এক দুখলগা ঘটনা! ৰাণীয়ে ক’লে, কেনেকৈ পৃথিৱীৰ পৰা আঁতৰি গৈছিল তেওঁৰ দ্বিতীয় সন্তান…

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জী। সকলোৱে তেওঁৰ ভাল দিন,বেয়া দিন দেখিছে। কিন্তু আজিও বহুতে নাজানে ৰাণীৰ জীৱনৰ এক ক'লা অধ্যায়ৰ বিষয়ে।

এক দুখলগা ঘটনা! ৰাণীয়ে কলে, কেনেকৈ পৃথিৱীৰ পৰা আঁতৰি গৈছিল তেওঁৰ দ্বিতীয় সন্তান...

ৰাণী মুখাৰ্জী

Published: 

11 Sep 2025 | 01:36 PM

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জী। বৰ্তমান তেওঁৰ বয়স প্ৰায় ৪৭ বছৰ। বিগত ডেৰ-দুটা দশক ধৰি বলীউডত কেইবাখনো জনপ্ৰিয় ছবি উপহাৰ দি গৈছে ৰাণীয়ে। অৱশ্যে এতিয়াও মাজে সময়ে ৰাণীক ডাঙৰ পৰ্দাত দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ ৰাণীয়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। ৰাণী মুখাৰ্জী প্ৰযোজক আদিত্য চোপ্ৰাৰ পত্নী। তেওঁলোকৰ এটি কন্যা সন্তান আছে, যাৰ নাম আদিৰা চোপ্ৰা।

নিজৰ কেৰিয়াৰৰ লগতে ৰাণীয়ে সন্তানৰো ভালদৰে প্ৰতিপালন লৈ আহিছে। কিন্তু কেৱল আদিৰাই নহয়, আন এটি সন্তানৰ মাতৃ হোৱাৰো কথা আছিল ৰাণীৰ। কিন্তু সেই সন্তানটিৰ জন্মৰ পূৰ্বে ৰাণীয়ে তেওঁক হেৰুৱাই পেলায়। যাৰ বাবে তেওঁ বহুত কষ্ট সহ্য কৰিবলগীয়া হৈছিল। ইয়াৰ কাৰণ কি জানেনে?

জীৱনৰ সেই ক’লা অধ্যায়টিৰ বিষয়ে এদিন ৰাণী মুখাৰ্জীয়ে নিজেই কৈছিল।সেই সময়ত তেওঁৰ বয়স ৪০ বছৰৰ ওপৰত আছিল। সেই সময়ত ৰাণীৰ গৰ্ভত আন এটি শিশুই থিতাপি লৈছিল। কিন্তু সেই সন্তানটিক ৰাণীয়ে পৃথিৱীৰ পোহৰ দেখুৱাব পৰা নাছিল। মুহূৰ্ততে শেষ হৈ গৈছিল সকলো।

ৰাণীয়ে কৈছিল, সেই সময়ত তেওঁ ৫ মাহৰ গৰ্ভৱতী আছিল। কিন্তু গৰ্ভতেই নষ্ট হৈ যায় সন্তানটি। এই কথাই ৰাণীক অত্যন্ত দুখ দিছিল। এই নিষ্ঠুৰ সত্যটি লগতলৈয়ে ৰাণী এতিয়া জীৱনত এতিয়া আগবাঢ়িছে। তেওঁ কয় যে, “মই এটা ডাঙৰ পৰিয়াল গঢ়ি তুলিব বিচাৰিছিলো। কিন্তু যদি দেৰিকৈ আৰম্ভ কৰে তেন্তে অঘটন হ’ব পাৰে”।

এই তথ্য বলীউড লাইফত প্ৰকাশ পাইছে। এক সাক্ষাৎকাৰৰ সময়ত ৰাণীয়ে কৈছিল যে, মই আগতে কেতিয়াও এই বিষয়ে মুখ খোলা নাছিলো। আজিকালি জীৱনৰ প্ৰতিটো দিশেই ৰাজহুৱা হয় আৰু চৰ্চাত থাকে। আগতে ছবি প্ৰমোছনৰ সময়ত এনে কথাক লৈ প্ৰশ্ন আহিছিল কিন্তু মই সেইবোৰৰ পৰা আঁতৰি চলিছিলো। মই সেই খবৰটো সকলোৰে পৰা লুকুৱাই ৰাখিছিলো।

উল্লেখ্য যে, লকডাউনৰ সময়ত ৰাণীৰ গৰ্ভপাত হৈছিল। ২০২০ চনৰ শেষৰ ফালে গৰ্ভৱতী হোৱা ৰাণীয়ে ৫ মাহৰ অন্তত সন্তানটি হেৰুৱাইছিল। ৰাণীয়ে এক প্ৰকাৰ স্বীকাৰ কৰিছিল যে বয়স বেছি হোৱাৰ বাবে তেওঁ এই সন্তানটি হেৰুৱাবলগীয়া হৈছিল। উল্লেখ্য যে, ৰাণীয়ে ২০১৪ চনত ইটালীত আদিত্যৰ সৈতে বিয়া হৈছিল। এই বিয়া তেওঁলোকে বেংগলী নিয়ম অনুসৰি সম্পন্ন কৰিছিল। তেওঁলোকৰ এটি কন্যা সন্তান আছে। যাৰ বয়স বৰ্তমান ৯ বছৰ।

 

অন্য খবৰ পঢ়কঃ ঐশ্বৰ্য ৰায়ৰ প্ৰথম দৰমহা কিমান আছিল জানেনে? শুনি হ’ব আচৰিত…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...