মৃত্যুৰ ৬ দিনৰ পাছতো শেষকৃত্য সম্পন্ন হোৱা নাই কৰিশ্মাৰ প্ৰাক্তন স্বামী সঞ্জয়ৰ, আঁৰৰ কাৰণ কি?
কৰিশ্মাৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ মৃত্যুৰ প্ৰায় এসপ্তাহ হ’ল। কিন্তু আজিলৈ সঞ্জয়ৰ শেষ ৰীতি-নীতি সম্পন্ন হোৱা নাই। কৰিশ্মা আৰু সঞ্জয়ৰ সমগ্ৰ পৰিয়ালে মুম্বাইত শেষবাৰৰ বাবে তেওঁলোকৰ প্ৰাক্তন স্বামীক দেখাৰ বাবে অপেক্ষা কৰি আছে। তেওঁৰ মৃতদেহ আহি পোৱাত কিয় ইমান পলম হৈছে?

কৰিশ্মা কাপুৰ অৰু প্ৰাক্তন স্বামী সঞ্জয় কাপুৰ
প্ৰখ্যাত ব্যৱসায়ী তথা বলীউডৰ একালৰ মোহময়ী অভিনেত্ৰী কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ মৃত্যুৱে শেহতীয়া কিছুদিনৰ ব্যাপক চৰ্চা লাভ কৰিছে। কৰিশ্মাৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ মৃত্যুৰ প্ৰায় এসপ্তাহ হ’ল। কিন্তু আজিলৈ সঞ্জয়ৰ শেষ ৰীতি-নীতি সম্পন্ন হোৱা নাই। কৰিশ্মা আৰু সঞ্জয়ৰ সমগ্ৰ পৰিয়ালে মুম্বাইত শেষবাৰৰ বাবে তেওঁলোকৰ প্ৰাক্তন স্বামীক দেখাৰ বাবে অপেক্ষা কৰি আছে। তেওঁৰ মৃতদেহ আহি পোৱাত কিয় ইমান পলম হৈছে? ইয়াৰ আঁৰত সঞ্জয়ৰ পৰিয়ালত কিবা জটিলতা আছে নেকি?
তথ্য অনুসৰি সঞ্জয় লণ্ডনত থাকিলেও তেওঁ আমেৰিকাৰ নাগৰিক। আৰু লণ্ডনত তেওঁৰ মৃত্যু হয়। জানিব পৰা মতে, নাগৰিকত্ব আৰু মৃত্যুৰ স্থান সন্দৰ্ভত জটিলতাৰ বাবে সঞ্জয়ৰ মৃতদেহ মুম্বাইলৈ ঘূৰাই পঠোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে সঞ্জয়ৰ পৰিয়াল। আৰু সেইটোৱেই ইয়াৰ পলমৰ কাৰণ।
প্ৰসংগক্ৰমে সঞ্জয়ে প’ল’ খেলি বৰ ভাল পাইছিল। যেতিয়াই সুযোগ পালে প’লো খেলিবলৈ ওলাই আহিছিল। আনদিনাৰ দৰে ১২ জুনৰ বিয়লি সঞ্জয়ে প’ল’ খেলিবলৈ গৈছিল।প্ৰয়াত সঞ্জয় কাপুৰৰ ঘনিষ্ঠ সূত্ৰৰ মতে, “প’ল’ খেলি থাকোঁতে হঠাতে এটা মৌমাখি সঞ্জয়ৰ মুখত সোমাইছিল। মৌমাখিটোৱে ডিঙিৰ ভিতৰলৈ গৈ তেওঁক কামুৰিলে। বিপদৰ কথা উপলব্ধি কৰি সঞ্জয়ক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হ’ল। কিন্তু তেতিয়ালৈকে সঞ্জয়ৰ শৰীৰত বিষক্ৰিয়া আৰম্ভ হৈছিল। চিকিৎসকৰ মতে, এই বিষক্ৰিয়াৰ বাবে সঞ্জয় কাপুৰ হাৰ্ট এটেকত আক্ৰান্ত হয়। তাৰ পিছত চকুৰ পলকতে সঞ্জয়ে মৃত্যুক সাৱটি লয় ।
ইফালে সঞ্জয়ৰ মৃত্যুত শোক প্ৰকাশৰ সমানেই তেওঁৰ কোম্পানী ছ’না কমষ্টাৰৰ লগতে বিশাল আৰ্থিক সাম্ৰাজ্যৰ উত্তৰাধিকাৰী কোন হ’ব, সেই লৈয়ো যথেষ্ট চৰ্চা চলিছে। অভিনেত্ৰী কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰ আছিল বিশ্বৰ অন্যতম বৃহৎ অটো কম্পোনেণ্ট নিৰ্মাতা কোম্পানীটোৰ মুৰব্বী। ২০১৫ চনত পিতৃৰ মৃত্যুৰ পিছত তেওঁ দায়িত্ব গ্ৰহণ কৰিছিল আৰু কোম্পানীটোৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ছ’না কমষ্টাৰৰ বজাৰ মূল্য ৩১০০০ কোটি (প্ৰায় ৪ বিলিয়ন ডলাৰ) টকা হ’ব বুলিও প্ৰতিবেদনত প্ৰকাশ পাইছে।