কৃষকৰ গাঁৱৰ ল’ৰাই বিশ্বত সুনাম অৰ্জন কৰিছে: সাক্ষাতৰ সময়ত দিলজিৎ দোচাঞ্জক প্ৰশংসা কৰি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

পাঞ্জাৱী আৰু বলীউডৰ ছবিত নিজৰ প্ৰতিভাৰে সকলোকে মুগ্ধ কৰা দিলজিৎ দোচাঞ্জে নতুন বছৰটো এক বিশেষ ধৰণে আৰম্ভ কৰিছে। নতুন বছৰৰ প্ৰথম দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে অভিনেতা তথা কণ্ঠশিল্পীগৰাকীয়ে। তাৰ পাছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ভিডিঅ'...

কৃষকৰ গাঁৱৰ লৰাই বিশ্বত সুনাম অৰ্জন কৰিছে: সাক্ষাতৰ সময়ত দিলজিৎ দোচাঞ্জক প্ৰশংসা কৰি কি কলে প্ৰধানমন্ত্ৰীয়ে?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ দিলজিৎ দোচাঞ্জৰ

Published: 

02 Jan 2025 | 12:14 PM

পাঞ্জাৱী কণ্ঠশিল্পী দিলজিৎ দোচাঞ্জে ২০২৪ চনত দিল লুমিনাটি ভ্ৰমণ কৰে। এই ভ্ৰমণৰ জৰিয়তে সমগ্ৰ দেশৰ অনুৰাগীসকলক মনোৰঞ্জন দিছিল কণ্ঠশিল্পীগৰাকীয়ে। ইয়াৰ পাছতে ২০২৫ বৰ্ষৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিছে দিলজিৎ দোচাঞ্জে। প্ৰধানমন্ত্ৰী মোদীৰ ইনষ্টা হেণ্ডেলত শ্বেয়াৰ কৰা হৈছে ভিডিঅ’টো। য’ত প্ৰধানমন্ত্ৰী মোদী আৰু দিলজিতক একেলগে বাৰ্তালাপ কৰা দেখা গৈছে। ভিডিঅ’টোৰ শিৰোনামটোত লিখা আছে- ‘এটা অতি স্মৰণীয় বাৰ্তালাপ, ইয়াত হাইলাইটবোৰ চাওক।’

আশীৰ্বাদ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

ভিডিঅ’টোৰ বিষয়ে ক’বলৈ গ’লে দিলজিৎ দোচাঞ্জে ক’লা ৰঙৰ ফৰ্মেল কাপোৰ পিন্ধি প্ৰধানমন্ত্ৰী মোদীক লগ কৰিবলৈ উপস্থিত হৈছে। প্ৰধানমন্ত্ৰী মোদীক দেখাৰ লগে লগে তেওঁ অভিবাদন জনোৱা দেখা গৈছে। একে সময়তে, মোদীয়ে মুগা ৰঙৰ শ্বেৰৱানী পিন্ধি আছে। দিলজিতক লগ পাই প্ৰধানমন্ত্ৰীকো সুখ প্ৰকাশ কৰা দেখা গৈছে। ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোদীক ফুলৰ থোপা উপহাৰ দিছে দিলজিৎ দোচাঞ্জে। ইয়াৰ উপৰিও, তেওঁলোক দুয়োৰে এই বিশেষ বৈঠকৰ বহুতো ফটো ছচিয়েল মিডিয়াত ভাইৰেল হ’বলৈ আৰম্ভ কৰিছে।
কিছুমান ফটোত দুয়োগৰাকীয়ে বাৰ্তালাপ কৰিছে,আকৌ আন কিছুমানত প্ৰধানমন্ত্ৰী মোদীয়ে দিলজিতক আশীৰ্বাদ দিয়া দেখা গৈছে।

 

দিলজিৎ দোচাঞ্জৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে

ভাইৰেল ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোদীক কণ্ঠশিল্পী দিলজিৎ দোচাঞ্জৰ প্ৰশংসা কৰা দেখা গৈছে। প্ৰধানমন্ত্ৰীয়ে কয়, “তেওঁৰ এইটো দেখি ভাল লাগে যে কৃষকৰ গাঁৱৰ এজন ল’ৰাই বিশ্বৰ দৰবাৰত নিজৰ সুনাম অৰ্জন কৰিছে।” এই সময়ছোৱাত দিলজিতক প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত পাঞ্জাৱী গান গাই থকা দেখা গৈছিল।

শেহতীয়াকৈ, প্ৰধানমন্ত্ৰী মোদীয়ে বলীউডৰ শ্ব’মেন ৰাজ কাপুৰৰ পৰিয়ালক সাক্ষাৎ কৰে। কিংবদন্তি অভিনেতাজনৰ ১০০তম জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰীয়ে কাপুৰ পৰিয়ালক সাক্ষাৎ কৰে। এতিয়া তেওঁ দিলজিৎ দোচাঞ্জক লগ কৰিছে। যিয়ে দেশ-বিদেশত তেওঁৰ প্ৰতিভাৰ নিচান উৰুৱাইছে। বছৰটোৰ আৰম্ভণিৰ দিনটোতে মিলিত হৈছে তেওঁলোক। যিয়ে পৰিৱেশটো আৰু অধিক বিশেষ কৰি তুলিছে। শেহতীয়াকৈ, দিলজিৎ দোচাঞ্জে তেওঁৰ দিল-লুমিনাটি ভ্ৰমণ সমাপ্ত কৰিছে। তেওঁৰ এই ভ্ৰমণটো যথেষ্ট সফল হৈছিল আৰু ইয়াক সমগ্ৰ বিশ্বতে চৰ্চিত হৈছিল। কিছুদিন পূৰ্বে গুৱাহাটীৰ সৰুসজাইত গীত পৰিৱেশন কৰিছিল কণ্ঠশিল্পীগৰাকীয়ে।

 

অনুৰাগীসকলে প্ৰতিক্ৰিয়া

অনুৰাগীসকলেও দিলজিৎ দোচাঞ্জৰ এই ভিডিঅ’টোত বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এজন ব্যক্তিয়ে লিখিছে – “২০২৫ চনৰ আটাইতকৈ অপ্ৰত্যাশিত বৈঠক”। আন এজন ব্যক্তিয়ে লিখিছে – “এয়া ২০২৫ চনৰ সৰ্বশ্ৰেষ্ঠ আৰম্ভণি।” আকৌ এজনে লিখিছে – “দুজন এনেকুৱা ব্যক্তিৰ সাক্ষাৎ, যিয়ে নিজৰ কামক ভাল পাই আৰু এক সুন্দৰ জীৱন যাপন কৰে”।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব