‘ৰৈ ৰৈ বিনালে’ আমাৰ নহয়, অসমৰ ৰাইজৰ ছবি’- আৱেগিক হৈ ক’লে পৰিচালক ৰাজেশ ভূঞাই

ছবিখনৰ মুক্তিৰ পিছতে প্ৰতিটো ছবিগৃহলৈ গৈ পৰিচালক ৰাজেশ ভূঞা আৰু প্ৰযোজক শ্য়ামন্তক গৌতমে কাৰিকৰীক দিশটো এবাৰ চাবলৈ চেষ্ট কৰিছে। কাৰণ জুবিন গাৰ্গে সকলো সঠিক হ'লেহে ভাল পায় বুলি সংবাদ মাধ্যমক জনায় ৰাজেশ ভূঞাই।

‘ৰৈ ৰৈ বিনালে’ আমাৰ নহয়, অসমৰ ৰাইজৰ ছবি- আৱেগিক হৈ কলে পৰিচালক ৰাজেশ ভূঞাই
Published: 

31 Oct 2025 16:41 PM

উৎকণ্ঠাৰ অৱসান ঘটাই আজি ছবিগৃহত মুক্তি পালে জুবিন গাৰ্গৰ ‘ৰৈ ৰৈ বিনালে’। এইখন আছিল জুবিনৰ সপোনৰ ছবি। মুক্তিৰ দিনাই অসমীয়া ছবিৰ বুৰঞ্জীত ইতিহাসৰ নতুন পাতনি মেলিলে জুবিন গাৰ্গ অভিনীত ‘ৰৈ ৰৈ বিনালে’। অভিলেখ সৃষ্টিৰে পুৱতি নিশা আৰম্ভ হ’ল দৰ্শনী। শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈ সকলোৱে আহিছে অন্তিমবাৰৰ বাবে জুবনিৰ অভিনয় ৰূপালী পৰ্দাত চাবলৈ।

ছবিখনৰ মুক্তিৰ পিছতে প্ৰতিটো ছবিগৃহলৈ গৈ পৰিচালক ৰাজেশ ভূঞা আৰু প্ৰযোজক শ্য়ামন্তক গৌতমে কাৰিকৰীক দিশটো এবাৰ চাবলৈ চেষ্ট কৰিছে। কাৰণ জুবিন গাৰ্গে সকলো সঠিক হ’লেহে ভাল পায় বুলি সংবাদ মাধ্যমক জনায় ৰাজেশ ভূঞাই। অসমবাসীৰ জুবিন গাৰ্গলৈ থকা মৰম আৰু সঁহাৰি দেখি আৱেগিক হৈ পৰে ৰাজেশ ভূঞা।

ছবিখনক লৈ চকুলো টুকি ৰাজেশ ভূঞাই ক’লে, ‘এইখন আমাৰ ছবি নহয়, ‘ৰৈ ৰৈ বিনালে’অসমবাসী ৰাইজৰ ছবি। অসমৰ ৰাইজে জুবিনক কিমান মৰম কৰে সেয়া প্ৰমাণ কৰি দিছে। জুবিনে বহুতো অভিলেখ ভংগ কৰিলে। আজিৰ পৰা হয়টো অসমীয়া ছবিজগতৰ বাবে নতুন এটা ধাৰা আৰম্ভ হ’ব।’

ছবিখনৰ প্ৰযোজক শ্যামন্তক গৌতমে লগতে কয় যে, জুবিনে বিচৰা ধৰণেৰে আমি সকলোখিনি কৰি গৈছো আৰু ৰাইজে প্ৰমাণ কৰিছে জুবিনলৈ থকা মৰমবোৰ।

বৈবাহিক জীৱনৰ সুখ বঢ়াব মাত্ৰ ২ ফুটা নহৰুৱে, কেইদিনমানৰ ভিতৰতে দেখিব চমৎকাৰ!
মূত্ৰাশয় আৰু বৃক্কৰ পাথৰৰ বাবে প্ৰস্ৰাৱ সঘনাই অনুভৱ হয় নেকি?
কিমান তাৰিখৰ পৰা ৰাজ্যত আৰম্ভ হ'ব ৰাস মহোৎসৱ? সবিশেষ জানক
শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস কৰিবলৈ এই ৩টা ব্যায়াম দৈনিক কৰক