Pushpa 2 Box Office Collection: বক্স অফিচত অব্যাহত পুষ্পা ২ৰ ঢৌঃ মাত্ৰ চাৰিদিনতে সংগ্ৰহ কৰিলে ইমান ধন…

সাফল্যৰ পূৰ্বানুমান সঠিক প্ৰমাণিত কৰি ছবিগৃ্হত মুক্তিৰ দিন ধৰি পুষ্পা ২- এ ধাৰাবাহিকভাৱে প্ৰতিদিনে দৰ্শকৰ সমাদৰ লাভ কৰি আহিছে। দৰ্শক তথা অনুৰাগীৰ ব্যাপক সঁহাৰিৰ সুবাদত পুষ্পা ২- এ মুক্তিৰ চাৰিদিনতে দেশৰ ভিতৰত উপাৰ্জনৰ ক্ষেত্ৰত অতিক্ৰম কৰিছে ৫০০ কোটিৰ সীমা।

Pushpa 2 Box Office Collection: বক্স অফিচত অব্যাহত পুষ্পা ২ৰ ঢৌঃ মাত্ৰ চাৰিদিনতে সংগ্ৰহ কৰিলে ইমান ধন…

অব্যাহত পুষ্পা ২ৰ সাফল্যৰ দৌৰ

Updated On: 

09 Dec 2024 11:06 AM

বক্স অফিচত থমকি ৰোৱা নাই পুষ্পা ২। পুৰণি অভিলেখ ভংগ কৰি নতুন নতুন অভিলেখ স্থাপনেৰে পুষ্পা ২ ছবিয়ে বক্স অফিচত সাফল্যৰ দৌৰ অব্যাহত ৰাখিছে। ইতিপূৰ্বে ২০২১ চনত মুক্তি লাভ কৰা কৰা পুষ্পাৰ প্ৰথম অংশৰ সাফল্যৰ পিছত ছবিখনৰ ছিকুৱেল অৰ্থাৎ দ্বিতীয় অংশৰ প্ৰতি অনুৰাগীৰ হেঁপাহ তথা আকাংক্ষা স্বাভাৱিকতেই বৃদ্ধি পাইছিল আৰু সেয়ে পুষ্পা ২-এ ব্যাপক সাফল্য লাভ কৰিব বুলি পূৰ্বানুমান কৰা হৈছিল। এই পূৰ্বানুমান সঠিক প্ৰমাণিত কৰি ছবিগৃ্হত মুক্তিৰ দিন ধৰি পুষ্পা ২- এ ধাৰাবাহিকভাৱে প্ৰতিদিনে দৰ্শকৰ সমাদৰ লাভ কৰি আহিছে।

দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্ধান্নাৰ অভিনীত ‘পুষ্পা: দ্য ৰুল’ৰ প্ৰতি দৰ্শকৰ এনে অকুণ্ঠ সমৰ্থনৰ বাবে ছবিখনে এতিয়া ভাৰতীয় ছবিৰ ইতিহাসত আটাইতকৈ লাভজনক ছবি হৈ উঠিব পাৰে বুলি অনুমান কৰা হৈছে। দৰ্শক তথা অনুৰাগীৰ ব্যাপক সঁহাৰিৰ সুবাদত পুষ্পা ২- এ মুক্তিৰ চাৰিদিনতে দেশৰ ভিতৰত উপাৰ্জনৰ ক্ষেত্ৰত অতিক্ৰম কৰিছে ৫০০ কোটিৰ সীমা।

এইদৰে পুষ্পা ২ ভাৰতীয় চিনেমাৰ ইতিহাসত এইপৰ্যন্ত দেশত ৫০০ কোটি টকা উপাৰ্জন কৰা দ্ৰুততম ছবি হিচাপে পৰিগণিত হৈছে। উপাৰ্জনৰ ক্ষেত্ৰত মুক্তিৰ দিন ধৰি পুষ্পাৰ যি গতি, সেয়া ৰুদ্ধ হোৱাৰ কোনো লক্ষণ এইপৰ্যন্ত পৰিলক্ষিত হোৱা নাই আৰু এনে অৱস্থাত পুষ্পাই সকলো অভিলেখ ভংগ কৰি আটাইতকৈ সফল ভাৰতীয় চিনেমাৰ অভিলেখ গঢ়ি তুলিব পাৰে বুলি চিনে পণ্ডিতসকলে মতামত দাঙি ধৰিছে।

মুক্তিৰ দিনাই ছবিখনে ১৬৪ কোটিতকৈ অধিক ধন উপাৰ্জন কৰিছিল। দ্বিতীয় দিনা এই হাৰ কিছু হ্ৰাস পাইছিল যদি ইয়াৰ পিছত পুষ্পাৰ উপাৰ্জনৰ গতি পুনৰ উৰ্ধমুখী হয়। দ্বিতীয় দিনা পুষ্পাই ৯৩.৮ কোটি টকা উপাৰ্জন কৰাৰ বিপৰীতে তৃতীয় দিনা ১১.২৫ কোটি টকা উপাৰ্জন কৰে। আনহাতে দেওবাৰে মুক্তিৰ চতুৰ্থ দিনা পুষ্পা ২ৰ উপাৰ্জন হয় ১৪১.৫ কোটি টকা। এইদৰে মাত্ৰ চাৰিদিনত পুষ্পা ২ৰ দেশৰ ভিতৰত মুঠ সংগ্ৰহ ৫২৯.৪৫ কোটি টকা হৈছেগৈ।

আনহাতে ছবিখনৰ তিনিদিনৰ বিশ্বব্যাপী উপাৰ্জন মুঠ ৬২১ কোটি টকা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। এনে গতিৰে আগবাঢ়ি গৈ থাকিলে এই ছবিখনে ষষ্ঠ বা সপ্তম দিনৰ ভিতৰতে ১০০০ কোটিৰ ঘৰ স্পৰ্শ কৰাৰ সম্ভাৱনা দেখা গৈছে। চতুৰ্থ দিনা পুষ্পা ২- এ তেলেগু সংস্কৰণত ৪৪ কোটি টকা সংগ্ৰহ কৰাৰ বিপৰীতে হিন্দী সংস্কৰণে ইয়াৰ প্ৰায় দুগুণ অৰ্থাৎ ৮৫ কোটি টকা উপাৰ্জন কৰিছে।

মহাকাশলৈ উৰা মৰা শুভাংশু শুক্লাই কিমান টকা লাভ কৰিব?
বাৰিষা ঋতুত পেটৰ সমস্যা কিয় হয়? জানক কি কি বস্তু খাব নালাগে
সৰিয়হ নে নাৰিকলৰ তেল? ঘন, ক’লা চুলিৰ বাবে কোনটো উত্তম?
ৰাম তুলসী নে কৃষ্ণ তুলসী! কোন বিধ ঘৰত ৰোপণ কৰিব লাগে?