মোৰ মাহেকীয়া চলি আছিল, তেতিয়া অক্ষয়ে টানি নিছিল আৰু…উচুপি উঠিল ৰবিনা টেণ্ডন

বলীউডৰ পৰা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ খবৰ পোহৰলৈ আহে। শেহতীয়াকৈ বলীউড অভিনেত্ৰী ৰবিনা টেণ্ডনে তেওঁৰ এটা বিশেষ কথা শ্বেয়াৰ কৰিছে। যিয়ে বহু কষ্ট দিছিল তেওঁক।

মোৰ মাহেকীয়া চলি আছিল, তেতিয়া অক্ষয়ে টানি নিছিল আৰু...উচুপি উঠিল ৰবিনা টেণ্ডন

ৰবিনা-অক্ষয়

Updated On: 

26 May 2025 15:32 PM

বলীউডৰ পৰা বিভিন্ন সময়ত বহু ধৰণৰ খবৰ পোহৰলৈ আহে। অভিনেতা-অভিনেত্ৰীৰ প্ৰেমৰ পৰা আৰম্ভ কৰি বিবাহ, অবৈধ প্ৰেমলৈকে। এনে এক খবৰ নব্বৈৰ দশকত পোহৰলৈ আহিছিল। সেই সময়ত সমগ্ৰ বলীউডত ভাইৰেল হৈ পৰিছিল অক্ষয় কুমাৰ আৰু অভিনেত্ৰী ৰবিনা টেণ্ডনৰ প্ৰেম কাহিনী। বহুতে ভাবিছিল দুয়ো বিবাহ পাশত আৱদ্ধ হ’ব।  সেই সময়ত অক্ষয়- ৰবিনাৰ যুঁটি ইমানেই জনপ্ৰিয় হৈ পৰিছিল যে প্ৰায় সকলো পৰিচালকে দুয়োকে একেলগে কাষ্ট কৰিব বিচাৰিছিল।

ইয়াৰ মাজতে পৰিচালক ৰাজীৱ ৰায়ৰ ‘মহৰা’ নামৰ ছবিখনে বলীউডত খলকনিৰ সৃষ্টি কৰিছিল। কেৱল ছবিখনেই নহয়, ছবিখনৰ ‘টিপ টিপ বৰছা পানী’  শীৰ্ষক যৌন উত্তেজনামূলক গীতটো জনপ্ৰিয় হৈ পৰিছিল। বৰ্তমান সময়তো এই গীতৰ জনপ্ৰিয়তা কমা নাই। ৰবীনা আৰু অক্ষয়ৰ এই গীতটোক বলীউডৰ এতিয়ালৈকে আটাইতকৈ হট গীত হিচাপে বিবেচিত কৰা হয়।

এই গীতটোত ৰবীনাই হালধীয়া চিফন শাৰী আৰু তিতা শৰীৰেৰে পুৰুষৰ হৃদয়ত ধুমুহাৰ সৃষ্টি কৰিছিল। আনহাতে,  তিতা চাৰ্টৰ বুটাম খুলি অক্ষয়ে মহিলাসকলৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। কিন্তু এটা কথা জানেনে? যদিও এই গীতটো ছুপাৰহিট, তথাপিও ইয়াৰ আঁৰত এটা দুখৰ কাহিনী আছে। যি কষ্টৰ কাহিনীয়ে এতিয়াও ৰবিনাক কান্দিবলৈ বাধ্য কৰায়।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰবিনাৰ এটা পুৰণি ভিডিঅ’। য’ত ৰবীনাই গীতটোৰ শ্বুটিঙৰ বিষয়ে বহু কথা শ্বেয়াৰ কৰিছে। এই সাক্ষাৎকাৰত ৰবীনাই কয়, ” সেইদিনাৰ পৰা মোৰ মাহেকীয়া আৰম্ভ হৈছিল।  ঋতুস্ৰাৱৰ বিষটো সহ্য কৰিব পৰা নাছিলো মই। ঔষধ খোৱাৰ পিছতো ভাল হোৱা নাছিল।  যাৰ বাবে মেকআপ ভ্যানত শুই পৰিছিলো। তেনে সময়তে হঠাৎ পৰিচালকে মোক নামি আহিবলৈ কয়। মাহেকীয়াৰ বাবে বিষ হৈ থকাৰ কথা পৰিচালকক কৈছিলো যদিও কোনো লাভ হোৱা নাছিল”।

তাৰ পাছত ৰবিনাই কয়, “মই দেখিলো যে শ্বুটিং স্থলীত বৰষুণৰ ব্যৱস্থা কৰা হৈছে। মোৰ অলপ ভয় লাগিছিল। কাৰণ বিষৰ বাবে মোৰ সামান্য জ্বৰ উঠিছিল। মই অক্ষয়কো এই বিষয়ে অৱগত কৰিছিলো। কিন্তু অক্ষয়ে মোক শ্বুটিং কৰিবলৈ বাধ্য কৰাইছিল। অৱশেষত ঋতুস্ৰাৱৰ ক্ৰেম্প হোৱাৰ পিছতো অক্ষয়ৰ সৈতে এটা অন্তৰংগ দৃশ্য শ্বুট কৰিছিলো। মোৰ বহুত অস্বস্তি ৰাখিছিল তথাপিও শ্বুটিং শেষ কৰিছিলো। সেইদিনটো বৰ কষ্টকৰ আছিল। আজিৰ সময়তো সেই দিনটো পাহৰিব পৰা নাই। বৰ কষ্টকৰ আছিল সেই দিনটো”।

উল্লেখ্য যে, ৰবিনা আৰু অক্ষয়ৰ প্ৰেম বেছি দিন নাথাকিল। ইয়াৰ পিছত হঠাতে অক্ষয়ে টুইংকল খান্নাৰ লগত বিবাহপাশত আবদ্ধ হয়। কিন্তু তেওঁলোকৰ প্ৰেম ভাঙি গ’লেও মহৰা ছবিখনৰ সেই গীতটো বলীউডৰ এক ল্যাণ্ডমাৰ্ক বুলি কোৱা হয়।

 

অন্য খবৰ পঢ়কঃ ছেইফৰ প্ৰথম পত্নীক বলপূৰ্বকভাবে সকলোৰে আগত চুম্বন কৰিছিল অমিতাভ বচ্চনে, পাছত…

বৃক্ক-যকৃতৰ পৰা হৃদযন্ত্ৰলৈ, কুন্দুলীৰ এনে স্বাস্থ্য উপকাৰী গুণৰ কথা জানেনে আপুনি?
প্ৰস্ৰাৱৰ সৈতে তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? বিশেষজ্ঞৰ পৰা জানো আহক
নিশা শুই থাকোঁতেও পিয়াহত ডিঙি শুকাই যায় নেকি? হ’ব পাৰে নেকি কোনো ৰোগৰ লক্ষণ…
পানীত পৰিল গুজৰাট টাইটানছৰ ১৮ কোটি টকা, ট্ৰফীৰ নামত আহিল ৩৩টা ছয়…