Jaya Bachan: বোৱাৰীক প্ৰহাৰ! লগে লগে সহ-অভিনেতাক গোৰ মাৰিলে জয়াই, পাছত…

Jaya Bachan: অভিনেত্ৰী জয়া বচ্চনৰ কথা প্ৰায় সকলোৱে জানে। তেওঁৰ খং বহুত বেছি। কোৱা হয়, এই খঙৰ বাবে তেওঁৰ বোৱাৰীৰ সৈতেও সম্পৰ্ক ভাল নহয়। ইমানেই নহয়, তেওঁ সহ-অভিনেতাক প্ৰহাৰো কৰিছিল।

Jaya Bachan: বোৱাৰীক প্ৰহাৰ! লগে লগে সহ-অভিনেতাক গোৰ মাৰিলে জয়াই, পাছত...

Jaya Bachchan

Published: 

26 Sep 2025 | 12:55 PM

জয়া বচ্চনৰ স্বভাৱৰ বিষয়ে সমগ্ৰ বলীউডে জানে। বিভিন্ন সময়ত সামাজিক মাধ্যমত তেওঁৰ ভিডিঅ’ ভাইৰেল হৈ থাকে। বিভিন্ন সময়ত তেওঁ বহুতক বেয়া ব্যৱহাৰ কৰে। অনুৰাগীৰ পৰা আৰম্ভ কৰি অভিনেতা-অভিনেত্ৰী, পৰিয়ালৰ লোক আদি কোনোৱে সাৰি নাযায়। জয়াৰ খং বহুত বেছি। ইমানেই নহয়, তেওঁ সহ-অভিনেতাক লাঠ মৰাৰ দৰে কামো কৰিছিল।

এটা সাক্ষাৎকাৰত ভোজপুৰীৰ জনপ্ৰিয় অভিনেতা দীনেশ লাল যাদৱে জয়া বচ্চনৰ খঙৰ বিষয়ে মুকলিকৈ মন্তব্য কৰিছিল। তেওঁ জয়া বচ্চন আৰু অমিতাভ বচ্চনৰ সৈতে ভোজপুৰী ছবি ‘গংগাদেৱী’ত কাম কৰাৰ সুযোগ পাইছিল। অভিনেতাগৰাকীয়ে জনোৱা মতে সেই ছবিখনৰ শ্বুটিঙৰ সময়তে জয়াই তেওঁ লাঠ মাৰিছিল আৰু মাৰপিট কৰিছিল।

এই সাক্ষাৎকাৰত দীনেশে কয় যে আমি শ্বুটিংৰ সময়ত অমিতাভৰ সৈতে ধেমালি কৰি আছিলো। কিন্তু জয়জীক মই অলপ ভয় কৰিছিলো। সঁচাকৈ এদিন ছবি খনৰ শ্বুটিং চলি থকাৰ মাজত জয়া বচ্চনে মোক মাৰপিট কৰিছিল।

তেওঁ কয় যে, এই ছবিখনত জয়া বচ্চনে মোৰ মাৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনত এটা দৃশ্য আছিল যে, মই মোৰ পত্নীৰ গালত চৰ মাৰিম আৰু তাৰ বাবে জয়া বচ্চনে মোক মাৰিব।কিন্তু সঁচাকৈয়ে এই দৃশ্যটো শ্বুট কৰি থাকোতে জয়জীয়ে মোক লাঠ মাৰিছিল। মই তেওঁৰ এই কাৰ্যত আচৰিত হৈ পৰিছিলো। কিন্তু তেওঁ এই ক্ষেত্ৰত মোক বেছি ভাবিবলৈ বাধা দিছিল। দীনেশৰ মতে, জয়া আৰু অমিতাভৰ দৰে অভিনেতা-অভিনেত্ৰীৰ প্ৰহাৰো আশীৰ্বাদৰ দৰে।

উল্লেখ্য যে, জয়াৰ বেয়া ব্যৱহাৰৰ কথা প্ৰায় সকলোৱে জানে। বহুতে কয় যে, জয়াৰ খঙৰ বাবে তেওঁৰ বোৱাৰী ঐশ্বৰ্য ৰায়ৰ সৈতেও সম্পৰ্ক ভাল নহয়। খুব কম সময়তহে জয়াক হাঁহি-স্ফূৰ্তি বা অনন্দত থকা দেখা যায়।

 

অন্য খবৰ পঢ়কঃ মই গ’মেই পোৱা নাছিলো, মোৰ ওচৰত এজন ভগৱান আছিলঃ গৰিমা শইকীয়া

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...