মৃত্যু এতিয়া সহজ… জুবিনৰ গানেই যেন সকলো কৈ যায়! অনুৰাগীক কন্দুৱাই চিৰবিদায় ল’লে জুবিনে…

জুবিন গাৰ্গৰ মৃত্যু সাংস্কৃতিক জগতৰ অপূৰণীয় ক্ষতি। কোনে বিশ্বাস কৰিব হাঁহিমুখেৰে ওলাই যোৱা প্ৰিয় শিল্পীজন আকৌ ঘূৰি নাহে।

মৃত্যু এতিয়া সহজ... জুবিনৰ গানেই যেন সকলো কৈ যায়! অনুৰাগীক কন্দুৱাই চিৰবিদায় ললে জুবিনে...

জুবিন গাৰ্গ আৰু নাই!

Updated On: 

19 Sep 2025 | 06:35 PM

মৃত্যু সহজ নহয়! সকলোকে এৰি অজান মূলুকলৈ গ’ললৈ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। ছিংগাপুৰত জুবিনে কেইজনমান বন্ধুৰ সৈতে য়ট লৈ সাগৰলৈ গৈছিল। আটাইকেইজন বন্ধু লাইফ জেকেট পিন্ধি লগ হৈ সাগৰত সাঁতুৰিছিল। সাঁতুৰি থকাৰ সময়তে জুবিনৰ seizure attack আহিছিল। লগে লগে সকলো জুবিনৰ ওচৰলৈ দৌৰি গৈছিল আৰু জুবিনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। কিন্তু প্ৰায় দুইঘন্টামান ৰখা হৈছিল শিল্পীগৰাকীক।

ছিংগাপুৰত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় জুবিন গাৰ্গৰ। এয়া সাংস্কৃতিক জগতৰ অপূৰণীয় ক্ষতি। কোনে বিশ্বাস কৰিব হাঁহিমুখেৰে ওলাই যোৱা প্ৰিয় শিল্পীজন আকৌ ঘূৰি নাহে।

জুবিনৰ মৃত্যুৰ খবৰটো পাই শোকত ভাগি পৰিছে সকলো। আমি জাতিৰ সম্পদ হেৰুৱালো বুলি হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়, মৰমৰ জুবিন আৰু আমাৰ মাজত নাই…জাতিৰ অমূল্য সম্পদ আমি হেৰুৱালো।

ইফালে জুবিনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে সাংস্কৃতিক জগতৰ প্ৰতিগৰাকী শিল্পীয়ে। অসমীয়া হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ বলীউডৰ কণ্ঠশিল্পী জুবিন নদীয়ালৰ। সামাজিক মাধ্যমত দিছে পোষ্ট।

জুবিন গাৰ্গৰ মৃত্যুক সহজভাৱে লব পৰা নাই কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই।


ইফালে এই সত্য মানি লব পৰা নাই অসমৰ অভিনেত্ৰী বৰষা ৰাণী বিষয়ায়ো। সামাজিক মাধ্যমত বৰষাই দিছে এক আৱেগিক পোষ্ট।

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ঋতৃষা শৰ্মায়ো জুবিনৰ মৃত্যুত শোক প্ৰকাশ কৰি সামাজিক মাধ্যমত দিছে পোষ্ট।


জুবিনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বলীউডৰ মিউজিক কমপোজাৰ তথা কণ্ঠশিল্পী বিশাল মিশ্ৰয়ো।

জুবিন গাৰ্গৰ গানেৰে অসমত জনপ্ৰিয়তা লাভ কৰা কণ্ঠশিল্পী মৰ্মিতা মিত্ৰয়ো জুবিন গাৰ্গৰ লগত কৰা শেষৰ মেছেচসমূহ শ্বেয়াৰ কৰিছে।

জুবিন গাৰ্গৰ শোকত নিজকে স্বম্ভালিব পৰা নাই মৰ্মিতাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব