জেলত থকাৰ সময়ত সঞ্জয় দত্তৰ লগত কি হৈছিল? কেনেকৈ উপাৰ্জন কৰিছিল ৪৪০ টকা…
১৯৯৩ চনৰ মুম্বাই বোমা বিস্ফোৰণৰ গোচৰত সঞ্জয় দত্তৰ নাম সাঙোৰ খাই পৰিছিল। যাৰ বাবে তেওঁ জেল খাটিবলগীয়া গৈছিল। জেলত থকা সময়খিনি তেওঁৰ বাবে সহজ নাছিল।

সঞ্জয় দত্ত
বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত। নিজৰ ব্যক্তিগত জীৱনৰ বাবে হওক বা আন কোনো কাৰণত, প্ৰায়ে অভিনেতাগৰাকী বাতৰিৰ শিৰোনাম দখল কৰি থাকে। কেতিয়াবা যদি তেওঁ তিনিখনকৈ বিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হয়, কেতিয়াবা আকৌ নিজৰ কৰ্ম-কাণ্ডৰ বাবে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে। কেৱল ইমানেই নহয়, ড্ৰাগছৰ আসক্তি আৰু ১৯৯৩ চনত মুম্বাইত সংঘটিত বোমা বিস্ফোৰণৰ বাবে সঞ্জয় দত্তও চৰ্চাৰ বিষয় হৈ পৰে।
১৯৯৩ চনৰ মুম্বাই বোমা বিস্ফোৰণৰ গোচৰত সঞ্জয় দত্তৰ নাম সাঙোৰ খাই পৰিছিল। এই সময়চোৱাত সঞ্জয় দত্তক অভিযুক্ত কৰি জেললৈ প্ৰেৰণ কৰা হৈছিল। ইয়াৰ পাছত তেওঁৰ বিৰুদ্ধে অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু কৰা হয় আৰু ইয়াৰ বাবে অভিনেতাগৰাকীয়ে বহু বছৰ কাৰাগাৰত কটাবলগীয়া হয়। এবাৰ সঞ্জয় দত্তই ছলমান খানৰ শ্ব’ ‘দছ কা দম’ত কৈছিল এই গোচৰত প্ৰথমবাৰৰ বাবে জেললৈ যোৱাৰ সময়ত তেওঁৰ কি হৈছিল?
সঞ্জয় দত্ত এসময়ত গেংষ্টাৰ আবু চেলেমৰ বন্ধু আছিল। কোৱা হয় যে, সঞ্জয়ৰ ঘৰত চেলেমে এ কে ৪৭ ৰাইফল আৰু গুলী-বাৰুদ ৰাখিছিল। ইয়াৰ পাছত আবু আৰু একাংশই সঞ্জয়ৰ ঘৰত ৰাইফল আৰু গুলী থৈ গৈছিল। ইয়াৰ পাছতে যেতিয়া মুম্বাইত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয় তেতিয়া সঞ্জয়ৰ নাম সাঙোৰ খায়। তেওঁৰ ঘৰৰ পৰা অবৈধ অস্ত্ৰ উদ্ধাৰ হোৱাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।
কি হৈছিল জেলত
সঞ্জয় দত্ত আদালতত হাজিৰ হোৱাৰ সময়ত তেওঁ নিজৰ বক্তব্যত কয় যে তেওঁ পৰিয়ালৰ সুৰক্ষাৰ বাবে ৰাইফলটো ৰাখিছে। ছলমান খানৰ শ্ব’টোতো অংশগ্ৰহণ কৰিও তেওঁ একেই কথাকেই কৈছিল। অভিনেতাগৰাকীয়ে প্ৰথমবাৰৰ বাবে জেলত থকাৰ এক ধেমেলীয়া কাহিনীও শ্বেয়াৰ কৰে।
কিছু বছৰ আগতে ছলমান খানৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি সঞ্জয়ে কৈছিল যে, “মোৰ এটা কাহিনী মনত আছে, অলপ ধেমেলীয়া । প্ৰথমবাৰ জেললৈ যোৱাৰ সময়ত মোৰ ওপৰত বন্দুক ৰখাৰ অভিযোগ উত্থাপন হৈছিল। সেই বন্দুকটো মই পৰিয়ালৰ সুৰক্ষাৰ বাবে ৰাখিছিলো।তেতিয়া জেলৰ ভিতৰত এজন ব্যক্তিয়ে কৈছিল যে তেওঁ মোৰ গোচৰটোৰ বিষয়ে নাজানে। তেতিয়া মই তেওঁৰ গোচৰৰ বিষয়ে জানিব বিচাৰিছিলো, তেতিয়া কয়দীজনে কৈছিল যে তেওঁৰ হাতত ২০টা এ কে ৪৭, ৫০০টা গুলী আৰু ৫০টা গ্ৰেনেড আছে।” এই কথা শুনি সঞ্জয় থতমত খাই যোৱা বুলি কয়।
উল্লেখ্য যে, সঞ্জয় দত্তই জেলত কটোৱা সময়খিনি যথেষ্ঠ কষ্টকৰ আছিল। জানিব পৰা মতে,সঞ্জয় দত্তৰ শাস্তি ২৫৬ দিন কম হৈছিল, তাৰ পাছত তেওঁক মুকলি কৰি দিয়া হৈছিল। জেলত সাধাৰণ কয়দীৰ দৰে জীৱন কটাইছিল তেওঁ। সঞ্জয়ে ৪৪০ টকা লৈ জেলৰ পৰা বাহিৰলৈ আহিছিল। এই টকা তেওঁ জেলত কাম কৰি উপাৰ্জন কৰিছিল। সঞ্জয়ে জেলত থকাৰ সময়ত কাগজৰ মোনা বনোৱা কাম কৰিছিল। এদিনৰ মজুৰি হিচাপে তেওঁ ৫০ টকা লাভ কৰিছিল।
২০১৬ চনত যেতিয়া সঞ্জয়ে শাস্তি সম্পূৰ্ণ কৰি জেলৰ পৰা ওলাই আহিছিল, তেতিয়া তেওঁ অৰ্ধদক্ষ শ্ৰমিক হিচাপে ৩৮ হাজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰিছিল। অৱশ্যে সঞ্জয়ে নিজৰ উপাৰ্জনৰ বহুখিনি জেলৰ কেণ্টিনত খৰচ কৰিছিল। মুক্তিৰ দিনা কাৰাগাৰ প্ৰশাসনে সঞ্জয়ক মজুৰি হিচাপে ৪৪০ টকা দিছিল।
অন্য খবৰ পঢ়কঃ ৭৫০ টকা খৰচ কৰি পাতিলে বিয়া! পিছে আয় কৰে কোটি কোটি টকা, কোন এই জনপ্ৰিয় অভিনেতা?