দেখুৱাই দিয়া তোমাৰ…প্ৰিয়ংকা চোপ্ৰাক কি বেয়া নিৰ্দেশ দিছিল পৰিচালকে? এৰি দিছিল ছবি…

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। কেৱল বলীউডতে নহয়, হলীউডতো প্ৰিয়ংকাই বহু ৰেকৰ্ড গঢ়িছে। কিন্তু ছবি জগতখনত প্ৰিয়ংকাইও বেয়া অভিজ্ঞতাৰ সন্মুখীন হৈছে।

দেখুৱাই দিয়া তোমাৰ...প্ৰিয়ংকা চোপ্ৰাক কি বেয়া নিৰ্দেশ দিছিল পৰিচালকে? এৰি দিছিল ছবি...

প্ৰিয়ংকৰ চোপ্ৰা

Published: 

17 Jul 2025 | 01:44 PM

প্ৰিয়ংকা চোপ্ৰা! কেৱল বলীউডতে নহয়, হলীউডতো অভিনেত্ৰীগৰাকীয়ে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। প্ৰিয়ংকাই বলীউড এৰি যোৱা বহু বছৰ হ’ল। এতিয়া তেওঁ হলীউডত এখনৰ পাছত আন এখন ছবি কৰি গৈছে। দিনক দিনে হলীউডত প্ৰিয়ংকাৰ গুৰুত্ব বৃদ্ধি পাইছে। কিন্তু ইয়াৰ মাজতে খবৰ আহিছে যে পুনৰ ভাৰতীয় চিনেমাত দেখা যাব প্ৰিয়ংকা চোপ্ৰাক। অৱশ্যে বলীউডত নহয়, দক্ষিণাত্যৰ পৰিচালক এছ এছ ৰাজামৌলিৰ নতুন ছবিত প্ৰিয়ংকাক দেখা পোৱা যাব।

প্ৰিয়ংকা চোপ্ৰাই আজিৰ দিনত বহু জনপ্ৰিয়তা অৰ্জন কৰিছে। কিন্তু এই আৰম্ভণি সহজ নাছিল। মিছ ৱাৰ্ল্ড হোৱাৰ পাছতে বলীউডত তেওঁ বেয়া অভিজ্ঞতাৰ সন্মুখীন হ’বলগীয়া হৈছিল। আনকি হিন্দী পৰিচালকেও তেওঁক বেয়া পৰামৰ্শ দিছে। কিন্তু প্ৰিয়ংকাই হাৰ মনা নাছিল। নিজৰ যুঁজ যুঁজি আগুৱাই গৈছিল।

শেহতীয়াকৈ প্ৰিয়ংকাই এটা সাক্ষাৎকাৰত এটা পুৰণি ঘটনাৰ বিষয়ে কয়। সেই সময়ত অভিনেত্ৰীগৰাকীৰ বয়স আছিল ১৯ বছৰ। বলীউডত তেতিয়া তেওঁ সম্পূৰ্ণ নতুন আছিল। প্ৰিয়ংকাই কয় যে, “বিচনাৰ ওপৰত দৃশ্য এটা শ্বুট কৰা হৈছিল। মই আণ্ডাৰৱেৰ পিন্ধি চাদৰৰ তলত আছিলো। লগত আছিল মোৰ সহ অভিনেতা। মই যিমান পাৰো নিজকে লুকুৱাই ৰখাৰ চেষ্টা কৰিছিলো। কিন্তু হঠাৎ পৰিচালকে চিঞৰি উঠিছিল আৰু কৈছিল তোমাৰ আণ্ডাৰৱেৰ কেমেৰাক দেখুওৱা, নহ’লে তোমাৰ চিনেমা চাবলৈ কোনেও নাহিব”।

প্ৰিয়ংকাই কয় যে, পৰিচালকৰ পৰা এনেবোৰ কথা শুনি তেওঁৰ বেয়া লাগিছিল। তেওঁ কেতিয়াও ভবাই নাছিল যে কোনোবাই এনেকুৱা কথা ক’ব পাৰিব। প্ৰিয়ংকাই কয় যে,” লগে লগে মই সেই ছবিখন এৰি দিছিলো। কিন্তু সেই সময়ত লাভ কৰা অভিজ্ঞতা সহজ নাছিল”।

উল্লেখ্য যে, ফাৰহান আখতাৰৰ ছবি ‘জী লে জৰা’ত প্ৰিয়ংকাই অভিনয় কৰিব বুলি কিছুদিন পূৰ্বে খবৰ পোহৰলৈ আহিছিল। ছবিখনত কেটৰিনা আৰু আলিয়াই কাম কৰাৰ কথাও আছিল। কিন্তু সেই ছবিখনৰ কাম বৰ্তমান বন্ধ হৈ আছে। ইয়াৰ পাছতে এতিয়া পোহৰলৈ আহিছে যে প্ৰিয়ংকাক ভাৰতীয় চিনেমাত দেখা যাব, অৱশ্যে ফৰহান আখতাৰৰ লগত নহয়, ৰাজামৌলিৰ ছবিত তেওঁ অভিনয় কৰিব।

 

অন্য খবৰ পঢ়কঃ শ্বাহৰুখ খানাৰ মেনেজাৰ পূজাই কিমান দৰমহা লাভ কৰে জানেনে? শুনিলে হ’ব আচৰিত…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব