পিচ্ছে দেখো পিচ্ছে’ ভিডিঅ’টি মনত আছেনে? ভাইৰেল আহমদ শ্বাহৰ ভাতৃৰ হাৰ্ট এটেকত মৃত্যু…

সামাজিক মাধ্যমত বহু সময়ত বিভিন্ন খবৰ ভাইৰেল হোৱা দেখা যায়। এটা নিশাৰ ভিতৰতে ভাইৰেল হৈ পৰিছিল 'পিচ্ছে দেখো পিচ্ছে' এটা ভিডিঅ'। কিন্তু এতিয়া পোহৰলৈ আহিছে এক বেয়া খবৰ।

পিচ্ছে দেখো পিচ্ছে ভিডিঅটি মনত আছেনে? ভাইৰেল আহমদ শ্বাহৰ ভাতৃৰ হাৰ্ট এটেকত মৃত্যু...

ভাতৃৰ সৈতে আহমদ

Published: 

16 Sep 2025 13:19 PM

পিচ্ছে দেখো পিচ্ছে…ভিডিঅ’টিৰ কথা মনত আছেনে? সেই ভিডিঅ’টিত দেখা পোৱা কিশোৰটিৰ ভাতৃ আৰু নাই। শেহতীয়াকৈ  আহমদ শ্বাহৰ ১৫ বছৰীয়া ভাতৃৰ মৃত্যুৰ খবৰ আহি পৰিছে। এই খবৰে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সামাজিক মাধ্যমত বহু সময়ত বিভিন্ন খবৰ ভাইৰেল হৈ থাকে। সামাজিক মাধ্যমত ভাইৰেল হোৱা কিছুমান ঘটনাই বিভিন্নজনৰ হৃদয় স্পৰ্শ কৰি যায়। এনে এটা ভিডিঅ’ আজিৰ পৰা কেইটামান বছৰ পূৰ্বে ভাইৰেল হৈছিল। পিচ্ছে দেখো পিচ্ছে ভিডিঅ’টিৰ পৰা নিশাৰ ভিতৰতে এটি কিশোৰ ভাইৰেল হৈ পৰিছিল।

এই কিশোৰটিৰ নাম আহমদ শ্বাহ। এটা ভিডিঅ’ৰ পৰা নিশাৰ ভিতৰতে ভাইৰেল হৈ পৰা শিশুটিয়ে পৰৱৰ্তী সময়ত সামাজিক মাধ্যমত আৰু বহু ভিডিঅ’ আপলোড কৰিছিল। কিন্তু শেহতীয়াকৈ কিশোৰটিয়ে আন এটা খবৰ সামাজিক মাধ্যমৰ যোগেদি দিছে। ইনষ্টাগ্ৰামত আহমদে জনাই যে, তেওঁৰ ভাতৃৰ মৃত্যু হৈছে।

আহমদে ১৫ ছেপ্টেম্বৰত নিজৰ ইনষ্টাগ্ৰাম একাউন্টত এটা পোষ্ট শ্বেয়াৰ কৰে। য’ত তেওঁ লিখে- “আমি আপোনালোকক ক’ব বিচাৰো যে আমাৰ পৰিয়ালৰ সৰু উজ্বল তৰা উমেৰ শ্বাহ আল্লাহৰ ওচৰলৈ ঘূৰি যায়। আপোনালোকলৈ অনুৰোধ জনাইছো, আপোনালোকে উমেৰ আৰু আমাৰ পৰিয়ালৰ সৈতে দোৱা কৰিব”।

পাকিস্তানৰ বিভিন্ন সংবাদ মাধ্যমৰ তথ্য অনুসৰি, উমেৰৰ প্ৰথম অৱস্থাত বমি হৈছিল, যি পাছত ভুলবশতঃ হাওঁফাওঁলৈ যায়। যাৰ বাবে তেওঁ উশাহ-নিশাহ লোৱাত কষ্ট পায়। এনে অৱস্থাত তেওঁ কাৰ্ডিঅৱেস্কুলাৰ এৰেষ্ট হৈ মৃত্যুক সাৱতি লয়। এই খবৰ বিয়পি পৰাৰ পাছতে বিভিন্নজনে তেওঁক সমবেদনা জ্ঞাপন কৰিছে।

উল্লেখ্য যে, ২০২৩ চনত আহমদৰ সৰু ভগ্নীৰ মৃত্যু হৈছিল। নৱজাতক আইছাই জন্মৰ কেইটামান দিন পাছতে মৃত্যুক সাৱতি লৈছিল। বিভিন্ন ৰোগৰ বাবে তেওঁৰ মৃত্যু হৈছিল। ইয়াৰ পাছতে এতিয়া আহমদে নিজ ভাতৃক হেৰুৱায়। আহমদৰ এই খবৰ লাভ কৰাৰ পাছতে অনুৰাগীসকলে দুখ প্ৰকাশ কৰিছে।

আহমদৰ লগত তেওঁৰ ভাতৃকো বহু পাকিস্তানী টিভি চেনেলত দেখিবলৈ পোৱা হৈছিল। ককায়েক আহমদৰ সৈতে তেওঁ পাকিস্তান টিভিৰ কেইবাটাও শ্ব’ কৰিছিল। এনে ক্ষেত্ৰত উমেৰৰো জনপ্ৰিয়তা আৰু বহু অনুৰাগী আছিল। কিন্তু এতিয়া উমেৰৰ মৃত্যুৰ খবৰে বহুতক স্তম্ভিত কৰি তুলিছে।

 

অন্য খবৰ পঢ়কঃ কেতিয়া ডাঙৰ হ’ব তোমাৰ…সোণম কাপুৰক অশ্লীল মন্তব্য ছবি পৰিচালকৰ, তাৰপাছত…

শনিৰ শুভ অৱস্থান, এই ৩ ৰাশিয়ে লাভ কৰিব ভাগ্যৰ সমৰ্থন!
কাইলৈ জন্মদিন উদযাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে, জানেনে তেওঁৰ সৰ্বকালৰ প্ৰিয় ছবি কোনখন?
এই ৬ টা অভ্যাসে নষ্ট কৰি পেলাব পাৰে বৃক্ক! জানক...
সূৰ্যৰ স্থান পৰিবৰ্তন! প্ৰভাৱ পৰিব এই ৪ ৰাশিৰ ওপৰত...