Roi Roi Binale: পুৱা ৪:২৫ বজাৰ পৰাই আৰম্ভ হ’ব ‘ৰৈ ৰৈ বিনালে’ৰ দৰ্শনী, আপুনি চাবলৈ সাজু নে?

কাইলৈ ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ অন্তিম ছবি 'ৰৈ ৰৈ বিনালে'। অন্তিমবাৰৰ বাবে সকলোৱে জুবিনক পৰ্দাত অভিনয় কৰা দেখা পাব। ৰাজ্যৰ ক’ত অনুষ্ঠিত হ’ব প্ৰথম দিনাৰ প্ৰথমটো দৰ্শনী?

Roi Roi Binale: পুৱা ৪:২৫ বজাৰ পৰাই আৰম্ভ হ’ব ‘ৰৈ ৰৈ বিনালে’ৰ দৰ্শনী, আপুনি চাবলৈ সাজু নে?
Updated On: 

30 Oct 2025 | 10:30 PM

কাইলৈ অসমৰ প্ৰতিটো ছবিগৃহত মুক্তি পাব জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’। মুক্তিৰ পূৰ্বে ছবিখনে ধুমুহাৰ সৃষ্টি কৰিছে, কিয়নো এইখন জুবিন গাৰ্গৰ অন্তিমখন ছবি। সকলোৱে জুবিনক অভিনেতা হিচাপে পৰ্দাত অভিনয় কৰা দেখা পাব। এই ছবিখনৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছিল অসমবাসীয়ে।

ইতিমধ্যে কাইলৈ ছবিখন চাবলৈ অগ্ৰিম টিকট বুকিং কৰিছে অসমবাসীয়ে। ‘ৰৈ ৰৈ বিনালে’ৰ প্রথম দিনাৰ প্রথমটো দৰ্শনী অনুষ্ঠিত হ’ব বেলতলাৰ মেট্ৰিক্সত, দেশৰ ভিতৰতে এয়া প্ৰথমটো দৰ্শনী। ইয়াৰ পিছত লক্ষীমপুৰৰ নক্ষত্ৰ চিনেমা হলত পুৱা ৪ঃ৩৫ বজাতেই আৰম্ভ হ’ব দৰ্শনী। কেৱল নক্ষত্ৰ ছবিগৃহতে নহয়, ধেমাজিৰ ছবিগৃহ RR Cinemas ত পুৱা ৪:৪৫ বজাৰ পৰা প্ৰথম দৰ্শনী আৰম্ভ হ’ব। একেদৰে অসমৰ বহু ছবিগৃহত প্ৰথম দৰ্শনী পুৱা ৫ বজাৰ পৰা আৰম্ভ হ’ব। এতিয়া ‘ৰৈ ৰৈ বিনালে’ৰ মুক্তিৰ বাবে মাজত মাথোঁ কেইটামান ঘণ্টা বাকী।

কাইলৈ দিঠক হ’ব প্রাণ শিল্পীগৰাকীৰ হেঁপাহৰ সপোনটো। এসপ্তাহলৈ ৰাজ্যৰ আটাইকেইটা ছবিগৃহতে প্ৰতিটো দৰ্শনীয়ে হাউচফুল। ছবিখনৰ অন্তিম দৰ্শনী নিশা ১১.৩০ বজাত অনুষ্ঠিত হ’ব। অসমীয়া ছবিকলৈ জুবিন গাৰ্গে দেখা সপোন যেন “ৰৈ ৰৈ বিনালে”ৰ জৰিয়তে পূৰ্ণ হ’ব। জুবিন গাৰ্গে কৈছিল তেওঁৰ মৃত্যুৰ পিছত তেওঁক কেৱল কণ্ঠশিল্পী হিচাপেই নহয়, অভিনেতা হিচাপেও ৰাইজে জানক। অসমীয়া চিনেমাৰ বেয়া সময়তো বহু সাহস কৰি ছবি নিৰ্মাণ কৰিছিল জুবিনে।

জুবিনৰ মৃত্যুক আজিও সহজভাৱে ল’ব পৰা নাই অসমবাসীয়ে। জুবিনৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতখনৰ অভাৱনীয় ক্ষতি। জুবিনৰ অভাৱ যেন কোনো কালে পূৰণ নহ’ব। ‘ৰৈ ৰৈ বিনালে’ৰ ট্ৰেইলাৰ মুকলি হোৱাৰে দিনাৰ পৰাই পুনৰ কান্দিছে অসমবাসীয়ে। কিয়নো বাস্তৱৰ সৈতে ছবিখনৰ সংলাপৰ যথেষ্ঠ মিল দেখিছে অনুৰাগীয়ে।

উল্লেখ্য যে, অসমৰ প্ৰতিটো ছবিগৃহতে বাতিল আন সকলো ছবিৰ দৰ্শনী। ‘ৰৈ ৰৈ বিনালে’ৰ জৰিয়তে জুবিন গাৰ্গৰ প্ৰতি ঐতিহাসিক শ্ৰদ্ধাঞ্জলি হিচাপে গঢ়ি তুলিবলৈ সমগ্ৰ অসমৰ অনুৰাগীসকলে একত্ৰিত হৈছে। অসমবাসীয়ে ছবিখনক এখন ঐতিহাসিক ব্লকবাষ্টাৰলৈ ৰূপান্তৰিত কৰাৰ বাবে এক অভিযান চলাইছে। এই ছবিখন অসমৰ প্ৰথমখন মিউজিকেল ছবি হিচাপে নিৰ্মাণ কৰিছিল জুবিন। এই ছবিখন জুবিন গাৰ্গৰ সপোনৰ ছবি। ৰাজেশ ভূঞাৰ পৰিচালনাৰ এই ছবিখনৰ চিত্ৰনাট্য শান্তনু ৰৌমৰীয়া আৰু ৰাহুল গৌতম শৰ্মাৰ লগতে কাহিনী আছিল জুবিন গাৰ্গৰ। অসমৰ প্ৰথমখন সম্পূৰ্ণ মিউজিকেল ছবি য’ত অভিনয় কৰা দেখিব আচুৰ্য বৰপাত্ৰ, নীল আকাশকো। এই ছবিখনৰ জৰিয়তে অসমীয়া ছবিজগতক অন্য দিশলৈ লৈ যাব।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...