‘ৰৈ ৰৈ বিনালে’ আমাৰ নহয়, অসমৰ ৰাইজৰ ছবি’- আৱেগিক হৈ ক’লে পৰিচালক ৰাজেশ ভূঞাই

ছবিখনৰ মুক্তিৰ পিছতে প্ৰতিটো ছবিগৃহলৈ গৈ পৰিচালক ৰাজেশ ভূঞা আৰু প্ৰযোজক শ্য়ামন্তক গৌতমে কাৰিকৰীক দিশটো এবাৰ চাবলৈ চেষ্ট কৰিছে। কাৰণ জুবিন গাৰ্গে সকলো সঠিক হ'লেহে ভাল পায় বুলি সংবাদ মাধ্যমক জনায় ৰাজেশ ভূঞাই।

‘ৰৈ ৰৈ বিনালে’ আমাৰ নহয়, অসমৰ ৰাইজৰ ছবি- আৱেগিক হৈ কলে পৰিচালক ৰাজেশ ভূঞাই
Published: 

31 Oct 2025 | 04:41 PM

উৎকণ্ঠাৰ অৱসান ঘটাই আজি ছবিগৃহত মুক্তি পালে জুবিন গাৰ্গৰ ‘ৰৈ ৰৈ বিনালে’। এইখন আছিল জুবিনৰ সপোনৰ ছবি। মুক্তিৰ দিনাই অসমীয়া ছবিৰ বুৰঞ্জীত ইতিহাসৰ নতুন পাতনি মেলিলে জুবিন গাৰ্গ অভিনীত ‘ৰৈ ৰৈ বিনালে’। অভিলেখ সৃষ্টিৰে পুৱতি নিশা আৰম্ভ হ’ল দৰ্শনী। শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈ সকলোৱে আহিছে অন্তিমবাৰৰ বাবে জুবনিৰ অভিনয় ৰূপালী পৰ্দাত চাবলৈ।

ছবিখনৰ মুক্তিৰ পিছতে প্ৰতিটো ছবিগৃহলৈ গৈ পৰিচালক ৰাজেশ ভূঞা আৰু প্ৰযোজক শ্য়ামন্তক গৌতমে কাৰিকৰীক দিশটো এবাৰ চাবলৈ চেষ্ট কৰিছে। কাৰণ জুবিন গাৰ্গে সকলো সঠিক হ’লেহে ভাল পায় বুলি সংবাদ মাধ্যমক জনায় ৰাজেশ ভূঞাই। অসমবাসীৰ জুবিন গাৰ্গলৈ থকা মৰম আৰু সঁহাৰি দেখি আৱেগিক হৈ পৰে ৰাজেশ ভূঞা।

ছবিখনক লৈ চকুলো টুকি ৰাজেশ ভূঞাই ক’লে, ‘এইখন আমাৰ ছবি নহয়, ‘ৰৈ ৰৈ বিনালে’অসমবাসী ৰাইজৰ ছবি। অসমৰ ৰাইজে জুবিনক কিমান মৰম কৰে সেয়া প্ৰমাণ কৰি দিছে। জুবিনে বহুতো অভিলেখ ভংগ কৰিলে। আজিৰ পৰা হয়টো অসমীয়া ছবিজগতৰ বাবে নতুন এটা ধাৰা আৰম্ভ হ’ব।’

ছবিখনৰ প্ৰযোজক শ্যামন্তক গৌতমে লগতে কয় যে, জুবিনে বিচৰা ধৰণেৰে আমি সকলোখিনি কৰি গৈছো আৰু ৰাইজে প্ৰমাণ কৰিছে জুবিনলৈ থকা মৰমবোৰ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...