মুক্তি পালে জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’, পুৱা ৪.২৫ বজাত প্ৰথম দৰ্শনী…
Roi Roi Binale Release: অৱশেষত মুক্তি লাভ কৰিলে জুবিন গাৰ্গৰ জীৱনৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে। আজি পুৱা গুৱাহাটীৰ এটা চিনেমা হলত পুৱা ৪.২৫ বজাত প্ৰথম দৰ্শনী হয়।

ৰৈ ৰৈ বিনালে
সকলো অপেক্ষাৰ অন্তত ৩১ অক্টোবৰ, ২০২৫ ত শুভমুক্তি পালে জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’। দেশৰ ছবি জগতৰ ইতিহাসত সম্ভৱতঃ বিৰল, য’ত পুৱতি নিশা এখন ছবিয়ে মুক্তি লাভ কৰিছে। গুৱাহাটী মহানগৰীৰ মেট্ৰিক্সত পুৱা ৪.২৫ বজাৰ পৰা আৰম্ভ হয় ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনী। এই ছবিগৃহত জুবিন গাৰ্গৰ বাবে সংৰক্ষণ কৰি ৰখা হয় এখন বিশেষ আসন। আচৰিত কথা এয়াই যে,পুৱাৰ দৰ্শনীটো ভিৰ কৰে দৰ্শকে।
জুবিন কৈ যোৱাৰ দৰে অসমত এতিয়া কেৱল অসমীয়া চিনেমা চলিছে। আগন্তুক কেইবাটাও দিনৰ বাবে অসমৰ প্ৰায়ভাগ ছবিগৃহত ‘ৰৈ ৰৈ বিনালে’ৰ টিকট সম্পূৰ্ণ বিক্ৰী হৈছে। ইয়ে প্ৰদৰ্শন কৰে জুবিন গাৰ্গৰ প্ৰতি মানুহৰ মৰম আৰু অসমীয়া ছবি জগতৰ এক নতুন জয় যাত্ৰা।
তথ্য অনুসৰি, আজি দেশৰ ১৪৩ টা ছবি গৃহত ৰৈ ৰৈ বিনালেৰ ৬৬৪ দৰ্শনী হ’ব। অসমৰ ৫৩টা চিত্ৰগৃহত দৈনিক ৪৩৩টা দৰ্শনী অনুষ্ঠিত হ’ব। অসমৰ বাহিৰে ৯০ টা ছবি গৃহত দৈনিক ২৩৪ টা দৰ্শনী। ইয়াৰ লগতে গুৱাহাটীৰ ১৫ টা ছবিঘৰত দৈনিক ১৭৭টা দৰ্শনী, তেজপুৰৰ ৫ টা চিত্ৰগৃহত দৈনিক ৫৩ টা দৰ্শনী, বঙাইগাঁৱৰ ২ টা ছবিঘৰত দৈনিক ৩০টা দৰ্শনী, বাংগালুৰুৰ ১৬টা ছবিঘৰত ৮০ টা দৰ্শনী আৰু দিল্লী NCRত ১০টা চিত্ৰগৃহত ২৪ টা দৰ্শনী।
ইয়াৰ লগতে মুম্বাইত ১৮টা, হায়দৰাবাদত ১৮টা, ইটানগৰত ১২টা, চেন্নাইত ১০টা, পুণেত ১০টা, কলকাতাত ১২টা, কোচিত ৯টা, নাহৰলগুণত ৭টা, শ্বিলঙত ৬টা, ডিমাপুৰত ৩টা, আহমেদাবাদত ৩টা, আগৰতলাত ২টা, চণ্ডীগড়ত ২টা, গোৱাত ২টা, শিলিগুৰিত ৪টা, ভূৱনেশ্বৰত ২টা, ৰাঁচীত ২টা, জয়পুৰত ২টাৰ লগতে দাৰ্জিলিং, পাটনা, লক্ষ্ণৌ, ডেৰাডুন, গেংটকত এটাকৈ দৰ্শনী হব। BOOKMYSHOW ৰ পৰা ,সংগ্ৰহ কৰা হৈছে এই তথ্য ৷
মুঠতে আগন্তুক কেইটামান দিনৰ বাবে লাখ লাখ মানুহে চাব হেঁপাহৰ শিল্পীগৰাকীৰ শেষৰখন ছবি। উল্লেখ্য যে, ৰাজেশ ভূঞাৰ পৰিচালনাৰে জুবিন গাৰ্গৰ জীৱনৰ শেষৰখন ছবি ‘ৰৈ ৰৈ বিনালে’। জুবিনে অসমীয়া চিনেমাক লৈ বহু সপোন দেখিছিল, তেওঁ কৈছিল এদিন অসমত কেৱল অসমীয়া চিনেমাই চলিব। সঁচাকৈ আজি কেৱল অসমত অসমীয়া চিনেমা চলিছে, সমগ্ৰ দেশৰ দৃষ্টি কাঢ়িছে, কিন্তু সেয়া চাবলৈ আজি আমাৰ ওচৰত কায়িকভাৱে নাই জুবিন গাৰ্গ।
অন্য খবৰ পঢ়কঃ ‘ৰৈ ৰৈ বিনালে’ৰ পৰা লাভ কৰা GST দান কৰা হ’ব জুবিন গাৰ্গৰ কলাগুৰু আৰ্টিছ ফাউণ্ডেশ্যনলৈ…