পাকিস্তানত এটা দিন কটাবলৈ ঐশ্বৰ্য ৰায়ে কিমান টকা লৈছিল জানেনে? শুনি হ’ব আচৰতি…

বলীউড জগতৰ এটি চৰ্চিত নাম ঐশ্বৰ্য ৰায় বচ্চন। কেৱল ছবি জগততে নহয়, সৌন্দৰ্যৰ ক্ষেত্ৰতো অভিনেত্ৰীগৰাকীৰ বিশেষ সুনাম আছে। অভিনেত্ৰীগৰাকীৰ সৌন্দৰ্যৰ অনুৰাগী সম্ভৱতঃ সমগ্ৰ বিশ্বতে আছে।

পাকিস্তানত এটা দিন কটাবলৈ ঐশ্বৰ্য ৰায়ে কিমান টকা লৈছিল জানেনে? শুনি হব আচৰতি...

ঐশ্বৰ্য ৰায় বচ্চন

Published: 

12 May 2025 | 12:09 PM

ছবিজগতৰ অন্যতম এটি চৰ্চিত নাম অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন। কেৱল ভাৰতত বুলিয়ে নহয় বিদেশতো অভিনেত্ৰীগৰাকীৰ বিশেষ সুনাম আছে। অভিনয়ৰ পৰা সৌন্দৰ্যলৈ, সকলো ক্ষেত্ৰতে জনতাৰ মন জয় কৰি আহিছে ঐশ্বৰ্য ৰায় বচ্চনে। অভিনেত্ৰীগৰাকীয়ে অভিনয়ৰ লগতে মডেলিং, বিভিন্ন অনুষ্ঠানত অংশ গ্ৰহণ কৰিও টকা উপাৰ্জন কৰে। কেৰিয়াৰৰ প্ৰথম অৱস্থাত তেওঁক বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰা দেখা গৈছিল যদিও আজিকালি কিছুমান বিশেষ অনুষ্ঠানতহে ঐশ্বৰ্য ৰায় বচ্চন উপস্থিত থাকে।

অৱশ্যে এটা সময় আছিল যেতিয়া দেশবিদেশৰ বিখ্যাত অনুৰাগীসকলে সুন্দৰী অভিনেত্ৰীগৰাকীক নিমন্ত্ৰণ কৰিব বিচাৰিছিল। খবৰ অনুসৰি, ২০০৮ চনত ঐশ্বৰ্যই এনে নিমন্ত্ৰণ গ্ৰহণ কৰিছিল।এছিয়ানেট নিউজৰ তথ্য অনুসৰি সেই সময়ৰ পাকিস্তানৰ ৰাষ্ট্ৰপতি আছিফ আলী জৰ্দাৰী আছিল ঐশ্বৰ্যৰ ডাঙৰ অনুৰাগী। এবাৰ তেওঁ এটা ইভেণ্টলৈ অভিনেত্ৰীগৰাকীক নিমন্ত্ৰণ জনাব বিচাৰিছিল।

সাধাৰণতে ঐশ্বৰ্যক বেছিভাগ মানুহেই পৃথিৱীৰ অন্যতম ধুনীয়া নাৰী বুলি গণ্য কৰে। গতিকে নিজৰ দেশৰ কোনো অনুষ্ঠানত সেই চেলিব্ৰিটিগৰাকীক কোনে নিবিচাৰিব? কোৱা হয় যে পাকিস্তানৰ এই ইচ্ছা পূৰণৰ বাবে পাকিস্তানৰ ৰাষ্ট্ৰপতিয়ে ১০ কোটি টকা খৰচ কৰিছিল। এতিয়ালৈকে ইয়াৰ কোনো প্ৰমাণ পোৱা নাই যদিও বিভিন্ন সংবাদ মাধ্যমত এই খবৰ প্ৰকাশ পাইছিল।ইয়াৰোপৰি এই বিষয়ত অভিনেত্ৰীগৰাকীয়েও কোনো মন্তব্য প্ৰদান কৰা নাছিল।

উল্লেখ কৰা প্ৰয়োজন যে, পাকিস্তানৰ ৰাষ্ট্ৰপতি বাগৃহত অনুষ্ঠিত হৈছিল এই অনুষ্ঠান। তেওঁ এই অনুষ্ঠানতে অংশগ্ৰহণ কৰা বুলি দাবী কৰা হয় যদিও আজি পৰ্যন্ত ইয়াৰ কোনো ফটো, ভিডিঅ’ প্ৰকাশ হোৱা নাই।

 

অন্য খবৰ পঢ়কঃ আনৰ ঘৰত কাম কৰি হৈছিল জনপ্ৰিয় অভিনেত্ৰী, পাছত স্বামীক বিশ্বাসঘাটকতা কৰি খুজিব লগা হৈছিল ভিক্ষা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...