কমেডিয়ান কপিল শৰ্মাৰ কেফেত পুনৰ গুলীচালনা, সামাজিক মাধ্যমযোগে দায়িত্ব স্বীকাৰ গুলীচালনাকাৰীৰ

কপিল শৰ্মাৰ কেফেখনক কেন্দ্ৰ কৰি তিনিজাঁই গুলীচালনা কৰা হৈছে বুলি জানিব পৰা গৈছে। এই ঘটনাৰ এক ভিডিঅ’ও সম্প্ৰতি পোহৰলৈ আহিছে।

কমেডিয়ান কপিল শৰ্মাৰ কেফেত পুনৰ গুলীচালনা, সামাজিক মাধ্যমযোগে দায়িত্ব স্বীকাৰ গুলীচালনাকাৰীৰ

কপিল শৰ্মা

Updated On: 

17 Oct 2025 00:09 AM

ধাৰাবাহিকভাৱে আক্ৰমণৰ লক্ষ্য হৈ পৰিছে জনপ্ৰিয় কমেডিয়ান কপিল শৰ্মাৰ কানাডাস্থিত কেফে। আজি পুনৰবাৰ কানাডাৰ ছাৰেস্থিত কমেডিয়ান কপিল শৰ্মাৰ কাপছ কেফেত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। কপিল শৰ্মাৰ কেফেখনক কেন্দ্ৰ কৰি তিনিজাঁই গুলীচালনা কৰা হৈছে বুলি জানিব পৰা গৈছে। এই ঘটনাৰ এক ভিডিঅ’ও সম্প্ৰতি পোহৰলৈ আহিছে। কমেডিয়ানগৰাকীৰ কেফেত সংঘটিত কৰা এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে গোল্ডি ধিলন আৰু কুলদীপ সিদ্ধুৱে।

সামাজিক মাধ্যমত এক পোষ্ট যোগে গোল্ডি ধিলন আৰু কুলদীপ সিদ্ধুৱে কপিল শৰ্মাৰ কেফেত হোৱা এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। পোষ্টটোত লিখা আছে, “ৱাহেগুৰু জী কা খালছা, ৱাহেগুৰু জী কি ফাতেহ… আজি ছাৰেৰ কাপছ কেফেত হোৱা তিনিজাঁই গুলীচালনাৰ দায়িত্ব মই কুলৱীৰ সিদ্ধু আৰু গোল্ডি ধিলনে লওঁ।”

কুলৱীৰ সিদ্ধুৱে সামাজিক মাধ্যম যোগে এই পোষ্টটো কৰিছে। পোষ্টটোত লগতে কোৱা হৈছে, “সাধাৰণ জনতাৰ সৈতে আমাৰ কোনো শত্ৰুতা নাই। যাৰ লগত আমাৰ বিবাদ হৈছে তেওঁলোকে আমাৰ পৰা আঁতৰি থাকিব লাগে। যিসকলে অবৈধ কামত লিপ্ত হয় আৰু কাম কৰোৱাৰ পিছত মানুহক দৰমহা নিদিয়ে তেওঁলোকেও সাজু হ’ব লাগে।”

পোষ্টটোত লগতে বলীউডত ধৰ্মৰ বিৰুদ্ধে কথা কোৱাসকলো সাজু হ’ব লাগে বুলি কোৱা হৈছে। কুলৱীৰ সিদ্ধুৰ স্পষ্ট দাবী, “যিকোনো ঠাইৰ পৰা গুলী আহিব পাৰে। ৱাহেগুৰু জী কা খালছা, ৱাহেগুৰু জি কি ফতেহ।” সম্প্ৰতি সামাজিক মাধ্যমত কুলদীপ সিদ্ধুৱে কৰা এই পোষ্টটো ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে।

ইয়াৰ পূৰ্বেও সংঘটিত হৈছে আক্ৰমণ

লক্ষণীয়ভাৱে ইতিপূৰ্বেও কপিল শৰ্মাৰ কেফেত গুলীচালনা সংঘটিত হৈছে বিগত আগষ্ট মাহত কেপছ কেফেত এই আক্ৰমণ সংঘটিত হৈছিল। এমাহৰ ভিতৰত এয়া আছিল দ্বিতীয়টো আক্ৰমণ। সেই সময়ত লৰেঞ্চ বিষ্ণৈ গেঙৰ সৈতে জড়িত গোল্ডি ধিলনে ছ’চিয়েল মিডিয়াত এটা পোষ্টযোগে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি কপিল শৰ্মাক ভাবুকি দিছিল।

মূলা খাই পাত পেলাই দিয়াৰ ভুল নকৰিব, এনে গুণাৱলীৰ কথা জানিলে হ’ব আচৰিত
কি কি অভ্যাসে বৈবাহিক জীৱনত বিভেদ আনে জানেনে?
সলনি হ'ব জীৱন, মাথোঁ হনুমানক আগবঢ়াওক এইসমূহ সামগ্ৰীৰ ভোগ
সোঁ চকু লৰা ভাল নে বেয়া? জানক ইয়াৰ কাৰণ...