Miss World 2025 Winner: মিছ ৱৰ্ল্ড ২০২৫ ৰ বিজয়ী ঘোষণা, থাইলেণ্ডৰ ওপাল সুচাটাৰ শিৰত জিলিকিল মুকুট

অৱশেষত ঘোষণা হ'ল মিছ ৱৰ্ল্ড ২০২৫ৰ বিজয়ীৰ নাম। হায়দৰাবাদত আয়োজন কৰা এই অনুষ্ঠানৰ পৰা বাহিৰ হৈছে ভাৰত। ৭২ সংখ্যক মিছ ৱৰ্ল্ড খিতাপ দখল কৰে থাইলেণ্ডৰ ওপাল সুচাটা চুৱাংশ্ৰীয়ে। মুকুটৰ লগতে প্ৰায় ৮.৫ কোটি টকাৰ পুৰস্কাৰো লাভ কৰিছে।

Miss World 2025 Winner: মিছ ৱৰ্ল্ড ২০২৫ ৰ বিজয়ী ঘোষণা, থাইলেণ্ডৰ ওপাল সুচাটাৰ শিৰত জিলিকিল মুকুট

মিছ ৱৰ্ল্ড ২০২৫ ৰ বিজয়ীৰ ঘোষণা

Updated On: 

31 May 2025 22:53 PM

অপেক্ষা অন্ত, ঘোষণা হ’ল ২০২৫ চনৰ মিছ ৱৰ্ল্ডৰ বিজয়ীৰ নাম। প্ৰায় ১১০খন দেশৰ প্ৰতিযোগীক পিছ পেলাই থাইলেণ্ডৰ ওপাল সুচাটা চুৱাংশ্ৰীয়ে (Opal Suchata Chuangsri ) খিতাপ দখল কৰিছে। হায়দৰাবাদত আয়োজন কৰা এই অনুষ্ঠানত তেওঁক মিছ ৱৰ্ল্ডৰ মুকুট পিন্ধোৱা হয়। ইফালে ইথিওপিয়াৰ হাছেট ডেৰেজে আদমাছুৱে (Hasset Dereje Admassu) এই প্ৰতিযোগিতাত প্ৰথম ৰানাৰ্ছ আপ হয়।

মিছ ৱৰ্ল্ড ২০২৪ বিজয়ী ক্ৰীষ্টিনা পিস্কোভাই ওপাল সুচাটা চুৱাংশ্ৰীক মুকুট পিন্ধাইছে। এই প্ৰতিযোগিতাত থাইলেণ্ডৰ এইটোৱেই প্ৰথম জয়। ক্ৰীষ্টিনা পিস্কোভা চেক ৰিপাব্লিকৰ অন্তৰ্গত। যোৱা বছৰ তেওঁ এই মুকুট লাভ কৰিছিল, যিটো এতিয়া ওপাল সুচাটাৰ মূৰত জিলিকিছে। সুন্দৰ মুকুটৰ লগতে ওপালে ১ মিলিয়ন ডলাৰ উপাৰ্জন কৰিছে। যিটো ভাৰতীয় টকাত প্ৰায় ৮.৫ কোটি টকা। এই ধনৰাশি বিজয়ীক মিছ ৱৰ্ল্ড অৰ্গেনাইজেশ্যন আৰু ইয়াৰ অংশীদাৰসকলে পুৰস্কাৰৰ ধন হিচাপে দিয়ে।

হায়দৰাবাদত ২৪ দিন ধৰি চলিছিল এই অনুষ্ঠান

এইবাৰ ভাৰতে আয়োজন কৰিছিল প্ৰতিযোগিতা। হায়দৰাবাদৰ হাইটেক্স প্ৰদৰ্শনী কেন্দ্ৰত ৭ মে’ৰ পৰা আৰম্ভ হয় এই অনুষ্ঠান। প্ৰায় ২৪ দিনৰ মূৰত আজি অৰ্থাৎ ৩১ মে’ত ইয়াৰ সামৰণি পৰে আৰু বিশ্বই ওপাল সুচাটা চুৱাংশ্ৰীৰ ৰূপত ৭২ সংখ্যক মিছ ৱৰ্ল্ড লাভ কৰে।

কৰ’না ভেকচিনৰ লগত হৃদৰোগৰ সম্পৰ্ক আছে নেকি? জানক কি কয় বিশেষজ্ঞসকলে...
এইসমূহ স্বাস্থ্য সমস্যাৰ পৰা সহজে উপশম পাবলৈ খাওক নহৰু...
অত্যধিক সুৰা সেৱন কৰে নেকি ? আওকাণ নকৰিব, ফেটি লিভাৰৰ Grade-3 লক্ষণসমূহ জানক...
Hanuman: হনুমানক সেন্দূৰ অৰ্পন কৰাৰ সময়ত কি মন্ত্ৰ পাঠ কৰিব লাগে?