ষেত্ৰত শ্বাহৰুখ খানে বিশ্বৰ বহু তাৰকাক পিছ পেলাই যায়। তেওঁ টেইলৰ চুইফট (১.৩ বিলিয়ন ডলাৰ), আৰ্নল্ড শ্ব’ৱাৰ্জেনেগাৰ (১.২ বিলিয়ন ডলাৰ), জেৰী ছেইনফেল্ড (১.২ বিলিয়ন ডলাৰ), আৰু চেলিনা গোমেজ (৭২০ মিলিয়ন ডলাৰ)ৰ দৰে তাৰকাকক অতিক্ৰয় কৰি এই স্থান লাভ কৰে।

ভাৰতৰ শীৰ্ষ ৫ ত কোন

  • শ্বাহৰুখ খান – ১২,৪৯০ কোটি
  • জুহি চাওলা আৰু পৰিয়াল – ৭,৭৯০ কোটি
  • হৃতিক ৰোশন আৰু পৰিয়াল – ২,১৬০ কোটি টকা
  • কৰণ জোহৰ – ১৮৮০ কোটি টকা
  • অমিতাভ বচ্চন আৰু পৰিয়াল – ১,৬৩০ কোটি টকা

হুৰুণে প্ৰকাশ কৰিছে এই ধনী তালিকা। যোৱা বছৰ শ্বাহৰুখ খান এই তালিকাৰ শীৰ্ষত আছিল যদিও তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল ৮৭ কোটি ডলাৰ, যি এতিয়া ১.৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। উল্লেখ্য যে, কেৱল ছবিৰ দ্বাৰাই নহয়, শ্বাহৰুখ খানে বিভিন্ন ব্যৱসায়, বিজ্ঞাপন আদিৰ পৰা টকা উপাৰ্জন কৰে।

 

অন্য খবৰ পঢ়কঃ আহি আছে ‘SSMB 29’, তাৰ পূৰ্বে দুৰ্গা পূজাত দেখা গ’ল অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব