কাপুৰ পৰিয়ালৰ সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীক, কৰিণাৰ সন্তানে পালে প্ৰধানমন্ত্ৰীৰ বিশেষ উপহাৰ

বলীউডৰ প্ৰসিদ্ধ অভিনেতা ৰাজ কাপুৰৰ ১০০তম জন্ম বাৰ্ষিকীলৈ কিছুদিন বাকী। এই অনুষ্ঠানৰ পূৰ্বে কাপুৰ পৰিয়ালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। এই দিনটোত কৰিণা কাপুৰৰ ইচ্ছা পূৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁৰ দুয়োজন পুত্ৰ টাইমুৰ আৰু জেহে লাভ কৰিছে প্ৰধানমন্ত্ৰীৰ পৰা বিশেষ উপহাৰ।

কাপুৰ পৰিয়ালৰ সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীক, কৰিণাৰ সন্তানে পালে প্ৰধানমন্ত্ৰীৰ বিশেষ উপহাৰ

কাপুৰ পৰিয়ালৰ সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীক

Updated On: 

11 Dec 2024 | 01:17 PM

বলীউডৰ প্ৰসিদ্ধ অভিনেতা ৰাজ কাপুৰৰ জন্ম জয়ন্তীলৈ কিছুদিন বাকী। এই বিশেষ অনুষ্ঠানৰ বাবে কাপুৰ পৰিয়ালে বহু পৰিকল্পনা কৰিছে। অহা ১৪ ডিচেম্বৰত চলচ্চিত্ৰ মহোৎসৱৰো আয়োজন কৰিছে। এই অনুষ্ঠানৰ পূৰ্বে শেহতীয়াকৈ সমগ্ৰ কাপুৰ পৰিয়ালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিবলৈ দিল্লীত উপস্থিত হৈছিল। প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছত কৰিণা কাপুৰে ইনষ্টাগ্ৰামত কিছু ফটো শ্বেয়াৰ কৰে। এই ফটোৰ মাজতে দেখা গ’ল কৰিণাৰ সন্তানক প্ৰধানমন্ত্ৰীয়ে বিশেষ উপহাৰ দিয়া।

আচলতে কাপুৰ পৰিয়ালৰ কোনো শিশুকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লগ কৰিবলৈ লৈ যোৱা হোৱা নাছিল। কাপুৰ পৰিয়ালৰ সদস্যসকলৰ ভিতৰত কৰিণা কাপুৰ, নীতু কাপুৰ, আলিয়া ভাট, ৰণবীৰ কাপুৰ, কৰিশ্মা কাপুৰ, ছেইফ আলী খানকে ধৰি বহু কেইজন লোক গৈছিল। কিন্তু প্ৰধানমন্ত্ৰীয়ে জেহ-টাইমুৰক যি উপহাৰ দিছে তাৰে ছবি ভাইৰেল হৈ পৰিছে।

প্ৰধানমন্ত্ৰীয়ে জেহ-টাইমুৰক কি উপহাৰ দিলে?

কৰিণা কাপুৰ খানে এই বিশেষ সভাৰ পিছত ইনষ্টাগ্ৰামত কিছুমান ফটো শ্বেয়াৰ কৰিছে। এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়েয়ে এখন কাগজত স্বাক্ষৰ কৰা দেখা গৈছে। একে সময়তে সন্মুখত দেখা গৈছে কৰীণা কাপুৰক। প্ৰকৃততে, কৰিণা কাপুৰ আৰু ছেইফ আলী খান দুয়োজন পুত্ৰৰ নাম এই কাগজত লিখা হৈছে আৰু প্ৰধানমন্ত্ৰীয়ে তেওঁলোক দুয়োৰে নামৰ ঠিক তলত তেওঁৰ স্বাক্ষৰ কৰিছে। কৰিণা কাপুৰ খানে তেওঁৰ পুত্ৰসকলৰ বাবে এই বিশেষ উপহাৰটো বিচাৰিছিল।

এই ছবিসমূহ শ্বেয়াৰ কৰাৰ সময়ত কৰিণাই লিখিছে – প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ কাপুৰৰ ১০০ বছৰীয়া জন্ম জয়ন্তীৰ পূৰ্বে আমাক নিমন্ত্ৰণ জনাইছিল। তেওঁক লগ যথেষ্ঠ ভাল লাগে। এই বিশেষ সময়খিনিৰ বাবে ধন্যবাদ।

ৰণবীৰ কাপুৰৰ ভগ্নীৰ সপোন পূৰণ

এই দিনটোত ৰণবীৰ কাপুৰৰ ভগ্নী ৰিদ্ধিমা সাহনীও প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে। সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰি লিখিছে যে, যি ভাবিছিলোঁ সেয়া হৈছে। ২০১৪ চনত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ শপত লোৱাৰ পৰাই সাক্ষাৎ কৰাৰ হেঁপাহ আছিল, যিটো এতিয়া পূৰণ হৈছে।

শীতত এই তিনিবিধ খাদ্য হৈ উঠিব আপোনাৰ হৃদযন্ত্ৰৰ শত্ৰু! বিপদৰ পূৰ্বে চাওক এতিয়াই
আলু বাকলিৰ উপকাৰিতা জানিলে পেলাবলৈ মন নকৰিব!
গুপ্তাংগত বিষ ? প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কৰে নেকি? নকৰিব ভুল!
ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?