আৰক্ষীৰ পৰা জনপ্ৰিয় গায়কলৈ…নিশাৰ ভিতৰত কেনেকৈ সলনি হৈছিল প্ৰশান্তৰ ভাগ্য…

সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা বিদায় ল'লে জনপ্ৰিয় গায়ক তথা অভিনেতা প্ৰশান্ত তামাঙে। তেওঁ আছিল ইণ্ডিয়ান আইডল ছিজন ৩ ৰ বিজেতা। তেওঁ এদিনতে লাভ কৰা নাছিল সফলতা, ইয়াৰ আঁৰত আছে এক কাহিনী।

আৰক্ষীৰ পৰা জনপ্ৰিয় গায়কলৈ...নিশাৰ ভিতৰত কেনেকৈ সলনি হৈছিল প্ৰশান্তৰ ভাগ্য...

প্ৰশান্ত তামাং

Published: 

13 Jan 2026 | 11:45 AM

সকলো অনুৰাগীক কন্দুৱাই চিৰদিনৰ বাবে চকু মুদিলে ইণ্ডিয়ান আইডল ৩ (Indian Idol 3)ৰ বিজেতা প্ৰশান্ত তামাঙে। প্ৰশান্ত যেন আছিল পাহাৰৰ বুকুত ৰ’দৰ ৰশ্মি। সদায় তেওঁৰ ওঁঠৰ কোণত আছিল এটা মিঠা হাঁহি। পিছে দাৰ্জিলিঙৰ সেই হাঁহিটো এতিয়া হেৰাই গ’ল। হাৰ্ট এটেকৰ ফলত মৃত্যু হয় তেওঁৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৪৩ বছৰ। পিছে কেৰিয়াৰৰ ক্ষেত্ৰত  প্ৰশান্তৰ এই প্ৰাপ্তি এদিনৰ নাছিল, ইয়াৰ আঁৰত আছিল বহু বছৰৰ কষ্ট তথা দেশবাসীৰ মৰম।

পাহাৰৰ এজন সাধাৰণ আৰক্ষী বিষয়াৰ পৰা আৰম্ভ কৰি তেওঁ নিশাৰ ভিতৰতে গোটেই দেশৰ চকুৰ মণি হৈ পৰিছিল। প্ৰশান্তৰ সফলতাৰ কাহিনী চিনেমাৰ দৰে। ২০০৭ চনত তেওঁ ‘ইণ্ডিয়ান আইডল’ ছিজন-৩ জয়ী হৈছিল। এই জয় সাধাৰণ নাছিল, ই আছিল এটা জনগোষ্ঠীৰ আবেগ আৰু সাধাৰণ মানুহৰ সপোন পূৰণ হোৱাৰ কাহিনী।

পিতৃৰ মৃত্যুৰ পাছত প্ৰশান্তে পৰিয়ালৰ দায়িত্ব ল’বলৈ কলকাতা আৰক্ষীত যোগদান কৰিছিল। তেওঁ কলকাতা পুলিচ বেণ্ডৰ গায়ক আছিল। ইয়াৰোপৰি তেওঁ বিভিন্ন অনুষ্ঠানত গীত পৰিৱেশন কৰিছিল। সৰুৰে পৰা তেওঁ সুন্দৰ কণ্ঠৰ অধিকাৰী আছিল। ইণ্ডিয়ান আইডলৰ অডিশ্যন আৰম্ভ হোৱাৰ লগে লগে প্ৰশান্তক একাংশ সতীৰ্থই অংশগ্ৰহণ কৰিবলৈ জোৰ দিছিল। কোৱা হয়, সেই সময়ত অডিশ্যন দিবলৈ তেওঁৰ হাতত ধন নাছিল। কিন্তু সতীৰ্থই তেওঁক অডিশ্যন দিয়াত সহায় কৰিছিল। পাছত তেওঁ মুম্বাইলৈ গৈছিল আৰু আৰম্ভ হৈছিল সফলতাৰ যাত্ৰা।

দেশৰ বিভিন্ন প্ৰান্তৰ মানুহক তেওঁৰ কণ্ঠই মোহিত কৰিছিল। সেই সময়ত এটা শ্লোগান জনপ্ৰিয় হৈ পৰিছিল, সেয়া আছিল- পুলিচ নহয়, প্ৰশান্ত আমাৰ নায়ক। পাছত ২০০৭ চনৰ ২৩ ছেপ্টেম্বৰত তেওঁ জয়ী হৈছিল। সেই সময়ত কলকাতা আৰক্ষীয়ে তেওঁক প্ৰদান কৰিছিল ৰাজকীয় সন্মান।

জয়ী হোৱাৰ পাছত প্ৰশান্ত পাছলৈ ঘূৰি চোৱা নাছিল। তেওঁ চনী বিএমজিৰ সৈতে এটা এলবাম মুকলি দিছিল। ইয়াৰ পাছত তেওঁ নেপালী ছবিত অভিনয় কৰিবলৈ আৰম্ভ কৰে। ‘গোৰ্খা পল্টন’ আৰু পাটল লোক ২ ৰ দৰে ছুপাৰহিট ৱেব ছিৰিজতো তেওঁ অভিনয় কৰিছিল। এনেকৈ তেওঁ দেশৰ বিভিন্নজনৰ হৈ পৰিছিল প্ৰিয় গায়ক তথা অভিনেতা। কিন্তু সকলোকে কন্দুৱাই তেওঁ এতিয়া এই পৃথিৱীৰ পৰা বিদায় মাগে।

 

অন্য খবৰ পঢ়কঃ শীতকালত ডায়েবেটিছ ৰোগীয়ে নকৰিব এই ভুল! জানক এইমছৰ চিকিৎসকৰ পৰা…

শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক..
লিভাৰ দুৰ্বল কৰি তোলে এই ৩ বিধ খাদ্যই! জানক...
কলপাতত খাদ্য খোৱাৰ ৫টা উপকাৰী গুণ কি কি? জানক...
ব্লাড চুগাৰ নিয়ন্ত্ৰণত সহায় কৰে এইসমূহ খাদ্যই, জানক...
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি