অক্ষয় কুমাৰৰ বাবে জীৱনৰ ডাঙৰ সিদ্ধান্ত ৰবীনাৰ! লগে লগে ভৰ্তি হাস্পাতালত…
বলীউডৰ পৰা বিভিন্ন সময়ত বহু খবৰ পোহৰলৈ আহে। এটা সময়ত জনপ্ৰিয় অভিনেত্ৰী ৰবীনা টেণ্ডন সন্দৰ্ভতো বিভিন্ন চৰ্চা চলিছিল। এই চৰ্চাত নাম সাঙোৰ খাইছিল অক্ষয় কুমাৰৰ।

ৰবীনা টেণ্ডন-অক্ষয় কুমাৰ
বলীউডৰ পৰা বিভিন্ন সময়ত বহু খবৰ পোহৰলৈ আহে। বহু অভিনেতা-অভিনেত্ৰী সন্দৰ্ভতো বলীউড জগতখনত চৰ্চা হোৱা দেখা যায়। এই চৰ্চাৰ পৰা সাৰি যোৱা নাছিল অভিনেত্ৰী ৰবীনা টেণ্ডন। ইমানেই নহয় এই চৰ্চাত নাম সাঙোৰ খাইছিল অভিনেতা অক্ষয় কুমাৰৰ। বিশেষকৈ এটা গীতৰ পৰা অক্ষয় আৰু ৰবীনা চৰ্চাত আহিছিল। বহুতে কৈছিল, দুয়োৰে মাজত আছিল প্ৰেমৰ সম্পৰ্ক। কিন্তু সেই প্ৰেম বিভিন্ন কাৰণত সফল নহ’ল।
৯০ ৰ দশকত ৰবীনা আৰু অক্ষয় কুমাৰৰ ‘টিপ টিপ বৰ্ষা পানী’ নামৰ গীতটিয়ে বহু শ্ৰোতা-দৰ্শকৰ মন জয় কৰিছিল। হালধীয়া শাড়ী পিন্ধা ৰবীনাই বহু অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। গীতটিয়ে বহু অভিলেখ গঢ়িছিল। গীতটি প্ৰচাৰ হোৱাৰ মাত্ৰ এটা নিশাৰ ভিতৰতে ৰবীনাৰ অনুৰাগীৰ সংখ্যা দুগুণ হৈ পৰিছিল। বৰষুণত তিতি ৰবীনা আৰু অক্ষয়ে কৰা নৃত্য বহু অনুৰাগীয়ে উপভোগ কৰিছিল। কিন্তু তেওঁলোকৰ হৃদয়ত চলি থকা যন্ত্ৰণা সন্দৰ্ভত বহুতে সম্ভেদ পোৱা নাছিল।
অক্ষয়ৰ সৈতে স্ত্ৰীণত ভাল লাগিলেও ৰবীনাই বহু যন্ত্ৰণা ভোগ কৰিছিল। সেই সময় আছিল ৯০ দশকৰ। সেই সময়ত অক্ষয় কুমাৰ আৰু ৰবীনা টেণ্ডনৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল। সমগ্ৰ বলীউড জগতখনে তেওঁলোকৰ প্ৰেমৰ কথা জানিছিল। ‘খিলাড়ী কি খিলাড়ী’ ছবিখনৰ সময়ত ৰেখাৰ নজৰ অক্ষয়ৰ ওপৰত আছিল। কিন্তু ৰবীনাই তেতিয়া ৰেখাক অক্ষয়ৰ পৰা আঁতৰি থাকিবলৈ কৈছিল। ৰবীনাই অক্ষয়ৰ প্ৰেমত প্ৰায় সকলো পাহৰি গৈছিল। কিন্তু তাৰ মাজতে ঘটিছিল এক ঘটনা। মাত্ৰ এটা নিশাৰ ভিতৰতে অক্ষয়ে ৰবীনাক এক প্ৰকাৰ ব্ৰেকআপ দিছিল।
কিন্তু এই কথা ৰবীনাই সহ্য কৰিব পৰা নাছিল। যাৰ বাবে তেওঁ শ্লিপিং টেবলেট খাই জীৱনৰ চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিছিল। পাছত ৰবীনাক হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল। অৱশ্যে এই খবৰ উৰা বাতৰি বুলি কৈছিল ৰবীনাই। তেওঁ কৈছিল যে, চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নহয়, ডায়েৰেয়া হোৱাৰ বাবে হাস্পাতালত ভৰ্তি হৈছিল। তাৰ পাছতো কিন্তু ৰবীনাৰ বহু ঘনিষ্ঠই এয়া অক্ষয়ৰ বাবে লোৱা এক ডাঙৰ পদক্ষেপ বুলি ক’ব খোজে।
অন্য খবৰ পঢ়কঃ কেতিয়া ডাঙৰ হ’ব তোমাৰ…সোণম কাপুৰক অশ্লীল মন্তব্য ছবি পৰিচালকৰ, তাৰপাছত…