অমিতাভ বচ্চনৰ সন্মুখত মই হুকহুকাই কান্দিছিলো…সেইদিনা কি হৈছিল ঋষি কাপুৰৰ পত্নীৰ লগত…

বলীউডৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চনৰ সন্মুখত এবাৰ কান্দি উঠিছিল নিতু কাপুৰে। প্ৰায় ৪৪ বছৰ পাৰ হৈ গ’ল, কিন্তু এতিয়াও সেই দিনটো পাহৰিব পৰা নাই প্ৰয়াত অভিনেতা ঋষি কাপুৰৰ পত্নী নিতু কাপুৰে।

অমিতাভ বচ্চনৰ সন্মুখত মই হুকহুকাই কান্দিছিলো...সেইদিনা কি হৈছিল ঋষি কাপুৰৰ পত্নীৰ লগত...

অমিতাভ-নিতু

Published: 

25 Jun 2025 16:00 PM

বলীউডৰ পৰা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ খবৰ পোহৰলৈ আহে। ইয়াৰে কিছুমান সঁচা হয় আৰু কিছুমান উৰা বাতৰি।  ইয়াৰ মাজতে এটা কাহিনী আছে  নিতু কাপুৰৰ । এটা সাক্ষাৎকাৰ নিতুয়ে প্ৰকাশ কৰিছিল কেনেকৈ তেওঁ অমিতাভ বচ্চনৰ সন্মুখত কান্দি উঠিছিল।

সময় আছিল সত্তৰৰ দশকৰ শেষ। প্ৰায় ৪৪ বছৰ পাৰ হৈ গৈছে, কিন্তু আজিও সেই দিন পাহৰিব পৰা নাই প্ৰয়াত অভিনেতা ঋষি কাপুৰৰ পত্নী নিতু কাপুৰে। এতিয়াও সেই দিনটো মনত পৰিলে তেওঁৰ চকু সেমেকি উঠে। সেই দিনটোৱে তেওঁৰ মনত এতিয়াও যন্ত্ৰনা দিয়ে। যেতিয়াই অভিনেতা অমিতাভ বচ্চনক লগ পাই তেতিয়াও সেই  দিনটোৰ কথা চকুত ভাহি আছে। এতিয়াও তেওঁৰ ভাবিলে আচৰিত লাগে কিয় তেওঁ এনেকৈ কান্দিছিল!

শেহতীয়াকৈ এক সাক্ষাৎকাৰত নিতু কাপুৰে বহু কথা প্ৰকাশ কৰিছিল। স্মৃতিৰ বাকচৰ পৰা তেওঁ এটা এনে কাহিনী উলিয়াই আনিছিল যি হয়তো বহুতে গম পোৱা নাছিল। তেওঁ কৈছিল এংগেজমেণ্টৰ পিছৰে পৰা তেওঁ স্বামী ঋষি কাপুৰক কেনেকৈ মিছ কৰিছিল।

এই সাক্ষাৎকাৰত নিতুৱে কয় যে, “মই সেই সময়ত কলকাতাত ‘ইয়াৰানা’ ছবিৰ শ্বুটিং কৰি আছিলো। সেইদিনা মই  শ্বুটিং স্পটত উপস্থিত হৈ মেকআপ ৰুমত বহি আছিলো। কিন্তু হঠাতে মোৰ ঋষিৰ কথা মনত পৰে। মই বহুত মিছ কৰিছিলো তেওঁক। কলকাতাৰ পৰা ঋষিক ফোন কৰিবও পৰা নাছিলো। বৰ কষ্টকৰ আছিল। মই বহি কান্দি কান্দি আছিলো। সেই সময়ত অমিতজী মোৰ সন্মুখলৈ আহে। তেওঁক দেখি মই আৰু বেছিকৈ কান্দিবলৈ ধৰিলো। অৱশেষত অমিতজীয়ে মোৰ ওচৰলৈ আহি সুধিলে কি হ’ল। তেতিয়া মই কৈছিল যে মই ঋষিক মিছ কৰিছো। এই কথা শুনি  লগে লগে তেওঁ কয়, চিন্তাৰ প্ৰয়োজন নাই। শ্বুটিং সোনকালে শেষ হ’ব, আৰু ঋষিৰ ওচৰলৈ যাব পাৰিবা’।

নিতুয়ে  কয় যে, সেইদিনা তেওঁ কিয় ইমান কান্দিছিল সেয়া আজিও ভাবিলে আচৰিত লাগে। উল্লেখ্য যে, ১৯৮০ চনৰ ২২ জানুৱাৰীত নিতু সিং আৰু ঋষি কাপুৰে বিবাহপাশত আবদ্ধ হয়।সেই বছৰৰ ছেপ্টেম্বৰ মাহত তেওঁলোকৰ কন্যা ৰিদ্ধিমাৰ জন্ম হয়। ৰণবীৰ কাপুৰৰ জন্ম হৈছিল ঠিক দুবছৰৰ পিছত। পৰিয়াল পৰিচালনা কৰিবলৈ বিয়াৰ কেইবছৰমানৰ ভিতৰতে পৰ্দাৰ পৰা বিদায় লৈছিল নিতুৱে। অৱশ্যে ঋষি কাপুৰৰ মৃত্যুৰ পিছত পুনৰ নিয়মীয়াকৈ কাম কৰি আছে নিতু কাপুৰে।

 

অন্য খবৰ পঢ়কঃ মোৰ স্বামী আৰু কন্যাই লাজ পোৱা কাম মই… কিয় অশান্তি হৈছিল ঐশ্বৰ্য ৰায়ৰ পৰিয়ালত…

মৃত্যুৰ পিছত আত্মাৰ কি হয়? মৃত্যুৰ পিছত অস্তিত্ব থাকেনে?
নকৰিব এই ৫টা ভুল! অন্যথা ভৱিষ্যত হ'ব অন্ধকাৰ...
মহাকাশলৈ উৰা মৰা শুভাংশু শুক্লাই কিমান টকা লাভ কৰিব?
বাৰিষা ঋতুত পেটৰ সমস্যা কিয় হয়? জানক কি কি বস্তু খাব নালাগে